বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বহুপাক্ষিক বিকাশ বেংকসমূহক শক্তিশালী কৰাৰ বাবে জি-২০ ৰাষ্ট্ৰ গোটৰ বিশেষজ্ঞ গোটে দিয়া মুঠ ৩০টা প্ৰস্তাৱৰ ভিতৰত ২৭টাক প্ৰস্তাৱক বিবেচনাৰ কৰাৰ বাবে বিশ্ব বেংকক প্ৰশংসা কৰিছে। নতুন দিল্লীত অধ্যাপক নিক ষ্টাৰ্ণৰ সৈতে হোৱা আলোচনাত শ্ৰীমতী সীতাৰমণে কয় যে, উন্নত দেশসমূহে উন্নয়নশীল দেশসমূহক ধন উপলদ্ধ কৰোৱা আৰু প্ৰযুক্তি হস্তান্তৰৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা উচিত। উল্লেখযোগ্য অধ্যাপক নিক ষ্টাৰ্ণ ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সময়ত বহুপাক্ষিক বিকাশ বেংকসমূহৰ বিকাশৰ বাবে গঠিত বিশেষজ্ঞ গোটৰ অন্যতম সদস্য।
Assamese | October 6, 2024 11:38 AM | FM Nirmala Nirmala Sitaraman
বহুপাক্ষিক বিকাশ বেংকসমূহক শক্তিশালী কৰাৰ বাবে জি-২০ ৰাষ্ট্ৰ গোটৰ বিশেষজ্ঞৰ প্ৰস্তাৱক বিবেচনাৰ কৰাৰ বাবে বিশ্ব বেংকক বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰশংসা