দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি পৰম্পৰাগত ৰীতি-নীতিৰে উৎসাহ- উদ্দীপনাৰে পালন কৰা হৈছে। ৰাজ্যৰ সত্ৰ-নামঘৰ আৰু মন্দিৰসমূহৰ লগতে ঘৰে ঘৰে জন্মাষ্টমী পালন কৰা হৈছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে।
উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰতো বর্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী পালন কৰা হৈছে। বিগত বৰ্ষৰ দৰে এইবেলিও মন্দিৰৰ পৰম্পৰাগত ৰীতি-নীতিৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। দুপৰীয়া লগ্ন অনুসৰি মন্দিৰৰ বিগ্ৰহ মূল মণিকূটৰ পৰা উলিয়াই পূজাৰ বেদীত স্থাপন কৰি পূজা-অৰ্চনা কৰা হয়।
হৈছে।
শিলচৰৰ শ্যাম সুন্দৰ আখৰা, ৰাধা মাধৱ আখৰা, গোপাল আখৰা, গৌৰী আদিতো জন্মাষ্টমীৰ আয়োজন কৰা মাজুলীৰ ৩৩খন সত্ৰ আৰু প্ৰায় ৩০০ শতাধিক নামঘৰত জন্মাষ্টমীৰ আয়োজন কৰা হৈছে।
ইপিনে, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নলবাৰী জিলাৰ উলাবৰীত পাগলাদিয়া নদীত এখন পৰম্পৰাগত নাও খেল প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। উলাবৰী হিতসাধিনী পুথিভঁৰালৰ উদ্যোগত আয়োজিত ৮৩ সংখ্যক নাও খেল প্রতিযোগিতাত ভিন্ন প্ৰান্তৰ পৰা অহা ১৫খন নাৱে অংশগ্ৰহণ কৰিছে।