ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ প্ৰশংসা

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক প্ৰশংসা কৰি কয় যে এই চুক্তিয়ে বাণিজ্য চুক্তি সন্দৰ্ভত আলোচনা আৰু চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে।

নতুন দিল্লীত আজি অনুষ্ঠিত মিউনিখ নেতৃবৃন্দৰ বৈঠকত দিয়া ভাষণত শ্ৰীমতী সীতাৰমনে কয় যে সকলো চুক্তিৰ ভেটি হিচাপে অভিহিত এই চুক্তিয়ে প্রায় ২ বিলিয়ন লোকক প্ৰতিনিধিত্ব কৰা অৰ্থনীতি আৰু বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় এক-চতুর্থাংশ সামৰি লৈছে।

বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিয়ে প্রতিযোগিতামূলক মনোভাৱ অক্ষুণ্ণ ৰখাৰ লগতে পৰিপূৰক বজাৰৰ লভ্যতাও নিশ্চিত কৰিব। তেওঁ কয় যে এই চুক্তিৰ অধীনত ভাৰতে নিজৰ শুল্কৰ ৯২ দশমিক ৫ শতাংশ মুকলি কৰিছে আৰু বাণিজ্য মূল্যৰ ক্ষেত্ৰত এই পৰিমাণ ৯৭ শতাংশ বুলি মন্ত্ৰীগৰাকীয়ে কয়।

অনুষ্ঠানত ফ্ৰান্সৰ ইউৰোপীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বেঞ্জামিন হেডেডে ভাৰত- -ইউৰোপীয় মুক্ত বাণিজ্য চুক্তিক ভাৰত আৰু ইউৰোপৰ ৰাষ্ট্ৰসংঘৰ মাজত বাণিজ্য দুগুণলৈ বৃদ্ধি কৰাৰ অন্যতম সুযোগ বুলি অভিহিত কৰে।