বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি আমেৰিকাৰ এশ্বভিন্নত অনুষ্ঠিত জি-২০ৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৰ্ভনৰসকলৰ বৈঠকত অংশ লোৱাৰ সময়তে ইউৰোপৰ অৰ্থনীতিৰ আয়ুক্ত ভল্দিছ ডম্বভছস্কিচক সাক্ষাৎ কৰে। বিত্ত মন্ত্ৰালয়ৰ উদ্ধৃতি অনুসৰি দুয়োগৰাকী নেতাই ভাৰত-ইউৰোপীয় অর্থনৈতিক আৰু বিত্তীয় অংশীদাৰিত্ব শক্তিশালী কৰা আৰু বাণিজ্য তথা প্ৰযুক্তি পৰিষদৰ কাম-কাজকে ধৰি বিভিন্ন বিষয় লৈ আলোচনাত মিলিত হয়।
তেওঁলোকে ভাৰত-ইউৰোপীয় মুক্ত বাণিজ্য চুক্তি আৰু বিনিয়োগ সুৰক্ষা চুক্তি সন্দৰ্ভতো আলোচনা কৰে। ইয়াৰ লগতে জটিল কেঁচামাল আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি বহনক্ষম আৰু বৈচিত্র্যপূর্ণ যোগান শৃংখলা শক্তিশালীকৰণৰ বিষয়েও আলোচনাত স্থান লাভ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু ইউৰোপীয় ষ্টার্টআপৰ মাজত অধিক সংযোগ স্থাপনকে ধৰি ফিনটেক, এ আই আৰু জেনেৰেটিভ এ আই ক্ষেত্ৰত অধিক সহযোগিতাৰ সুযোগ অন্বেষণৰ প্ৰচেষ্টা চলায়।
ইয়াৰ আগেয়ে শ্ৰীমতী সীতাৰমণে সোমবাৰে এশ্বভিল্লত দক্ষিণ কোৰিয়াৰ উপ-প্রধানমন্ত্রী কু-য়ুন চেওলক সাক্ষাৎ কৰে। নেতা দুগৰাকীয়ে দ্বিপাক্ষিক অর্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত মত বিনিময় কৰে। তেওঁলোকে ভাৰত আৰু কোৰিয়াৰ কিউআৰৰ জৰিয়তে আন্তঃলেনদেন শক্তিশালী কৰাৰ প্ৰচেষ্টা সন্দৰ্ভতো কথা পাতে। এই ব্যৱস্থাৰ জৰিয়তে দুয়োখন দেশৰ মাজত অর্থনৈতিক আৰু জনসাধাৰণৰ মাজত সংযোগ শক্তিশালী হ’ব বুলি আশা কৰা হৈছে।