কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি নতুন দিল্লীত এছিয়াৰ আন্তঃগাঁথনি বিনিয়োগ বেংক, এ আই আই বিৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত বেংকটোৰ সঞ্চালক মণ্ডলীৰ ১১ গৰাকী প্ৰতিনিধিয়ে ভাগ লয়। যোৱা ৯ বছৰত লাভ কৰা উল্লেখযোগ্য সফলতাৰ বাবে মন্ত্ৰী শ্ৰীমতী সীতাৰমনে বেংকটোৰ ভূয়সী প্রশংসা কৰে। তেওঁ ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণ আৰু এই সমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতক শক্তিশালী বৃহৎ আৰ্থিক ভেটি আৰু নেতৃত্বৰ কথা উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে বেংকটোৱে অনুকূল জলবায়ু, আন্তঃগাঁথনিৰ শক্তি সুৰক্ষা, নগৰ উন্নয়ন আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত বিনিয়োগ বৃদ্ধি কৰা উচিত।
Assamese | November 12, 2024 8:45 AM | Finance Minister | FM Nirmala Nirmala Sitaraman | Nirmala Sitharaman
এছিয়াৰ আন্তঃগাঁথনি বিনিয়োগ বেংক, এ আই আই বিৰ প্ৰতিনিধিসকলৰ সৈতে বিত্তমন্ত্ৰী সাতাৰমণৰ বৈঠক