কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি মুম্বাইত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে উমৈহতীয়া ঋণ নিশ্চয়তা আঁচনিৰ শুভাৰম্ভ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে ইয়াৰ ফলত যোৱা ৩ খন বাজেটত গুৰুত্ব আৰোপ কৰা ক্ষুদ্র, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডসমূহৰ উত্থান সম্ভৱ হ’ব। এই আঁচনিখনৰ জৰিয়তে বন্ধকী অবিহনে যন্ত্রপাতি বা সঁজুলি ক্ৰয়ৰ বাবে ক্ষুদ্র, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক এশ কোটি টকা পর্যন্ত ঋণৰ সুবিধা প্ৰদান কৰা হ’ব। ভাল লাভ আশা কৰা বিনিয়োগকাৰীসকলক ভাৰতে উপযুক্ত লাভ প্ৰদান কৰাৰ ওপৰত বিত্তমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, যে ভাৰতত এতিয়া এনে এটা অর্থনৈতিক পৰিবেশতন্ত্ৰ আছে য’ত বিনিয়োগৰ পৰা প্ৰত্যাশিত লাভাংশ আহিছে। তেওঁ লগতে কয়, যে চৰকাৰে অনুকুল নীতিৰ জৰিয়তে প্ৰতিৰক্ষা উৎপাদন খণ্ডক সহায় কৰিছে। ইয়াৰ ফলত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানী ২৪ হাজাৰ কোটি টকাৰো অধিকলৈ বৃদ্ধি পাইছে আৰু মহাৰাষ্ট্ৰ প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ হিচাপে বিকশিত হৈছে।
Assamese | February 17, 2025 8:33 PM | Akashvani New Delhi | Akashvani News | FM India | FM Nirmala Sitharaman
মুম্বাইত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে উমৈহতীয়া ঋণ নিশ্চয়তা আঁচনিৰ শুভাৰম্ভ বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