কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি বিহাৰৰ মধুবনি জিলাৰ ঝাঝৰপুৰত এটা অনুষ্ঠানত ৫০ হাজাৰৰো অধিক হিতাধিকাৰীলৈ ১,১২১ কোটিৰো অধিক টকাৰ অনুমোদন পত্ৰ আৰু ঋণ হস্তান্তৰ কৰে। শ্ৰীমতী সীতাৰমণে প্রধানমন্ত্রী স্বনিধি, প্রধানমন্ত্রী বিশ্বকর্মা, মুদ্রা, ষ্টেণ্ড আপ ইণ্ডিয়া আৰু কিষান ক্রেডিট কার্ড আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত এই ঋণ বিতৰণ কৰে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে বিভিন্ন আত্মসহায়ক গোটৰ মহিলাসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ হস্তশিল্প, মাটিৰ পাত্ৰ, কাঠফুলা আৰু অন্যান্য কৃষি উৎপাদনেৰে সাফল্য লাভ কৰা জীৱিকা দিদিৰ সৈতে বিশেষভাৱে কথা পাতে। বিহাৰ ভ্ৰমণৰ সামৰণিৰ দিনটোত শ্ৰীমতী সীতাৰমণে মধুবনি জিলাৰ সৌৰথলৈ যায়। তাত তেওঁ চিত্রশিল্পী, হস্তশিল্পত জৰিত মহিলা আৰু মধুবনি পেইণ্টিঙৰ শিল্পীসকলক সাক্ষাৎ কৰে। সৌৰথৰ মিথিলা চিত্রকলা সংস্থানত শ্ৰীমতী সীতাৰমণে পদ্ম সন্মানপ্ৰাপকসকলৰ সৈতেও মত-বিনিময় কৰে।
Assamese | November 30, 2024 6:49 PM | FM Nirmala Nirmala Sitaraman
বিহাৰৰ ঝাঝৰপুৰত ৫০ হাজাৰৰো অধিক হিতাধিকাৰীলৈ ১,১২১ কোটিৰো অধিক টকাৰ অনুমোদন পত্ৰ আৰু ঋণ হস্তান্তৰ বিত্তমন্ত্রী সীতাৰমণৰ