● তিনিদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশত উপস্থিত হোৱা কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে আজি কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ আজি দৰ্জী খাণ্ডু ৰাজ্যিক অধিৱেশন কক্ষত এটা জনসম্পৰ্কৰক্ষা কাৰ্যসূচীত অংশ ল’ব। ইয়াৰ পাছতে তেওঁ নামছাই জিলাত ভাৰতীয় ষ্টেট বেংকৰ আঞ্চলিক ব্যৱসায় কাৰ্যালয় উদ্বোধন কৰিব।
উল্লেখযোগ্য যে কেন্দ্রীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কালি অৰুণাচল প্ৰদেশৰ ইটানগৰত অৰুণাচল, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাক সামৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৭টা আঞ্চলিক গ্রাম্য বেংকৰ কাম-কাজ পর্যালোচনা কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত আয়োজিত বৈঠকত আঞ্চলিক গ্রাম্য বেংক আৰু পৃষ্ঠপোষক বেংকসমূহৰ অধ্যক্ষসকল উপস্থিত থাকে। বৈঠকত বিত্তীয় সেৱা বিভাগৰ সচিব, অতিৰিক্ত সচিবৰ উপৰি আৰ বি আই, নাবার্ড আদিৰ প্ৰতিনিধি তথা উত্তৰ-পূৰ্বৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। এই বৈঠকত ডিজিটেল প্রযুক্তি সেৱা উন্নীতকৰণ, ব্যৱসায়িক উন্নয়ন আৰু গ্ৰামীণ অর্থনীতি বিকাশৰ ক্ষেত্ৰত আঞ্চলিক গ্রাম্য বেংকসমূহৰ ভূমিকা পালন সন্দৰ্ভত আলোচনা কৰা হয়।
Assamese | October 1, 2024 10:29 AM | Arunachal Pradesh | FM Nirmala Nirmala Sitaraman
অৰুণাচল প্ৰদেশত বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব