৫ ছেপ্তেম্বৰত হ’বলগীয়া শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাসমূহ ঘোষণা কৰিছে। ৰাজ্যৰ মুঠ ১৩ গৰাকী শিক্ষকক এই বৰ্ষৰ কৃতি শিক্ষকৰ সন্মানেৰে বিভূষিত কৰা হ’ব। মাধ্যমিক শাখাত ৮ গৰাকী শিক্ষকলৈ এই বঁটা আগবঢ়োৱা হৈছে। তেওঁলোক হৈছে ডিব্ৰুগড়ৰ বিউতি লেখাৰু শইকীয়া, যোৰহাটৰ মণি দত্ত, লখিমপুৰৰ কল্পনা গগৈ, যোৰহাটৰ প্ৰশান্ত কুমাৰ মহন্ত, তিনিচুকীয়াৰ মিনু ৰাণী বৰা, বিশ্বনাথৰ ৰিপুঞ্জয় বৰদলৈ, কামৰূপৰ হীৰেন কুমাৰ দাস আৰু শিৱসাগৰৰ হীৰেন কুমাৰ নেওগ। আনহাতে প্রাথমিক শাখাত পাঁচ গৰাকী শিক্ষক ক্ৰমে ধেমাজিৰ গকুল চুতীয়া, কাছাৰ অতনু চৌধুৰী, দৰঙৰ ৰিজু ৰেখা দেৱী, ডিব্ৰুগড়ৰ সংগীতা দেৱী আৰু শিৱসাগৰৰ লোহিত চেতীয়াক কৃতি শিক্ষকৰ বঁটা আগবঢ়োৱা হৈছে। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকে কালি এই সম্বন্ধীয় নিৰ্দেশনা জাৰি কৰে। ডিব্ৰুগড়ত পৰহিলৈ ৰাজ্যিক ভিত্তিত হ’বলগীয়া শিক্ষক দিৱসৰ অনুষ্ঠানত বঁটাপ্ৰাপ্ত শিক্ষকসকলক উপস্থিত থাকিবলৈ কোৱা হৈছে। এই অনুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব।
Assamese | September 3, 2024 12:17 PM | Teachers day award
ৰাজ্যৰ মুঠ ১৩ গৰাকী শিক্ষককলৈ এই বৰ্ষৰ কৃতি শিক্ষকৰ সন্মান