কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰণে কৈছে, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী হৈছে প্ৰতিগৰাকী যোগ্য আৰু গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে বেংক সেৱাৰ সুবিধা সুনিশ্চিত কৰা।
কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ সৈতে অন্ধ্ৰ প্ৰদেশৰ পালনাড়ু জিলাত আয়োজিত এটা বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত ১ লাখ ৩ হাজাৰ ২৪৬ গৰাকী হিতাধিকাৰীৰ মাজত ৩ হাজাৰ ২১৬ কোটি টকাৰ ঋণ বিতৰণ কৰে। ইয়াৰ ভিতৰত কৃষিখণ্ডত দুহেজাৰ ৩৬৩ কোটি টকাৰ ঋণৰ লগতে অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বাবে ৩২৫ কোটি টকা আৰু গৃহ নিৰ্মাণ, শিক্ষা, যান-বাহন তথা সৌৰ শক্তি আদি খণ্ডৰ বাবে ৬২৪ কোটি টকাৰ ঋণ বিতৰণ কৰা হয়৷
এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্রীমতী সীতাৰমণে কয়, যে ২০১৪ চনৰ পৰাই বেংক সেৱা প্ৰতিখন গাঁৱলৈ লৈ যোৱাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ জৰিয়তে কৃষক, কৃষি শ্রমিক, বস্ত্ৰ শিল্পী আৰু প্ৰতিটো বৃত্তিৰ সৈতে জড়িত লোকসকলক প্রতিষ্ঠানগত বেংকৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ লগতে উল্লেখ কৰে।
কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে ক্ষুদ্র কৃষক, মাছমৰীয়া, পদপথৰ বেপাৰী আৰু অন্যান্য ক্ষেত্ৰত স্ব-নিয়োজিত ব্যক্তিসকলক বন্ধকীমুক্ত ঋণ প্ৰদানৰ বাবে চৰকাৰী সমর্থনপ্রাপ্ত গেৰাণ্টি আঁচনিৰ প্ৰৱৰ্তন কৰিছে।
শ্ৰীমতী সীতাৰমণে কয়, যে বেংকসমূহে গাঁওসমূহলৈ গৈ যোগ্য হিতাধিকাৰীক চিনাক্ত কৰাৰ লগতে তেওঁলোকক আন ব্যক্তিৰ সহায় নোহোৱাকৈ ঋণৰ সুবিধা প্ৰদান কৰি নিজৰ দৃষ্টিভংগী সলনি কৰিছে। মন্ত্ৰীগাৰাকীয়ে বেংকৰ পৰা লাভ কৰা সাহায্য উৎপাদনশীল কামত ব্যৱহাৰ কৰাৰ লগতে ২০৪৫ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ প্ৰতি অৱদান আগবঢ়াব পৰাকৈ জীৱিকাৰ মান উন্নত কৰাৰ বাবে হিতাধিকাৰীসকলৰ প্রতি আহ্বান জনায়।
অন্ধ্র প্রদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে কয়, যে এনেধৰণৰ ঋণ প্রদান কাৰ্য্যসূচীয়ে আত্ম-সহায়ক গোট, কৃষক, উদ্যোগী, উদ্যোগপতি তথা পদপথৰ ব্যৱসায়ীসকলক সময়মতে ঋণৰ সুবিধা প্ৰদান কৰি তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাত সহায় কৰিব। ৰাজ্যখনলৈ কেন্দ্ৰই আগবঢ়োৱা সমর্থনৰ শলাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্য চৰকাৰে ২০৪৭ চনৰ ভিতৰত এখন সুস্থ, সমৃদ্ধিশালী আৰু সুখী সমাজ গঠনৰ বাবে কাম কৰি আছে।