ছিংগাপুৰৰত কাইলৈ হ’বলগীয়া ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ দেশখনলৈ ৰাওনা হৈছে।
এই মেজমেল দুয়োদেশৰ মাজৰ ছটা গুৰুত্বপূৰ্ণ বিষয় নির্মাণখণ্ড, যোগাযোগ, ডিজিটেলাইজেছন, স্বাস্থ্য সেৱা আৰু ঔষধ, দক্ষতা বিকাশ আৰু বহনক্ষমতা এই ৬টা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আয়োজন কৰা হৈছে।
বিত্তমন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, এই কাৰ্যাসূচীত ৬টা বিষয়ৰ ওপৰত আধাৰিত উন্নয়ন আৰু ভৱিষ্যতে ভাৰত-ছিংগাপুৰৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ জৰিয়তে সা-সুবিধা প্ৰসাৰ সম্পৰ্কে আলোচনা কৰা হ’ব।