August 19, 2026 7:15 PM

views 33

অহা বছৰৰ ৬ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ ২০২৭ অনুষ্ঠিত হ’ব

অহা বছৰৰ ৬ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ ২০২৭ অনুষ্ঠিত হ'ব। সমগ্ৰ শিক্ষা অসমে ইয়াৰ বাবে সময়সূচী ঘোষণা কৰি সকলো জিলাৰ মিছন সমন্বয়ক আৰু জিলা কর্মসূচী সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ ৩৫খন জিলাত তিনিটা পৰ্যায়ত ২০২৭ বৰ্ষৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। প্রথম পর্যায়ত ১৩খন জিলাত ৬ জানুৱাৰীত গুণোৎসৱৰ স্বমূল্যায়ন আৰু ৭ৰ পৰা ৯ জানুৱাৰীলৈ বহীমূল্যায়ন কৰা হ'ব। দ্বিতীয় পৰ্যায়ত ১২খন জিলাত ১৯ জানুৱাৰীত স্বমূল্যায়ন আৰু ২০ৰ পৰা ২২ জানুৱাৰীলৈ বহীমূল্যায়ন...

August 19, 2026 7:13 PM

views 25

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যাহত

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। নির্বাচনক কেন্দ্ৰ কৰি আজি লখিমপুৰ জিলা পঞ্জীয়ক তথা জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰা হয়। সংবাদ মেলত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে জিলাখনৰ অন্তৰ্গত আঠটা পৰিষদীয় সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে। নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ আৰু শৃংখলিতভাৱে পৰিচালনা কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।

August 19, 2026 8:15 PM

views 29

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত বিভাগটোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ পৰ্যালোচনা বৈঠক

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত আজি বিভাগটোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম ঔদ্যোগিক ভূমি ব্যৱস্থাপনা নীতি আৰু ইথানল নীতিৰ বাবে নীতি-নিৰ্দেশনা প্ৰস্তুত কৰা আৰু ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ বিশদভাৱে আলোচনা কৰা হয়।  বৈঠকত মন্ত্ৰী বৰাই ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমত শক্তিশালী ঔদ্যোগিক পৰিৱেশ, বিনিয়োগৰ বাবে অনুকূল পৰিস্থিতি গঢ়ি তোলাৰ লগতে বহনক্ষম অর্থনৈতিক ব...

August 19, 2026 6:59 PM

views 18

জম্মু-কাশ্মীৰৰ ৰিয়াচী জিলাত কালি সংঘটিত এটা দুৰ্ঘটনাত একে পৰিয়ালৰে ৩জন লোক নিহত হোৱাৰ লগতে আন ২জন আহত

জম্মু-কাশ্মীৰৰ ৰিয়াচী জিলাত কালি সংঘটিত এটা দুৰ্ঘটনাত একেতা পৰিয়ালৰে তিনিজন লোক নিহত হোৱাৰ লগতে আন দুজন আহত হয়। উল্লেখযোগ্য যে এখন বাহনে পাহাৰীয়া পথেৰে যাত্ৰাৰ কৰাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই কাষৰ দ' খাৱৈত পৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। আহত দুগৰাকীক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আনহাতে কালি নিশা সংঘটিত আন এটা দুৰ্ঘটনাত ৬জন লোক গুৰুতৰভাবে আহত হয়। ঘটনাৰ তথ্যমতে জম্মু-কাশ্মীৰ ৰাজৌৰী জিলাৰ খাৱাছ অঞ্চলৰ এখন গাঁৱৰ মাজেৰে আহি থকা যাত্রীবাহী এখন বাহন কাষৰ পথাৰত পৰি যোৱাৰ ফলত এই দুর্ঘট...

August 19, 2026 6:59 PM

views 46

সন্ধিয়া ৭ বজাত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি, স্পটিং ক্লাৱ দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি, স্পটিং ক্লাৱ দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব।

August 19, 2026 6:53 PM

views 40

বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ মিক্সড ডাবলছত ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিছা ক্ৰাষ্ট’ৱে প্রি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ মিক্সড ডাবলছ শাখাত ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিছা ক্ৰাষ্ট’ৱে প্রি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে। ধ্ৰুৱ আৰু টানিছাই মাকাওৰ লিয়ন য়’ক চং আৰু এনজি বেং চিৰ যুটিটোক ২১–১১, ২১-১১ গেমত পৰাস্ত কৰে। ইয়াৰ পৰৱৰ্তী খেলত ভাৰতীয় যুটিটোৱে চীনৰ চেন ফাং হুই আৰু গুঅ' চিন ৱাৰ বিৰুদ্ধে খেলিব।

