হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত ৰে’লপথত হোৱা ভূমিস্খলনৰ ফলত অঞ্চলটোত ৰে’ল সেৱা ব্যাহত হৈছে। ভূমিস্খলনৰ ফলত এই ৰে’লপথেৰে চলাচল কৰা কেইবাখনো যাত্ৰীবাহী ৰে’লগাড়ীৰ চলাচল উত্তৰ-পূব সীমান্ত ৰেলৱেই বাতিল কৰিছে।
ৰে’ল বিভাগৰ উদ্ধৃতিৰে আকাশবাণীৰ হাইলাকান্দিৰ সংবাদদাতাই জানিবলৈ দিয়া মতে জামিৰা ৰে’ল ষ্টেচনৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ নিলগৰ ৰে’লপথত মাটি খহি পৰাৰ ফলত ৰে’ল চলাচল ব্যাহত হৈছে।
এই ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ছাইৰাং-গুৱাহাটী এক্সপ্ৰেছ ৰেলগাড়ীখন হাইলাকান্দি ৰেল ষ্টেচনত আবদ্ধ হৈ আছে। অসম আৰু মিজোৰামৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ এই ৰে’লপথত ৰে’ল সেৱা ব্যাহত হোৱাৰ ফলত যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। আনহাতে, ৰে’লপথ মুকলি কৰাৰ অভিযান অব্যাহত ৰখা উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই ভূমিস্খলনৰ ফলত যাত্রা বাতিল কৰা ৰে’লগাড়ীৰ যাত্ৰীসকলক ভাড়াৰ ধন ঘূৰাই দিয়াৰ ব্যৱস্থাৰ বিষয়ে ঘোষণা কৰিছে।