October 5, 2026 2:25 PM

views 6

ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ প্ৰশংসা

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক প্ৰশংসা কৰি কয় যে এই চুক্তিয়ে বাণিজ্য চুক্তি সন্দৰ্ভত আলোচনা আৰু চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত মিউনিখ নেতৃবৃন্দৰ বৈঠকত দিয়া ভাষণত শ্ৰীমতী সীতাৰমনে কয় যে সকলো চুক্তিৰ ভেটি হিচাপে অভিহিত এই চুক্তিয়ে প্রায় ২ বিলিয়ন লোকক প্ৰতিনিধিত্ব কৰা অৰ্থনীতি আৰু বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় এক-চতুর্থাংশ সামৰি লৈছে। বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিয়ে প্রতিযোগি...

September 30, 2026 9:19 PM

views 11

কাটাৰৰ ব্যৱসায়ীসকলক ভাৰতৰ সৈতে বাণিজ্য আৰু বিনিয়োগ সহযোগিতাৰ সম্ভাৱনা সক্রিয়ভাৱে অন্বেষণ কৰিবলৈ বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ আহ্বান

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কাটাৰৰ ব্যৱসায়ীসকলক ভাৰতৰ সৈতে বাণিজ্য আৰু বিনিয়োগ সহযোগিতাৰ সম্ভাৱনা সক্রিয়ভাৱে অন্বেষণ কৰিবলৈ আৰু দ্বিপাক্ষিক অৰ্থনৈতিক সম্পর্ক অধিক সুদৃঢ় কৰিবলৈ আহ্বান জনাইছে। ডোহাত কাটাৰৰ ব্যৱসায়ী সংঘৰ ঘূৰণীয়া মেজমেলত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ভাৰতৰ শক্তিশালী অর্থনৈতিক বিকাশ, বর্ধিত বিনিয়োগ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত ৯ হাজাৰ ৪৫০ কোটিৰো অধিক ডলাৰৰ অভিলেখ পৰিমাণৰ মুঠ প্রত্যক্ষ বিদেশী বিনিয়োগ সন্দৰ্ভত আলোকপাত কৰে। জাপানৰ ক্রেডিট ৰেটিং সংস্থাই অলপতে ভাৰতৰ দীৰ্ঘ...

September 22, 2026 8:46 PM

views 13

ভাৰতৰ পৰৱৰ্তী পৰ্যায়ৰ অৰ্থনৈতিক বিকাশ গুণগত মানৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিব লাগিবঃ বিত্তমন্ত্রী নির্মলা সীতাৰমণ

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কয় যে ভাৰতৰ পৰৱৰ্তী পৰ্যায়ৰ অৰ্থনৈতিক বিকাশ গুণগত মানৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিব লাগিব। নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় ব্যৱস্থাপনা সংস্থাৰ ৫৩সংখ্যক ৰাষ্ট্ৰীয় ব্যৱস্থাপনা সন্মিলনত ভাষণ দি শ্ৰীমতী সীতাৰমণে কয় যে প্ৰতিটো কাৰখানাৰ মজিয়া, বৰ্ডৰুম, সেৱা কেন্দ্ৰ আৰু গৱেষণা তথা উন্নয়ন বিভাগ সমূহে অধিক উচ্চ মানদণ্ডৰ, ক্ৰুটিহীন আৰু অধিক নিৰ্ভৰযোগ্যতাৰ লক্ষ্যৰে কাম কৰিব লাগিব। শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে যে বিশ্ব অর্থনীতি বর্তমান এক অনিশ্চিত সময়ৰ মাজেৰে গ...

August 19, 2026 6:37 PM

views 15

ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ দেশখনলৈ ৰাওনা

ছিংগাপুৰৰত কাইলৈ হ'বলগীয়া ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ দেশখনলৈ ৰাওনা হৈছে। এই মেজমেল দুয়োদেশৰ মাজৰ ছটা গুৰুত্বপূৰ্ণ বিষয় নির্মাণখণ্ড, যোগাযোগ, ডিজিটেলাইজেছন, স্বাস্থ্য সেৱা আৰু ঔষধ, দক্ষতা বিকাশ আৰু বহনক্ষমতা এই ৬টা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আয়োজন কৰা হৈছে। বিত্তমন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, এই কাৰ্যাসূচীত ৬টা বিষয়ৰ ওপৰত আধাৰিত উন্নয়ন আৰু ভৱিষ্যতে ভাৰত-ছিংগাপুৰৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ জৰিয়তে সা-সুবিধা প্ৰসাৰ...

July 17, 2026 8:55 PM

views 30

‘‘প্রধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগী হৈছে প্ৰতিগৰাকী যোগ্য আৰু গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে বেংক সেৱাৰ সুবিধা সুনিশ্চিত কৰা’’- বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰণ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰণে কৈছে, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী হৈছে প্ৰতিগৰাকী যোগ্য আৰু গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে বেংক সেৱাৰ সুবিধা সুনিশ্চিত কৰা। কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ সৈতে অন্ধ্ৰ প্ৰদেশৰ পালনাড়ু জিলাত আয়োজিত এটা বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত ১ লাখ ৩ হাজাৰ ২৪৬ গৰাকী হিতাধিকাৰীৰ মাজত ৩ হাজাৰ ২১৬ কোটি টকাৰ ঋণ বিতৰণ কৰে। ইয়াৰ ভিতৰত কৃষিখণ্ডত দুহেজাৰ ৩৬৩ কোটি টকাৰ ঋণৰ লগ...

