September 4, 2026 6:17 PM

views 41

অসমতো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি পৰম্পৰাগত ৰীতি-নীতিৰে উৎসাহ-উদ্দীপনাৰে পালন

দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি পৰম্পৰাগত ৰীতি-নীতিৰে উৎসাহ- উদ্দীপনাৰে পালন কৰা হৈছে। ৰাজ্যৰ সত্ৰ-নামঘৰ আৰু মন্দিৰসমূহৰ লগতে ঘৰে ঘৰে জন্মাষ্টমী পালন কৰা হৈছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰতো বর্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী পালন কৰা হৈছে। বিগত বৰ্ষৰ দৰে এইবেলিও মন্দিৰৰ পৰম্পৰাগত ৰীতি-নীতিৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। দুপৰীয়া লগ্ন অনুসৰি মন্দিৰৰ বিগ্ৰহ মূল মণিকূটৰ পৰা উলিয়াই পূজাৰ বেদীত স্থাপন কৰি ...

September 4, 2026 4:34 PM

views 21

সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি-নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন

সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি-নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দিয়া এটা বাৰ্তাত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু শিকনিসমূহে দেশৰ সংস্কৃতি আৰু দার্শনিক ঐতিহ্যত এটা নতুন মাত্ৰা প্ৰদান কৰিছে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীকৃষ্ণৰ আদৰ্শক আঁকোৱালি লৈ বিকশিত ভাৰত আৰু সামগ্রিক বিকাশৰ বাবে অবিৰামভাৱে কাম কৰি যোৱাৰ বাব...