বাহ্যিক সাহায্যপ্রাপ্ত প্রকল্পসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰিছে বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰকাশ কৰিছে। মেঘালয়ত কালি জোৱাই নার্টিয়াং কড়িয়াপ খান্দুলি সংযোগী পথ প্রকল্প মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে বাহ্যিক সাহায্যপ্রাপ্ত প্ৰকল্পৰ অধীনত ঋণৰ প্ৰায় ৯০ শতাংশ কেন্দ্ৰীয় চৰকাৰে ঘূৰাই দিয়ে আৰু ৰাজ্য চৰকাৰসমূহে নামমাত্র ব্যয় বহন কৰে।
এই ব্যৱস্থাৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ উপকৃত হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয়, যে এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে সামগ্রিক প্রকল্প ব্যয় প্রায় ৭৫ শতাংশ বহন কৰি আহিছে।
তেওঁ কয়, যে এই প্রকল্পসমূহে পথ, বিদ্যালয়, শৈক্ষিক প্রতিষ্ঠান, দক্ষতা বিকাশ কেন্দ্ৰ আৰু উন্নয়নৰ বাবে প্ৰয়োজনীয় অন্য সামাজিক আন্তঃগাঁথনি সৃষ্টিত পোনপটীয়াকৈ অৱদান আগবঢ়াই আহিছে।