সমগ্ৰ দেশতে কাইলৈ শিক্ষক দিৱস উদযাপন কৰা হ’ব। এই উপলক্ষে কাইলৈ অসমতো ব্যাপক উৎসাহ-উদ্দীপনাৰে শিক্ষক দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানতে শিক্ষার্থীসকলে ব্যাপক প্রস্তুতি অব্যাহত ৰাখিছে।
শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যৰ ১৫ গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ’ব।
পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কাইলৈ শিক্ষক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ’ব।
দিনৰ ১১ বজাৰ পৰা হ’বলগীয়া এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
ইপিনে, জিলা পৰ্যায়ত কামৰূপ মহানগৰ জিলাৰ ১৭ গৰাকী শিক্ষকলৈ কৃতি শিক্ষকৰ বঁটা আগবঢ়োৱা হৈছে। জিলা পৰ্যায়ৰ বাচনি সমিতিৰ পৰামৰ্শ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অনুমোদন অনুসৰি আজি বঁটা লাভ কৰা শিক্ষকসকলৰ নাম ঘোষণা কৰা হয়।