August 19, 2026 6:46 PM

views 23

গৃহমন্ত্রী অমিত শ্বাহে ত্ৰিপুৰাৰ মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ত্ৰিপুৰাৰ মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয়, যে মহাৰাজ মাণিক্য বাহাদুৰ এগৰাকী দূৰদৰ্শী নেতা হোৱাৰ লগতে প্ৰশাসনক জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ পোষকতা কৰিছিল। মহাৰাজ মাণিক্য বাহাদুৰক আধুনিক ত্ৰিপুৰাৰ খনিকৰ বুলি অভিহিত কৰাৰ লগতে তেওঁ শিক্ষা, আন্তঃগাঁথনি আৰু প্ৰশাসন ব্যৱস্থালৈ যথেষ্ট বৰঙণি আগবঢ়োৱাৰ কথা উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে মহাৰাজ মাণিক্য বাহাদুৰৰ এই বৰঙণিয়ে ...

August 19, 2026 6:45 PM

views 22

উপ-ৰাষ্ট্ৰপতি চি. পি ৰাধাকৃষ্ণণে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব

উপ-ৰাষ্ট্ৰপতি চি. পি ৰাধাকৃষ্ণণে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব। এই ভ্ৰমণ কালত তেওঁ ডোৰাদুনৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় ফৰেষ্ট একাডেমীত ভাৰতীয় বন সেৱাৰ ২০২৫-২৭ বৰ্ষৰ প্ৰশিক্ষাৰ্থী বিষয়া সকলক উদ্দেশ্যি ভাষণ দিব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মৌচুৰীত লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনীয় একাডেমীত ২০২৪ বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া সকলৰ বাবে আয়োজিত দ্বিতীয় বৃত্তিমুখী পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত অংশ ল'ব। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰক্ষী আৰু প্ৰশাসনে নিৰাপত্তা...

August 19, 2026 6:38 PM

views 20

ভাৰতৰ অৰ্থনৈতিক বিকাশে বর্তমান বিশ্বজুৰি স্বীকৃতি লাভ কৰিছেঃ অশ্বিনী বৈষ্ণৱ

ভাৰতৰ অৰ্থনৈতিক বিকাশে বর্তমান বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে আৰু ৬ ৰ পৰা ৮ শতাংশ অর্থনৈতিক বৃদ্ধি পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত অনুষ্ঠিত উত্তৰ প্রদেশ-জাপান বিনিয়োগ সন্মিলন ২০২৬ ত অংশগ্ৰহণ কৰি এইদৰে কয়। মন্ত্ৰী শ্ৰীবৈষ্ণৱে কয়, যে দেশৰ অৰ্থনৈতিক বিকাশৰ কাহিনী মূলতঃ ৪ টা স্তম্ভৰ দ্বাৰা পৰিচালিত হৈছে আৰু সেয়া হ'ল- সামাজিক, ডিজিটেল আৰু ভৌতিক আন্তঃগাথনিত বিনিয়োগ, সৰ্বাঙ্গীন বৃদ্ধি আৰু উৎপাদনৰ ক্ষেত্ৰত শক্তিশালী মনোনিবেশ। এই সন্মিলনত ভাষণ দি ...

August 19, 2026 6:28 PM

views 32

বৰপেটাৰ মেটুৱাকুছি নিৱাসী সুদক্ষ খেলুৱৈ, ক্রীড়া সংগঠক তথা অসম ক্ৰিকেটৰ আম্পায়াৰ সোণজিৎ কুমাৰ দাসৰ দেহাৱসান

বৰপেটাৰ মেটুৱাকুছি নিৱাসী সুদক্ষ খেলুৱৈ, ক্রীড়া সংগঠক তথা অসম ক্ৰিকেটৰ আম্পায়াৰ সোণজিৎ কুমাৰ দাসৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৪ বছৰ। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ অৱসৰপ্ৰাপ্ত শাৰিৰীক শিক্ষা প্ৰশিক্ষক দাস এগৰাকী দক্ষ ক্ৰিকেট খেলুৱৈ আছিল। ৰাজ্যিক পৰ্যায়ৰ বহু আগশাৰীৰ ক্ৰিকেট প্ৰতিযোগিতাত তেওঁ আম্পায়াৰৰ দায়িত্ব পালন কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।