মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়তৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে।
এনে সমস্যাত পৰা যিকোনো ব্যক্তি বা বাহনৰ তথ্য পৰিয়ালৰ সদস্য বা যিকোনো লোকে এই হেল্পলাইন নম্বৰ দুটাত ফোন কৰি প্ৰদান কৰিব পাৰিব। ০৩৬১-২৩৮১৫১১ অথবা ৯১৮১০-১৪৮৮৮ হোৱাটছআপ নম্বৰত ব্যক্তি বা বাহনৰ তথ্য, যোগাযোগ নম্বৰ আদিকে ধৰি অন্যান্য তথ্যসমূহ প্ৰদান কৰিব পাৰিব।
এই তথ্যৰ ভিত্তিত অসম চৰকাৰ তথা আৰক্ষীয়ে মেঘালয়ৰ সংশ্লিষ্ট কর্তৃপক্ষ, স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় সহায়ৰ ব্যৱস্থা কৰিব। অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে মেঘালয়ৰ কৰ্তৃপক্ষৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে। আৰক্ষীয়ে লগতে জনসাধাৰণক শান্তি শৃংখলা বজাই ৰাখি সত্যাসত্য নিৰুপণ কৰা তথ্য প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে।
ইপিনে এই ঘটনাক লৈ আজি দ্বিতীয় দিনাও গুৱাহাটীৰ যোৰাবাটত চালকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। চালকসকলে একগোট হৈ মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা গাড়ী চলাচলত বাধা প্ৰদান কৰে।