ভাৰতৰ পৰৱৰ্তী পৰ্যায়ৰ অৰ্থনৈতিক বিকাশ গুণগত মানৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিব লাগিবঃ বিত্তমন্ত্রী নির্মলা সীতাৰমণ

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কয় যে ভাৰতৰ পৰৱৰ্তী পৰ্যায়ৰ অৰ্থনৈতিক বিকাশ গুণগত মানৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিব লাগিব।

নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় ব্যৱস্থাপনা সংস্থাৰ ৫৩সংখ্যক ৰাষ্ট্ৰীয় ব্যৱস্থাপনা সন্মিলনত ভাষণ দি শ্ৰীমতী সীতাৰমণে কয় যে প্ৰতিটো কাৰখানাৰ মজিয়া, বৰ্ডৰুম, সেৱা কেন্দ্ৰ আৰু গৱেষণা তথা উন্নয়ন বিভাগ সমূহে অধিক উচ্চ মানদণ্ডৰ, ক্ৰুটিহীন আৰু অধিক নিৰ্ভৰযোগ্যতাৰ লক্ষ্যৰে কাম কৰিব লাগিব।

শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে যে বিশ্ব অর্থনীতি বর্তমান এক অনিশ্চিত সময়ৰ মাজেৰে গতি কৰিছে আৰু বিশ্ব বাণিজ্য তথা যোগান শৃংখলাৰ গাঁথনিতো এক সমান্তৰাল পৰিৱৰ্তন ঘটিছে। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এনে পৰিস্থিতিত স্থিতিস্থাপকতাৰ অৰ্থ অর্থনৈতিক বিচ্ছিন্নতাবাদ বা বিশ্বৰ পৰা নিজকে আঁতৰাই ৰখা নহয়।

তেওঁ কয় যে স্থিতিস্থাপকতাৰ অৰ্থ হৈছে ভাৰতৰ বাবে শক্তিশালী ঘৰুৱা উৎপাদন ক্ষমতা, বিত্তীয় শক্তি আৰু ঔদ্যোগিক পৰিসৰ গঢ়ি তোলা, যাতে বিশ্বব্যাপী হোৱা যিকোনো সংকটৰ প্ৰভাৱে ৰাষ্ট্ৰীয় উন্নয়ন ব্যাহত নকৰে। তেওঁ কয় যে বিশ্ব অর্থনৈতিক বিকাশৰ হাৰ তিনি শতাংশৰ তললৈ হ্ৰাস পাইছে যদিও ভাৰতীয় অর্থনীতি প্রায় ৮ শতাংশৰ হাৰত বৃদ্ধি পাই আছে।

তেওঁ লগতে কয় যে শেহতীয়া ত্রৈমাসিকত অধিকাংশ পূর্বানুমানতকৈ শক্তিশালী অর্থনৈতিক বিকাশৰ হাৰ পৰিলক্ষিত হৈছে। শ্ৰীমতী সীতাৰমণে কয় যে এই অর্থনৈতিক স্থিৰতাই বিশ্ববাসীক ভাৰতৰ প্ৰতি নতুন দৃষ্টিৰে চাবলৈ উৎসাহিত কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।