বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজহুৱা খণ্ডৰ বেংকসমূহক প্ৰৱাসী ভাৰতীয় এন আৰ আইসকলক সামৰি লব পৰাকৈ উদ্ভাৱনীমূলক নতুন জমা আঁচনি আৰম্ভ কৰিবলৈ আহ্বান জনাইছে।
নতুন দিল্লীত বেংক আৰু ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ব্যৱস্থাপক সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰি তেওঁ ধন আহৰণৰ গতি অব্যাহত ৰখাৰ বাবে এন আৰ আই সকলক সংযুক্ত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰে।
মত-বিনিময়ৰ সময়ত বেংক আৰু ৰাজহুৱা বিত্তীয় প্রতিষ্ঠানসমূহৰ ব্যৱস্থাপক সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলে বিত্তমন্ত্ৰীক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শ্বেপ সুবিধাযুক্ত আঁচনিসমূহৰ অধীনত হোৱা প্ৰগতি সম্পৰ্কে অৱগত কৰে।
বেংক আৰু ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ অংশীদাৰিত্ব, বিদেশী মুদ্ৰা প্রবাহ অব্যাহত ৰখাৰ ক্ষেত্ৰত শ্বেপ সুবিধাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। তেওঁলোকৰ অংশগ্রহণে লগতে দেশৰ বিদেশী মুদ্রাভাণ্ডাৰো শক্তিশালী কৰি তোলাৰ লগতে গোলকীয় অনিশ্চতাৰ মাজত ভাৰতক শক্তিশালী কৰি ৰাখে।