গুৱাহাটী মহানগৰৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি অৰুণোদয় সাৰথি কর্মশালা তথা প্ৰশিক্ষণৰ বিশেষ কার্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কৰ্মশালাৰ অৰুণোদয় সাৰথিসকলৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গৰ সৈতে মত-বিনিময় কৰে। অৰুণোদয় আঁচনি অসমৰ তৃণমূল পৰ্যায়ত মহিলাসবলীকৰণৰ এক শক্তিশালী মাধ্যম বুলি বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
এই আঁচনিৰ ধন প্ৰদান ব্যৱস্থা আৰু অধিক সহজ লভ্য কৰি তুলিবলৈ এই অৰুণোদয় সাৰথি কৰ্মশালা আৰু প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত অংশগ্রহণ কৰি আঁচনিৰ সুবিধা তৃণমূল পৰ্যায়লৈ সঠিকভাৱে যোগান ধৰাতো সুনিশ্চিত কৰিবলৈ তেওঁ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে।
দিছপুৰৰ জনতা ভৱনত আজি বিয়লি বিত্তমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনি সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ পর্যালোচনা সভাত অংশগ্ৰহণ কৰে। এই সভাত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াৰ লগতে জিলাসমূহৰ আয়ুক্তসকলে অংশগ্ৰহণ কৰে।