September 4, 2026 9:33 PM

views 27

সমগ্ৰ দেশতে কাইলৈ শিক্ষক দিৱস উদযাপন

সমগ্ৰ দেশতে কাইলৈ শিক্ষক দিৱস উদযাপন কৰা হ'ব। এই উপলক্ষে কাইলৈ অসমতো ব্যাপক উৎসাহ-উদ্দীপনাৰে শিক্ষক দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানতে শিক্ষার্থীসকলে ব্যাপক প্রস্তুতি অব্যাহত ৰাখিছে। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যৰ ১৫ গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কাইলৈ শিক্ষক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। দিনৰ ১১ ব...

September 4, 2026 6:21 PM

views 20

ৰাজ্যৰ ১৫ গৰাকী শিক্ষকক কাইলৈ চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ’ব

ৰাজ্যৰ ১৫ গৰাকী শিক্ষকক কাইলৈ চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। ইপিনে, জিলা পৰ্যায়ত কামৰূপ মহানগৰ জিলাৰ ১৭ গৰাকী শিক্ষকলৈ কৃতি শিক্ষকৰ বঁটা আগবঢ়োৱা হৈছে। জিলা পৰ্যায়ৰ বাচনি সমিতিৰ পৰামৰ্শ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অনুমোদন অনুসৰি আজি বঁটা লাভ কৰা শিক্ষকসকলৰ নাম ঘোষণা কৰা হয়। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কাইলৈ শিক্ষক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। দিনৰ ১১ বজাৰ পৰা হ'বলগীয়া...

September 5, 2025 8:44 PM

views 73

NAAC-ৰ মূল্যায়ণত এ-গ্রেড লাভ কৰা ৬খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বৰ্ধনা

প্রসিদ্ধ শিক্ষাবিদ, দার্শনিক তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক কৃতী শিক্ষক বঁটাৰে সন্মানিত কৰে। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ, NAAC-ৰ মূল্যায়ণত এ-গ্রেড লাভ কৰা ৬খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বৰ্ধনা জনোৱা ...

September 5, 2024 8:57 PM

views 68

সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি আজি শিক্ষক দিৱস উদযাপন

শিক্ষাবিদ তথা প্রাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি আজি শিক্ষক দিৱস উদযাপন কৰা হয়। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দেশৰ বিভিন্ন প্ৰান্তৰ ৮২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ২০২৪ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা প্ৰদান কৰে। এই অনুষ্ঠানতে টেঙাখাতৰ চিচিয়া বকুলনি ছোৱালী উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক দীপেন খনিকৰে ৰাষ্ট্ৰপতিৰ হাতৰ পৰা কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰে। শিক্ষক আৰু পিতৃ-মাতৃসকলে সন্তানক মহিলাৰ মৰ্যাদা ...

September 3, 2024 12:17 PM

views 61

ৰাজ্যৰ মুঠ ১৩ গৰাকী শিক্ষককলৈ এই বৰ্ষৰ কৃতি শিক্ষকৰ সন্মান

৫ ছেপ্তেম্বৰত হ'বলগীয়া শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাসমূহ ঘোষণা কৰিছে। ৰাজ্যৰ মুঠ ১৩ গৰাকী শিক্ষকক এই বৰ্ষৰ কৃতি শিক্ষকৰ সন্মানেৰে বিভূষিত কৰা হ'ব। মাধ্যমিক শাখাত ৮ গৰাকী শিক্ষকলৈ এই বঁটা আগবঢ়োৱা হৈছে। তেওঁলোক হৈছে ডিব্ৰুগড়ৰ বিউতি লেখাৰু শ‍ইকীয়া, যোৰহাটৰ মণি দত্ত, লখিমপুৰৰ কল্পনা গগৈ, যোৰহাটৰ প্ৰশান্ত কুমাৰ মহন্ত, তিনিচুকীয়াৰ মিনু ৰাণী বৰা, বিশ্বনাথৰ ৰিপুঞ্জয় বৰদলৈ, কামৰূপৰ হীৰেন কুমাৰ দাস আৰু শিৱসাগৰৰ হীৰেন কুমাৰ নেওগ। আনহাতে প্রাথমিক শাখাত প...