কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কয়, যে দেশৰ বিত্তীয় ব্যৱস্থাটো পৰিচালিত কৰি থকা বিত্তীয় সংস্থাসমূহে দেশখনৰ অৰ্থনীতিৰ বিকাশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয়, যে দেশখনৰ অৰ্থব্যৱস্থাটো অধিক শক্তিশালী কৰি তুলিবলৈ বেংকসমূহে অনাগত দিনবোৰত পূৰ্বতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। পুনেত অনুষ্ঠিত বেংক অব্ মহাৰাষ্ট্ৰৰ ৯১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বিশেষ অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে বেংকসমূহে নতুন উদ্ভাৱনৰ জৰিয়তে অৰ্থনীতিখনৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগাব পাৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাগৰিক দেব ভব ধাৰণাক সন্মান জনাই শ্ৰীমতী সীতাৰমণে কয়, যে কৰ আৰু বেংক ব্যৱস্থাৰ আঁচনিসমূহ উপভোক্তা কেন্দ্ৰিক হোৱাটো প্রয়োজনীয়। এই অনুষ্ঠানত বিত্তমন্ত্ৰীগৰাকীয়ে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে বানেৰত এটা নতুন কার্যালয় উদ্বোধন কৰাৰ লগতে জেন লাইফ শীর্ষক এটা ম’বাইল বেংকিং এপ্লিকেচন মুকলি কৰে।
Assamese | September 25, 2025 9:50 PM | Akashvani | Akashvani News | FM Nirmala Nirmala Sitaraman | FM Nirmala Sitharaman
দেশৰ বিত্তীয় ব্যৱস্থাটো পৰিচালিত কৰি থকা বিত্তীয় সংস্থাসমূহে দেশখনৰ অৰ্থনীতিৰ বিকাশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰেঃ বিত্তমন্ত্রী