November 30, 2024 6:49 PM
73
বিহাৰৰ ঝাঝৰপুৰত ৫০ হাজাৰৰো অধিক হিতাধিকাৰীলৈ ১,১২১ কোটিৰো অধিক টকাৰ অনুমোদন পত্ৰ আৰু ঋণ হস্তান্তৰ বিত্তমন্ত্রী সীতাৰমণৰ
কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি বিহাৰৰ মধুবনি জিলাৰ ঝাঝৰপুৰত এটা অনুষ্ঠানত ৫০ হাজাৰৰো অধিক হিতাধিকাৰীলৈ ১,১২১ কোটিৰো অধিক টকাৰ অনুমোদন পত্ৰ আৰু ঋণ হস্তান্তৰ কৰে। শ্ৰীমতী সীতাৰমণে প্রধানমন্ত্রী স্বনিধি, প্রধানমন্ত্রী বিশ্বকর্মা, মুদ্রা, ষ্টেণ্ড আপ ইণ্ডিয়া আৰু কিষান ক্রেডিট কার্ড আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত এই ঋণ বিতৰণ কৰে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে বিভিন্ন আত্মসহায়ক গোটৰ মহিলাসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ হস্তশিল্প, মাটিৰ পাত্ৰ, কাঠফুলা আৰু অন্যান্য কৃষি উৎপাদনেৰে সাফ...