October 22, 2026 8:39 PM

views 7

প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ নতুন দিল্লীত চিন্ময় অমৃত মহোৎসৱ গোলকীয় সন্মিলন মুকলি কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত চিন্ময় অমৃত মহোৎসৱ গোলকীয় সন্মিলন মুকলি কৰিব। ১৯৫১ চনত স্বামী চিন্ময়ানন্দই প্রতিষ্ঠান কৰা বিশ্বজোৰা অধ্যাত্মিক আন্দোলন চিন্ময় মিছনৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বছৰজোৰা উদযাপনৰ সামৰণি কাৰ্যসূচী হিচাপে এই  ৩ দিনীয়া অনুষ্ঠানৰ আয়োজন কৰা হৈছে। Narendraপ্রধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে এই অনুষ্ঠানত দেশ-বিদেশৰ ৯ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰিব। তামিলনাডুৰ চিন্ময় মিছনে প্ৰস্তুত কৰা ভাগৱত গীতাৰ তামিল অনুবাদ প্রধানমন্ত্ৰীয়ে উন্মোচন কৰা কাৰ্...

August 7, 2025 9:14 PM

views 62

দেশৰ বৰ্ণাঢ্য বয়ন পৰম্পৰাক স্বীকৃতি দি আজি বিভিন্ন অংশত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন

দেশৰ বৰ্ণাঢ্য বয়ন পৰম্পৰাক স্বীকৃতি দি আজি বিভিন্ন অংশত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। ব্ৰিটিছ শাসনক প্রতিহত কৰাৰ অংশ হিচাপে ১৯০৫ চনৰ ৭ আগষ্টত আৰম্ভ কৰা ঐতিহাসিক স্বদেশী আন্দোলনৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। এই আন্দোলনে থলুৱা উদ্যোগ, বিশেষকৈ হস্ততাঁতশিল্পৰ প্ৰসাৰ ঘটাইছিল। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰীৰাজ সিঙে আজি নতুন দিল্লীত সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা ২০২৫ প্ৰদান কৰে। সন্ত কবিৰ বঁটাত ৩ লাখ ৫০ হাজাৰ টকা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত ২ লাখ টক...

February 17, 2025 8:33 PM

views 70

মুম্বাইত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে উমৈহতীয়া ঋণ নিশ্চয়তা আঁচনিৰ শুভাৰম্ভ বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি মুম্বাইত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে উমৈহতীয়া ঋণ নিশ্চয়তা আঁচনিৰ শুভাৰম্ভ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে ইয়াৰ ফলত যোৱা ৩ খন বাজেটত গুৰুত্ব আৰোপ কৰা ক্ষুদ্র, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডসমূহৰ উত্থান সম্ভৱ হ'ব। এই আঁচনিখনৰ জৰিয়তে বন্ধকী অবিহনে যন্ত্রপাতি বা সঁজুলি ক্ৰয়ৰ বাবে ক্ষুদ্র, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক এশ কোটি টকা পর্যন্ত ঋণৰ সুবিধা প্ৰদান কৰা হ'ব। ভাল লাভ আশা কৰা বিনিয়োগকাৰীসকলক ভাৰতে উপযুক্ত লাভ প...

February 2, 2025 8:24 PM

views 56

নতুন দিল্লীৰ আকাশবাণী ভৱনত হৰ কণ্ঠ মে ভাৰত শীৰ্ষক বিশেষ ধ্রুপদী সংগীতৰ অনুষ্ঠান মুকলি

সাংস্কৃতিক মন্ত্র্যালয়ে আকাশবাণীৰ সহযোগত আজি নতুন দিল্লীৰ আকাশবাণী ভৱনত হৰ কণ্ঠ মে ভাৰত শীৰ্ষক এটা বিশেষ ধ্রুপদী সংগীতৰ অনুষ্ঠান মুকলি কৰে। আজিৰ পৰা অহা ১৬ ফেব্ৰুৱাৰীলৈ আকাশবাণীৰ ২১টা কেন্দ্ৰৰ পৰা পুৱা  ৯-৩০ বজাৰ পৰা ১০ বজালৈ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ হ'ব। সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ সচিব অৰুনিছ চাউলা আৰু প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিৱেদীয়ে অনুষ্ঠানটো উদ্বোধন কৰে। অনুষ্ঠানত আকাশবাণীৰ সঞ্চালক প্রধান ড০ প্ৰজ্ঞা পালিৱাল গৌৰো উপস্থিত থাকে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত সাংস্কৃ...