June 24, 2026 2:19 PM

views 21

ইৰানৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সামৰিক অভিযানত প্ৰতিবন্ধকতা আৰোপ কৰি দেশখনৰ ছিনেটত এখন বিধেয়ক গৃহীত হৈছে

ইৰানৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সামৰিক অভিযানত প্ৰতিবন্ধকতা আৰোপ কৰি দেশখনৰ ছিনেটত এখন বিধেয়ক গৃহীত হৈছে। সেই অনুসৰি এতিয়াৰে পৰা এনে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ হ'লে ৰাষ্ট্ৰপতি ট্রাম্পে সংসদৰ অনুমোদন গ্রহণ কৰিব লাগিব। বিধেয়কখনক লৈ যোৱা নিশা হোৱা ভোটগ্রহণত ৫০ গৰাকী সদস্যই ইয়াৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে ৪৮ গৰাকী ছিনেটৰে প্ৰস্তাৱটোৰ বিৰোধিতা কৰে। দেশখনৰ নিম্ন সদনত যোৱা মাহত বিধেয়কখন গৃহীত হৈছিল। অৱশ্যে, আমেৰিকা অথবা ইয়াৰ মিত্ৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে হ'বপৰা যিকোনো ধৰণৰ আক্ৰ...

June 24, 2026 2:16 PM

views 30

ভাৰতৰ বাণিজ্যৰ হাৰ বিগত বিত্তীয় বৰ্ষৰ শেষৰ তিনিটা মাহত ৫.৪ শতাংশ বৃদ্ধি

ভাৰতৰ বাণিজ্যৰ হাৰ বিগত বিত্তীয় বৰ্ষৰ শেষৰ তিনিটা মাহত ৫.৪ শতাংশ বৃদ্ধি পাইছে। নিটি আয়োগৰ উপাধ্যক্ষ ড০ অশোক কুমাৰ লাহিৰীয়ে আজি এই কথা প্ৰকাশ কৰে। নতুন দিল্লীত ট্রেড ৱাচৰ ত্রিমাসিক প্ৰতিবেদনৰ শেহতীয়া সংখ্যাটো উন্মোচন কৰি তেওঁ লগতে কয় যে বিত্তীয় বৰ্ষৰ শেষৰ তিনিটা মাহত ভাৰতৰ ৰপ্তানিৰ পৰিমাণ ১.৮৪ ত্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আমদানিৰ হাৰ ৬.৫ শতাংশলৈ বৃদ্ধি পাইছে।

June 24, 2026 2:14 PM

views 17

নতুন দিল্লীত কাইলৈ কেন্দ্ৰীয় বিদ্যালয়সমূহৰ ৩৬ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰতিযোগিতা ২০২৫-২৬ৰ বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন

নতুন দিল্লীত কাইলৈ কেন্দ্ৰীয় বিদ্যালয়সমূহৰ ৩৬ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰতিযোগিতা ২০২৫-২৬ৰ বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে অধ্যক্ষতা কৰিবলগীয়া এই অনুষ্ঠানত বিজয়ী শিক্ষাৰ্থী আৰু বিদ্যালয়সমূহক বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে বিগত ৩৮ বছৰ ধৰি কেন্দ্ৰীয় বিদ্যালয়সমূহৰ বাবে যুৱ সংসদ প্রতিযোগিতাৰ আয়োজন কৰি আহিছে। ৰাষ্ট্ৰীয় যুৱ সংসদ প্রতিযোগিতা আঁচনিৰ অধীনত সমগ্ৰ দেশৰ ২৫ টাৰো অধিক অঞ্চলৰ ২০০ খন বি...

June 24, 2026 1:49 PM

views 21

নগাঁও চহৰৰ আমোলাপট্টি নিবাসী বিশিষ্ট সমাজকর্মী, সংগঠক ৰেখা শৰ্মাৰ দেহাৱসান

নগাঁও চহৰৰ আমোলাপট্টি নিবাসী বিশিষ্ট সমাজকর্মী, সংগঠক ৰেখা শৰ্মাৰ আজি পুৱা নিজ বাসগৃহত দেহাৱসান ঘটে। অঞ্চলটোৰ বিভিন্ন ধৰণৰ সামাজিক কাম-কাজৰ সৈতে জড়িত, অসম আন্দোলনৰ অগ্ৰণী নেত্রী তথা বিজেপিৰ প্ৰাক্তন নেত্ৰী ৰেখা শৰ্মা সাহিত্য ৰচনাৰ সৈতেও জড়িত আছিল। ৯০ বছৰৰ ঊৰ্ধৰ মহিলাগৰাকীৰ বিয়োগত নগাঁও জিলা সাহিত্য সভাসহ বিভিন্ন সংস্থা-সংগঠন আৰু মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্রাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাকে ধৰি ব্যক্তি বিশেষে শোক প্রকাশ কৰিছে।

