হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত ভূমিস্খলনৰ বাবে কেইবাখনো যাত্ৰীবাহী ৰে’লৰ চলাচল বাতিল

হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে অসমৰ জামিৰা আৰু মিজোৰামৰ বৈৰবীৰ মাজৰ ৰে’ল পথছোৱাৰে চলাচল কৰা কেইবাখনো যাত্ৰীবাহী ৰে’লগাড়ীৰ চলাচল বাতিল কৰা হৈছে। এই ভূমিস্খলনৰ ফলত আইজলৰ ছাইৰাং ৰে’ল ষ্টেচনৰ পৰা দেশৰ অন্যান্য প্ৰান্তলৈ যোৱা ৰে’লসমূহ বাতিল কৰাৰ লগতে গন্তব্য স্থান সলনি কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জনোৱা মতে কালি সন্ধিয়া প্ৰবল বৰষুণৰ ফলত ভূমিস্খলন হৈ জামিৰা আৰু বৈৰবীৰ মাজৰ ৰে’লপথৰ কটাখাল- বৈৰবী খণ্ড ক্ষতিগ্রস্ত হয়।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ক্ষতিগ্ৰস্ত ৰে’লপথছোৱা মেৰামতিৰ কাম চলাই থকাৰ লগতে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে। ভূমিস্খলনৰ ফলত প্ৰায় ৭০ মিটাৰ ৰে’লপথ ক্ষতিগ্রস্ত হয় বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। অঞ্চলটোত প্ৰত্যক্ষ পথ যোগাযোগৰ সুবিধা নথকাত পুনৰুদ্ধাৰ কাৰ্য অধিক প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।

ৰে’লপথ মেৰামতিৰ কাম অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী-ছাইৰাং এক্সপ্ৰেছ, শিলচৰ-বৈৰবী এক্সপ্ৰেছ, ছাইৰাং-কলকাতা এক্সপ্ৰেছ ৰে’লৰ সেৱা আজি বাতিল কৰাৰ বিপৰীতে বৈৰবী-শিলচৰ এক্সপ্ৰেছ আৰু শিলচৰ- ছাইৰাং এক্সপ্ৰেছ ৰে’লৰ সেৱা আজি আৰু কাইলৈৰ বাবে বাতিল কৰা হৈছে।

ইপিনে, ৰে’ল সেৱা বাতিলৰ ফলত আবদ্ধ হৈ পৰা যাত্ৰীসকলৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ব্যৱস্থা লৈছে বুলি জনসংযোগ বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে জামিৰা-বৈৰবী আৰু ছাইৰাং ষ্টেচনত যাত্ৰীসকলক খোৱাপানী আৰু লঘূ আহাৰৰ যোগান ধৰা হৈছে। তদুপৰি যাত্ৰীসকলক সঠিক তথ্যৰ যোগান, টিকটকে ধৰি অন্যান্য সুবিধা লাভৰ ক্ষেত্ৰত সহায়ৰ বাবে গুৱাহাটী, লামডিং, নাহৰলগুণ, বদৰপুৰ আৰু ছাইৰাঙত হেল্পডেস্ক স্থাপন কৰা হৈছে বুলি শ্ৰী শৰ্মাই প্ৰকাশ কৰে।