July 13, 2026 8:20 PM

views 25

ৰাজহুৱা খণ্ডৰ বেংকসমূহক প্ৰৱাসী ভাৰতীয় এন আৰ আইসকলক সামৰি লব পৰাকৈ উদ্ভাৱনীমূলক নতুন জমা আঁচনি আৰম্ভ কৰিবলৈ আহ্বান বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজহুৱা খণ্ডৰ বেংকসমূহক প্ৰৱাসী ভাৰতীয় এন আৰ আইসকলক সামৰি লব পৰাকৈ উদ্ভাৱনীমূলক নতুন জমা আঁচনি আৰম্ভ কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত বেংক আৰু ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ব্যৱস্থাপক সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰি তেওঁ ধন আহৰণৰ গতি অব্যাহত ৰখাৰ বাবে এন আৰ আই সকলক সংযুক্ত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰে। মত-বিনিময়ৰ সময়ত বেংক আৰু ৰাজহুৱা বিত্তীয় প্রতিষ্ঠানসমূহৰ ব্যৱস্থাপক সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলে বিত্তমন্ত্ৰীক ...

June 9, 2026 7:47 PM

views 28

বিত্ত মন্ত্রী নির্মলা সীতাৰমনে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ’ চৰকাৰে খণ্ডন কৰিছে

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ভিডিঅ'টো ভুৱা আৰু কৃত্রিম বুদ্ধিমত্তা প্রযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বুলি প্ৰকাশ কৰিছে। গোটটোৱে লগতে বিত্তমন্ত্ৰীগৰাকীয়ে তেনে কোনো আঁচনিৰ প্ৰতি সমৰ্থন আগবঢ়োৱা নাই বুলি স্পষ্ট কৰি দিছে। অনলাইন ব্যৱস্থাৰে জনসাধাৰণক প্ৰৱঞ্চনা কৰাৰ উদ্দেশ্যে এনে ধৰণৰ ভুৱা ভিডিঅ' প্ৰচাৰ কৰা হয় বুলি ...

September 4, 2025 3:51 PM

views 39

জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছেঃ বিত্তমন্ত্ৰী

● জি এছ টি পৰিষদে জনসাধাৰণ, কৃষক আৰু কৃষি, স্বাস্থ্য খণ্ড, উদ্যোগকে ধৰি অৰ্থনীতিৰ মূল খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি সামগ্ৰী আৰু সেৱা কৰৰ যুক্তিগত সংস্কাৰ সাধনত অনুমোদন জনাইছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সাধাৰণ লোক আৰু মধ্যবিত্ত সামগ্ৰীসমূহৰ ওপৰত থকা জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে ব্যক্তিগত জীৱন বীমা আঁচনি, স্বাস্থ্য বীমা আঁচনি তথা জ্যেষ্ঠ নাগৰিকৰ বাবে থকা আঁচনিসমূহৰ ক্ষেত্ৰত থকা ...

February 17, 2025 8:33 PM

views 70

মুম্বাইত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে উমৈহতীয়া ঋণ নিশ্চয়তা আঁচনিৰ শুভাৰম্ভ বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি মুম্বাইত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে উমৈহতীয়া ঋণ নিশ্চয়তা আঁচনিৰ শুভাৰম্ভ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে ইয়াৰ ফলত যোৱা ৩ খন বাজেটত গুৰুত্ব আৰোপ কৰা ক্ষুদ্র, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডসমূহৰ উত্থান সম্ভৱ হ'ব। এই আঁচনিখনৰ জৰিয়তে বন্ধকী অবিহনে যন্ত্রপাতি বা সঁজুলি ক্ৰয়ৰ বাবে ক্ষুদ্র, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক এশ কোটি টকা পর্যন্ত ঋণৰ সুবিধা প্ৰদান কৰা হ'ব। ভাল লাভ আশা কৰা বিনিয়োগকাৰীসকলক ভাৰতে উপযুক্ত লাভ প...

October 23, 2024 5:51 PM

views 63

পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ হুৱাৰ্টন বিজনেছ স্কুলত মত বিনিময় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আয়ুষ্মমান ভাৰত আঁচনিখনক সবাতোকৈ উৎকৃষ্ট সামাজিক নিৰাপত্তামূলক আঁচনিসমূহৰ অন্যতম বুলি অভিহিত কৰিছে। আমেৰিকাৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ হুৱাৰ্টন বিজনেছ স্কুলত এটা মত বিনিময় অনুষ্ঠানত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে, এই আঁচনিৰ জৰিয়তে জনসাধাৰণৰ স্বাস্থ্য বীমা কৰা হৈছে আৰু ইয়াৰ অধীনত ৬ কোটি ৩০ লাখতকৈও অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁ লগতে কোনো এজন লোকৰ ব্যক্তিগত বা আর্থিক অৱস্থা নির্বিশেষে এই আঁচনিৰ অধীনত ৭০ বছৰৰ ঊৰ্ধৰ প্ৰতিগৰাকী লোককে সম্প্ৰতি সামৰি ল...