June 24, 2026 1:50 PM

views 17

ফিফা বিশ্বকাপত আজি কলম্বিয়াই কংগোক ১-০ গ’লত পৰাস্ত কৰে

ফিফা বিশ্বকাপ ফুটবলত আজি পুৱা গুৱাডালাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলম্বিয়াই কংগোক ১-০ গ’লত পৰাস্ত কৰে। কানাডাৰ ট্ৰণ্টো ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত গ্রুপ-এলৰ এখন খেলত ক্ৰৱেছিয়াই পানামাক ১-০ গ'লত পৰাস্ত কৰে। পানামাৰ খেলুৱৈসকলে খেলখনৰ শেষভাগত প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে তীব্র হেঁচা প্ৰয়োগ কৰিছিল যদিও ক্ৰৱেছিয়াৰ গ'লকিপাৰ ডমিনিক লিৱাকোভিচে কেইবাটাও গ'ল ৰক্ষা কৰি ক্ৰৱেছিয়াক বিজয়ৰ সোৱাদ দিয়ে। ইয়াৰ পূৰ্বে আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত গ্রুপ-কেৰ এখন খেলত কালি পর্তুগালে উজবেকিস্তানক ৫-০ গ'...

June 24, 2026 1:39 PM

views 25

অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাসাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি অসম চৰকাৰে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে

অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাসাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আৰু ইটানগৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি নামনি সোৱণশিৰি জিলাৰ বিভিন্ন অঞ্চলত বিগত ২৪ ঘণ্টাত প্রায় ৭২.৮ মিলিমিটাৰ বৰষুণ হয়। কৃত্ৰিম উপগ্ৰহ আৰু ৰাডাৰৰ জৰিয়তে লাভ কৰা ছবিৰ পৰা আজি পুৱা ৬ বজাৰ পৰা চাৰে ৭ বজাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আকস্মিক বানৰ সৃষ্টি হৈছে আৰু নৈসমূহ ফেনে-ফোটোকাৰে উফন্দি উঠিছে। ৰঙানদী জ...

June 24, 2026 1:33 PM

views 19

অসম-অৰুণাচলত ধাৰাসাৰ বৰষুণৰ ফলত ভিন্ন অঞ্চলত ভূমিস্খলন

অসম আৰু অৰুণাচলত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ভালেমান অঞ্চল ভূমিস্খলনৰ কৱলত পৰিছে। ডিব্ৰুগড় জিলাৰ জয়পুৰৰ সীমামূৰীয়া অঞ্চলতো শেহতীয়াকৈ ভয়ংকৰ ভূমিস্খলন হয়। বিশেষকৈ অসম-অৰুণাচলৰ সীমামূৰীয়া তিৰাপৰ দুটা স্থানত হোৱা ভূমিস্খলনৰ ফলত ৩১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ খহি পৰাত যাতায়াত বাধাগ্ৰস্ত হৈছে। তদুপৰি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে বুলিও আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে।

June 24, 2026 1:30 PM

views 13

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়াধীশ পি ভি নাগৰত্ন আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক জুলাই মাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নির্দেশ দিয়ে। জামিন আবেদনৰ শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ লন শ‍ইকীয়াই ভিডিঅ’ কনফাৰেঞ্চযোগে অংশ লয়। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ২৯ মে’ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল।

June 24, 2026 1:23 PM

views 22

ৰঙিয়া আৰু নগৰবেৰাত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ ৩ গৰাকী লোক মৃত্যুমুখত পৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ

কামৰূপ জিলাৰ ৰঙিয়া আৰু নগৰবেৰাত জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ তিনিগৰাকী লোক মৃত্যুমুখত পৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগে ভালেমান সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে জিলাখনৰ ঠায়ে ঠায়ে সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে ঔষধমিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা, সজাগতামূলক ৰাজহুৱা ঘোষণা, ধোঁৱা দিয়া আদি কাৰ্য ৰূপায়ণ কৰা হয়। তদুপৰি জিলাখনৰ গাহৰি পালন কৰা অঞ্চলসমূহত গাহৰিৰ তেজ পৰীক্ষা কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাত...

June 24, 2026 1:24 PM

views 22

ছোৱাইনফ্লু ৰোগ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা জাৰি

ৰাজ্য চৰকাৰে আফ্ৰিকান ছোৱাইনফ্লুৰ প্ৰাদুৰ্ভাৱলৈ চাই গাহৰি পালন খণ্ডত সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া জৈৱ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত এলানি নীতি-নিৰ্দেশনা জাৰি কৰিছে। ২০০৯ চনৰ পশুধন আইন, ১৯৬০ চনৰ জীৱ-জন্তুৰ প্ৰতি ক্ৰুৰতা প্ৰতিৰোধ আইন আৰু আফ্ৰিকান ছোৱাইন ফ্লু সম্পৰ্কীয় ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনাৰ সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা অনুসৰি এই নীতি- নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজ্যত যোৱা ১৯ জুনলৈ আফ্রিকান ছোৱাইন ফ্লুৰ ৯টা অভিকেন্দ্ৰ চিনাক্ত কৰা হৈছে।