October 28, 2026 8:39 PM

views 9

দিল্লীত ধঁপাতমুক্ত যুৱ অভিযানৰ চতুৰ্থ সংস্কৰণ মুকলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাধৱৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাধৱে আজি নতুন দিল্লীত ধঁপাতমুক্ত যুৱ অভিযানৰ চতুৰ্থ সংস্কৰণ মুকলি কৰে। দেশত ধঁপাত নিয়ন্ত্ৰণ প্ৰচেষ্টা ত্বৰান্বিত কৰা, যুৱ প্ৰজন্মক ধপাত সেৱনৰ পৰা বাৰণ কৰা আৰু এই অভ্যাস ত্যাগ কৰিব খোজা ব্যক্তিসকলক সহায় আগবঢ়োৱাই এই অভিযানৰ মূল উদ্দেশ্য। এই উপলক্ষে শ্রীযাধৱে কয় যে যুৱ প্ৰজন্মক ধঁপাত সেৱনৰ পৰা আঁতৰাই ৰাখি ৰাষ্ট্ৰৰ উন্নয়নত অৱদান আগবঢ়াবলৈ উৎসাহিত কৰাই এই অভিযানৰ লক্ষ্য। তেঁও কয় যে নিচাযুক্ত পদাৰ্থৰ সেৱন স্বাস্থ্যৰ বাবে ক্ষ...

August 31, 2024 7:56 PM

views 81

অহা ৫ বছৰত ১০ খন নতুন আয়ুষ প্রতিষ্ঠান মুকলি কৰা হ’বঃ আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাধৱ

♦ আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাধৱে কৈছে যে, অহা ৫ বছৰত ১০ খন নতুন আয়ুষ প্রতিষ্ঠান মুকলি কৰা হ'ব। তেওঁ আজি নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ এটা অনুষ্ঠানত ভাষণ দি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, আয়ুৰ্বেদক প্ৰত্যেক ঘৰলৈ লৈ যোৱাৰ প্ৰধানমন্ত্ৰীৰ প্ৰয়াস পূৰণ কৰিবলৈ মন্ত্ৰ্যালয় বদ্ধপৰিকৰ। মন্ত্ৰীগৰাকীয়ে কয় যে, যোগ আৰু আয়ুৰ্বেদৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী সলনি হৈছে আৰু ইয়াৰ গ্ৰহণযোগ্যতা দ্রুতভাৱে বৃদ্ধি পাইছে। দেশত আয়ুষ প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণে পৰম্পৰাগত চিকিৎসা প্ৰণালীৰো সম্প্ৰসাৰণ ঘট...