September 30, 2026 9:19 PM

views 17

কাটাৰৰ ব্যৱসায়ীসকলক ভাৰতৰ সৈতে বাণিজ্য আৰু বিনিয়োগ সহযোগিতাৰ সম্ভাৱনা সক্রিয়ভাৱে অন্বেষণ কৰিবলৈ বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ আহ্বান

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কাটাৰৰ ব্যৱসায়ীসকলক ভাৰতৰ সৈতে বাণিজ্য আৰু বিনিয়োগ সহযোগিতাৰ সম্ভাৱনা সক্রিয়ভাৱে অন্বেষণ কৰিবলৈ আৰু দ্বিপাক্ষিক অৰ্থনৈতিক সম্পর্ক অধিক সুদৃঢ় কৰিবলৈ আহ্বান জনাইছে। ডোহাত কাটাৰৰ ব্যৱসায়ী সংঘৰ ঘূৰণীয়া মেজমেলত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ভাৰতৰ শক্তিশালী অর্থনৈতিক বিকাশ, বর্ধিত বিনিয়োগ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত ৯ হাজাৰ ৪৫০ কোটিৰো অধিক ডলাৰৰ অভিলেখ পৰিমাণৰ মুঠ প্রত্যক্ষ বিদেশী বিনিয়োগ সন্দৰ্ভত আলোকপাত কৰে। জাপানৰ ক্রেডিট ৰেটিং সংস্থাই অলপতে ভাৰতৰ দীৰ্ঘ...

September 22, 2026 8:46 PM

views 18

ভাৰতৰ পৰৱৰ্তী পৰ্যায়ৰ অৰ্থনৈতিক বিকাশ গুণগত মানৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিব লাগিবঃ বিত্তমন্ত্রী নির্মলা সীতাৰমণ

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কয় যে ভাৰতৰ পৰৱৰ্তী পৰ্যায়ৰ অৰ্থনৈতিক বিকাশ গুণগত মানৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিব লাগিব। নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় ব্যৱস্থাপনা সংস্থাৰ ৫৩সংখ্যক ৰাষ্ট্ৰীয় ব্যৱস্থাপনা সন্মিলনত ভাষণ দি শ্ৰীমতী সীতাৰমণে কয় যে প্ৰতিটো কাৰখানাৰ মজিয়া, বৰ্ডৰুম, সেৱা কেন্দ্ৰ আৰু গৱেষণা তথা উন্নয়ন বিভাগ সমূহে অধিক উচ্চ মানদণ্ডৰ, ক্ৰুটিহীন আৰু অধিক নিৰ্ভৰযোগ্যতাৰ লক্ষ্যৰে কাম কৰিব লাগিব। শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে যে বিশ্ব অর্থনীতি বর্তমান এক অনিশ্চিত সময়ৰ মাজেৰে গ...

September 2, 2026 5:36 PM

views 32

ইউৰোপৰ অৰ্থনীতিৰ আয়ুক্ত ভল্‌দিছ ডম্বভছস্কিচক সাক্ষাৎ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি আমেৰিকাৰ এশ্বভিন্নত অনুষ্ঠিত জি-২০ৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৰ্ভনৰসকলৰ বৈঠকত অংশ লোৱাৰ সময়তে ইউৰোপৰ অৰ্থনীতিৰ আয়ুক্ত ভল্‌দিছ ডম্বভছস্কিচক সাক্ষাৎ কৰে। বিত্ত মন্ত্ৰালয়ৰ উদ্ধৃতি অনুসৰি দুয়োগৰাকী নেতাই ভাৰত-ইউৰোপীয় অর্থনৈতিক আৰু বিত্তীয় অংশীদাৰিত্ব শক্তিশালী কৰা আৰু বাণিজ্য তথা প্ৰযুক্তি পৰিষদৰ কাম-কাজকে ধৰি বিভিন্ন বিষয় লৈ আলোচনাত মিলিত হয়। তেওঁলোকে ভাৰত-ইউৰোপীয় মুক্ত বাণিজ্য চুক্তি আৰু বিনিয়োগ সুৰক্ষা চুক্তি সন্দৰ্ভতো আলোচনা কৰে। ইয়াৰ লগতে জ...

August 19, 2026 6:37 PM

views 22

ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ দেশখনলৈ ৰাওনা

ছিংগাপুৰৰত কাইলৈ হ'বলগীয়া ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ দেশখনলৈ ৰাওনা হৈছে। এই মেজমেল দুয়োদেশৰ মাজৰ ছটা গুৰুত্বপূৰ্ণ বিষয় নির্মাণখণ্ড, যোগাযোগ, ডিজিটেলাইজেছন, স্বাস্থ্য সেৱা আৰু ঔষধ, দক্ষতা বিকাশ আৰু বহনক্ষমতা এই ৬টা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আয়োজন কৰা হৈছে। বিত্তমন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, এই কাৰ্যাসূচীত ৬টা বিষয়ৰ ওপৰত আধাৰিত উন্নয়ন আৰু ভৱিষ্যতে ভাৰত-ছিংগাপুৰৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ জৰিয়তে সা-সুবিধা প্ৰসাৰ...

