দিল্লীত ধঁপাতমুক্ত যুৱ অভিযানৰ চতুৰ্থ সংস্কৰণ মুকলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাধৱৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাধৱে আজি নতুন দিল্লীত ধঁপাতমুক্ত যুৱ অভিযানৰ চতুৰ্থ সংস্কৰণ মুকলি কৰে। দেশত ধঁপাত নিয়ন্ত্ৰণ প্ৰচেষ্টা ত্বৰান্বিত কৰা, যুৱ প্ৰজন্মক ধপাত সেৱনৰ পৰা বাৰণ কৰা আৰু এই অভ্যাস ত্যাগ কৰিব খোজা ব্যক্তিসকলক সহায় আগবঢ়োৱাই এই অভিযানৰ মূল উদ্দেশ্য।

এই উপলক্ষে শ্রীযাধৱে কয় যে যুৱ প্ৰজন্মক ধঁপাত সেৱনৰ পৰা আঁতৰাই ৰাখি ৰাষ্ট্ৰৰ উন্নয়নত অৱদান আগবঢ়াবলৈ উৎসাহিত কৰাই এই অভিযানৰ লক্ষ্য। তেঁও কয় যে নিচাযুক্ত পদাৰ্থৰ সেৱন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু এনে অভ্যাসে দেহৰ প্ৰতিটো অংগক প্ৰভাৱিত কৰে।

ধঁপাতৰ ক্ষতি অকল সেৱন কৰা ব্যক্তিলৈকে সিমিত নাথাকে বৰং চৌপাশৰ লোকসকলকো প্ৰভাৱিত কৰে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে দেশত ধঁপাত সেৱনৰ ফলত কৰ্কট ৰোগত আক্ৰান্ত হোৱা ভালেসংখ্যক ৰোগী আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।