কাটাৰৰ ব্যৱসায়ীসকলক ভাৰতৰ সৈতে বাণিজ্য আৰু বিনিয়োগ সহযোগিতাৰ সম্ভাৱনা সক্রিয়ভাৱে অন্বেষণ কৰিবলৈ বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ আহ্বান

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কাটাৰৰ ব্যৱসায়ীসকলক ভাৰতৰ সৈতে বাণিজ্য আৰু বিনিয়োগ সহযোগিতাৰ সম্ভাৱনা সক্রিয়ভাৱে অন্বেষণ কৰিবলৈ আৰু দ্বিপাক্ষিক অৰ্থনৈতিক সম্পর্ক অধিক সুদৃঢ় কৰিবলৈ আহ্বান জনাইছে।

ডোহাত কাটাৰৰ ব্যৱসায়ী সংঘৰ ঘূৰণীয়া মেজমেলত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ভাৰতৰ শক্তিশালী অর্থনৈতিক বিকাশ, বর্ধিত বিনিয়োগ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত ৯ হাজাৰ ৪৫০ কোটিৰো অধিক ডলাৰৰ অভিলেখ পৰিমাণৰ মুঠ প্রত্যক্ষ বিদেশী বিনিয়োগ সন্দৰ্ভত আলোকপাত কৰে।

জাপানৰ ক্রেডিট ৰেটিং সংস্থাই অলপতে ভাৰতৰ দীৰ্ঘম্যাদী ৰেটিং উন্নত কৰা বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে শ্ৰীমতী সীতাৰমণে কাটাৰৰ বিদেশ বাণিজ্য দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ আহমদ বিন মহম্মদ অল ছইদক সাক্ষাৎ কৰে।

সাক্ষাৎকালত তেওঁলোকে আন্তঃগাঁথনি, খাদ্য সুৰক্ষা, ভেষজ, পেট্ৰ’ ৰাসায়নিক, শিক্ষা, স্বাস্থ্য সেৱা আৰু ষ্টার্টআপকে ধৰি বিভিন্ন ক্ষেত্ৰত বিনিয়োগ সুযোগ সম্পর্কে আলোচনা কৰে। বিত্তমন্ত্ৰী সীতাৰমণে আলোচনাকালত কাটাৰ আৰু পাৰস্য উপসাগৰীয় অঞ্চলৰ অন্য দেশসমূহৰ সৈতে হৰমুজ প্রণালীৰে অবাধ সামুদ্রিক পৰিবহণ আৰু ব্যৱসায়কে ধৰি স্বাভাৱিক বাণিজ্য বাহাল কৰাত গুৰুত্ব আৰোপ কৰে।