July 17, 2026 8:55 PM

views 35

‘‘প্রধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগী হৈছে প্ৰতিগৰাকী যোগ্য আৰু গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে বেংক সেৱাৰ সুবিধা সুনিশ্চিত কৰা’’- বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰণ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰণে কৈছে, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী হৈছে প্ৰতিগৰাকী যোগ্য আৰু গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে বেংক সেৱাৰ সুবিধা সুনিশ্চিত কৰা। কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ সৈতে অন্ধ্ৰ প্ৰদেশৰ পালনাড়ু জিলাত আয়োজিত এটা বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত ১ লাখ ৩ হাজাৰ ২৪৬ গৰাকী হিতাধিকাৰীৰ মাজত ৩ হাজাৰ ২১৬ কোটি টকাৰ ঋণ বিতৰণ কৰে। ইয়াৰ ভিতৰত কৃষিখণ্ডত দুহেজাৰ ৩৬৩ কোটি টকাৰ ঋণৰ লগ...

June 21, 2026 11:53 AM

views 34

বাহ্যিক সাহায্যপ্রাপ্ত প্রকল্পসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰিছে বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰকাশ

বাহ্যিক সাহায্যপ্রাপ্ত প্রকল্পসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰিছে বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰকাশ কৰিছে। মেঘালয়ত কালি জোৱাই নার্টিয়াং কড়িয়াপ খান্দুলি সংযোগী পথ প্রকল্প মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে বাহ্যিক সাহায্যপ্রাপ্ত প্ৰকল্পৰ অধীনত ঋণৰ প্ৰায় ৯০ শতাংশ কেন্দ্ৰীয় চৰকাৰে ঘূৰাই দিয়ে আৰু ৰাজ্য চৰকাৰসমূহে নামমাত্র ব্যয় বহন কৰে। এই ব্যৱস্থাৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ উপকৃত হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণ...

December 4, 2025 8:44 PM

views 95

কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ দুয়োখন সদনৰ অনুমোদন লাভ

ৰাজ্যসভাই আজি কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ গ্ৰহণ কৰি লোকসভালৈ ঘূৰাই পঠিওৱাৰ লগে লগে বিধেয়কখনে দুয়োখন সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে ১৯৪৪ চনৰ কেন্দ্ৰীয় আবকাৰি শুল্ক আইনৰ সংশোধন কৰিব বিচৰা হৈছে। ইয়াৰ জৰিয়তে বিশেষকৈ চিগাৰেট, চিগাৰ, হোকাত ব্যৱহাৰ কৰা মলা ধপাত, সুগন্ধি ধপাত, জর্দাসহ সকলো ধপাতৰ ওপৰত আৰোপিত আবকাৰি শুল্ক আৰু উপকৰ বৃদ্ধি কৰিব বিচৰা গৈছে। কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে আজি লোকসভাত এই বিধেয়কখন উত্থাপন কৰে। ৰাজ্যসভাত বিধেয়ক সন্দৰ্ভত হোৱা আলো...

September 25, 2025 9:50 PM

views 82

দেশৰ বিত্তীয় ব্যৱস্থাটো পৰিচালিত কৰি থকা বিত্তীয় সংস্থাসমূহে দেশখনৰ অৰ্থনীতিৰ বিকাশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰেঃ বিত্তমন্ত্রী

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কয়, যে দেশৰ বিত্তীয় ব্যৱস্থাটো পৰিচালিত কৰি থকা বিত্তীয় সংস্থাসমূহে দেশখনৰ অৰ্থনীতিৰ বিকাশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয়, যে দেশখনৰ অৰ্থব্যৱস্থাটো অধিক শক্তিশালী কৰি তুলিবলৈ বেংকসমূহে অনাগত দিনবোৰত পূৰ্বতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। পুনেত অনুষ্ঠিত বেংক অব্ মহাৰাষ্ট্ৰৰ ৯১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বিশেষ অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে বেংকসমূহে নতুন উদ্ভাৱনৰ জৰিয়তে অৰ্থনীতিখনৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগাব পাৰ...

September 5, 2025 8:56 PM

views 88

নতুন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবঃ বিত্তমন্ত্রী

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে নতুন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু এই ব্যৱস্থাই মূলধনী ব্যয়ত প্ৰভাৱ নেপেলায়। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত শ্ৰীমতী সীতাৰৰ্মনে কয় যে ৯৯% সামগ্ৰী আৰু সেৱা কৰ হয় শূন্য, নহয় ৫ৰ পৰা ১৮%  ভিতৰত ৰখা হৈছে। তেওঁ জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে সামগ্ৰী আৰু সেৱা কৰৰ ক্ষতিপূৰণ শুল্ক আৰু বিস্তৃত প্ৰস্তাৱ গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে পেট্ৰ'লিয়ামজাত সামগ্ৰী আৰু সুৰাৰ সামগ্ৰীক বৰ্তম...

April 9, 2025 3:22 PM

views 84

২০৩২ বৰ্ষত ভাৰত ষষ্ঠ বৃহৎ বীমা বজাৰ হোৱাৰ লক্ষ্যৰে সাজু হৈছে: বিত্তমন্ত্রী সীতাৰমণ

■ ভাৰতে বিদেশী বেংকৰ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চৰকাৰে বেংকিং ক্ষেত্ৰত বৈদেশিক বিনিয়োগৰ বাবে উৎসাহ যোগাই আহিছে। লণ্ডনত অনুষ্ঠিত ভাৰত-ব্ৰিটেইন বিনিয়োগকাৰীৰ ঘূৰণীয়া মেজমেলত কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এই কথা প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমনে বহনক্ষম অৰ্থনৈতিক বিকাশ আৰু বিনিয়োগৰ বাবে চৰকাৰে অগ্ৰাধিকাৰ দি অহাৰ কথাও উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০৩২ বৰ্ষত ভাৰত ষষ্ঠ বৃহৎ বীমা বজাৰ হোৱাৰ লক্ষ্যৰে সাজু হৈছে বুলি উল্লেখ কৰে।