September 11, 2024 11:36 AM

views 74

ব্ৰহ্মপুত্র উপত্যকা সাৰ নিগমক পুনৰ জীৱিতকৰণৰ বাবে বিত্তমন্ত্রীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

■ ব্ৰহ্মপুত্র উপত্যকা সাৰ নিগমক পুনৰ জীৱিতকৰণৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ সৈতে আলোচনাত মিলিত হয়। এই সাক্ষাতত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ কাষত এখন নতুন উপগ্রহীয় মহানগৰ নিৰ্মাণৰ বিষয়টো লৈয়ো বিত্তমন্ত্ৰীগৰাকীৰ সৈতে কথা পাতে। এই মহানগৰ নিৰ্মাণৰ ক্ষেত্ৰত মুখ্যমন্ত্রী শর্মাই কেন্দ্রীয় বিত্তমন্ত্রীগৰাকৰ সমর্থন বিচাৰে আৰু পৰামর্শ গ্রহণ কৰে। শ্রীমতী সীতাৰমনক সাক্ষাতৰ পাছত সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ত...