সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি-নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন

সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি-নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে।

ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দিয়া এটা বাৰ্তাত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু শিকনিসমূহে দেশৰ সংস্কৃতি আৰু দার্শনিক ঐতিহ্যত এটা নতুন মাত্ৰা প্ৰদান কৰিছে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীকৃষ্ণৰ আদৰ্শক আঁকোৱালি লৈ বিকশিত ভাৰত আৰু সামগ্রিক বিকাশৰ বাবে অবিৰামভাৱে কাম কৰি যোৱাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়।

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে কয়, যে ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু বাৰ্তাই সত্য, ধৰ্ম, কৰ্তব্য আৰু সৎ আচৰণৰ পথ ল’বলৈ অনুপ্ৰাণিত কৰে। তেওঁ জনসাধাৰণক ভগৱান শ্ৰীকৃষ্ণৰ চিৰন্তন শিকনিসমূহক নিজৰ জীৱনত আঁকোৱালি লোৱাৰ সংকল্প লৈ সমাজত ঐক্য, শান্তি আৰু সম্প্ৰীতি শক্তিশালী কৰাত অৰিহণা যোগাবলৈ আহ্বান জনায়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক বাৰ্তাত নিঃস্বাৰ্থ কৰ্মৰ গভীৰ প্ৰেৰণা নিহিত হৈ আছে, যিয়ে মানৱতাক অহৰহ পথ প্ৰদৰ্শন কৰি আছে।

শ্ৰী মোদীয়ে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি আৰু পূজাৰ প্ৰতি উৎসর্গিত এই পৱিত্ৰ উৎসৱে সকলোৰে জীৱনত ইতিবাচক শক্তিৰ সঞ্চাৰ কৰাৰ কামনা কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ বাৰ্তাত ভগৱান শ্ৰীকৃষ্ণই সকলোকে আশীবাদ প্ৰদান কৰি থাকিব বুলি আশা প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জন্মাষ্টমী উপলক্ষে দিয়া বাৰ্তাত শ্ৰীকৃষ্ণৰ লীলাৰ ব্যাখ্যা থকা শ্ৰীমদ্ভভাগৱত গীতাই কৰ্তব্য, বিবেচনা আৰু সকলোৰে কল্যাণৰ প্ৰতি প্ৰেৰণা যোগায় বুলি মন্তব্য কৰে। তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ আশীষেৰে দেশৰ জনসাধাৰণৰ বাবে সুখ, শান্তি, সমৃদ্ধি আৰু মংগল কঢ়িয়াই আনে বুলি উল্লেখ কৰি প্ৰতিটো পৰিয়ালৰ জীৱন আনন্দ আৰু নতুন শক্তিৰে ভৰি পৰক বুলি আশা প্ৰকাশ কৰে।

শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে গকুল আৰু বৃন্দাবনৰ মন্দিৰসমূহৰ লগতে বাসগৃহসমূহো সজাই-পৰাই তোলা হৈছে। আমাৰ উত্তৰ প্ৰদেশৰ সংবাদদাতাই জানিবলৈ দিছে যে মথুৰা আৰু বৃন্দাবনত আজি নিশা ব্যাপক ৰূপত জন্মাষ্টমী উদযাপন কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।