June 12, 2026 6:06 PM

views 21

অসম চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভৰ পাছত কাম-কাজৰ খতিয়ান

ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান লৈছে। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সু-শাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰাক গতিশীল কৰাৰ চেষ্টা চলাইছে। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱীয়ে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত অংশ লয়। বৈঠকত জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসু ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন, প্রশাসন...

June 12, 2026 6:06 PM

views 24

আই আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ দশম সংস্কৰণৰ খেলসমূহ আজিৰে পৰা অনুষ্ঠিত হ’ব

আই আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ দশম সংস্কৰণৰ খেলসমূহ আজিৰ পৰা অনুষ্ঠিত হ'ব। বার্মিংহামৰ এজবাষ্টনত হ'বলগীয়া উদ্বোধনী খেলত আয়োজক দেশ ইংলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইংলেণ্ড আৰু ৱেলছত মাহজুৰি হ'বলগীয়া এই প্ৰতিযোগিতাৰ ফাইনেল খেলখন ৫ জুলাইত লৰ্ডছ ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় মহিলা দলটোৱে অহা দেওৱাৰে নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় দলটোক হৰমন প্রীত কৌৰে নেতৃত্ব দিয়ে।

June 12, 2026 5:59 PM

views 17

দেশৰ প্ৰসিদ্ধ শ্বুটিং প্রশিক্ষক তথা এছিয়ান গেম্‌ছত সোণৰ পদক বিজেতা যশপাল ৰানাৰ দেহাৱসান

দেশৰ প্ৰসিদ্ধ শ্বুটিং প্রশিক্ষক তথা এছিয়ান গেম্‌ছত সোণৰ পদক বিজেতা যশপাল ৰানাৰ যোৱানিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৯ বছৰ। প্ৰয়াত ৰাণা ভাৰতীয় পিষ্টল শ্বুটাৰসকলৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল। যশপাল ৰানাই পেৰিছ অলিম্পিকত দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰা মনু ভাকৰক বিশেষভাৱে সহায় কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে যশপাল ৰানাৰ মৃত্যুত শোকপ্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে যশপাল ৰাণা এগৰাকী আগশাৰীৰ শ্বুট...

June 12, 2026 5:49 PM

views 25

ইজিপ্তৰ বৈদেশিক মন্ত্ৰালয়ে সম্ভাব্য কূটনৈতিক অগ্রগতি সন্দৰ্ভত ৱাছিংটন আৰু তেহৰান কৰ্তৃপক্ষক চুক্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে

ইজিপ্তৰ বৈদেশিক মন্ত্ৰালয়ে সম্ভাব্য কূটনৈতিক অগ্রগতি সন্দৰ্ভত আশা প্রকাশ কৰি ৱাছিংটন আৰু তেহৰান কৰ্তৃপক্ষক চুক্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইৰানৰ বিৰুদ্ধে হ'বলগীয়া সামৰিক আক্ৰমণ বাতিল সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে কৰা ঘোষণাক ইজিপ্তে প্ৰশংসা কৰিছে। এই ক্ষেত্ৰত কাইৰোই কূটনৈতিক সম্পৰ্কৰ বাবে নিজৰ স্থিতি স্পষ্ট কৰিছে। মন্ত্ৰালয়ে দৃঢ়তাৰে কয়, যে সমন্বয় আৰু সহযোগিতাৰে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে ...

June 12, 2026 4:54 PM

views 17

শ্রী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত গৃহমন্ত্রী অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত শ্রী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত সেনা বাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, চি আৰ পি এফ, বি এছ এফ, চি আই এছ এফ, আই টি বি পি আৰু এছ এছ বি সঞ্চালক প্রধান সকলো উপস্থিত থাকে। অমৰনাথ যাত্ৰা অহা ৩ জুলাইত আৰম্ভ হ'ব আৰু ২৮ আগষ্টত সামৰণি পৰিব।

June 10, 2026 3:25 PM

views 23

একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। তেওঁ ২০১৪ চনৰ ২৬ মে'ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্রহণ কৰিছিল। শ্রীমোদীয়ে এই ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে ১৯৫২ চনৰ ১৩ মে’ত নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু ১৯৬৪ চনৰ ২৭ মে'ত মৃত্যু পর্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ একেৰাহে ৪ হাজাৰ ৩৯৮ দিন প্...

June 10, 2026 3:22 PM

views 28

প্রধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ অভিনন্দন জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে একেৰাহে সৰ্বাধিক সময়জুৰি নিৰ্বাচিত প্রধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই গৌৰৱময় ক্ষণে শ্রীমোদীৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাসক প্রতিপন্ন কৰিছে। প্রধানমন্ত্ৰীগৰাকীৰ কাৰ্যকাল সু-প্রশাসন, অর্থনৈতিক স্থিৰতা আৰু সামাজিক ৰূপান্তৰ সাধনৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে বুলি তেওঁ কয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে ...

June 10, 2026 3:12 PM

views 13

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই কেন্দ্ৰীয় মন্ত্রীসভাৰ প্ৰস্তাৱ গ্ৰহণ

কেন্দ্ৰীয় মন্ত্রীসভাই একেৰাহে অধিক সময়ৰ বাবে ক্ষমতাত থকা নির্বাচিত প্রধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱা বাবে নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰে। নতুন দিল্লীত অনুষ্ঠিত বৈঠকত মন্ত্ৰীসভাৰ সদস্যসকলে শ্রীমোদীক থিয় হৈ সম্ভাষণ জনায়।

June 10, 2026 3:00 PM

views 20

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ ৰাজ্যসভাৰ সদস্য পদ ত্যাগ

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। শ্ৰীমতী দেৱে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। পদত্যাগৰ পাছতে তেওঁ নতুন দিল্লীত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ প্রবীন নেতা তথা ৰাজ্যসভাৰ সাংসাদ শুখেন্দু শেখৰ ৰয়ে সোমবাৰে ৰাজ্যসভাৰ সদস্য পদ আৰু দল ত্যাগ কৰিছিল।

June 10, 2026 2:51 PM

views 17

আফগানিস্তানৰ কুনাৰ, খোষ্ট আৰু পাকটিকা প্ৰদেশত পাকিস্তানী সামৰিক বিমান আক্ৰমণত ১৩ জন লোকৰ মৃত্যু

আফগানিস্তানৰ কুনাৰ, খোষ্ট আৰু পাকটিকা প্ৰদেশত পাকিস্তানী সামৰিক বিমান আক্ৰমণত কমেও ১৩ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত অধিকাংশ শিশু বুলি জানিব পৰা গৈছে। এটা বিবৃতিত তালিবানৰ মুখপাত্র জাবিহুল্লাহ মুজাহিদে এই আক্ৰমণৰ গৰিহণা দিয়ে। তেওঁ পাকিস্তানী সেনাই পুনৰ আফগানিস্তানৰ আকাশমার্গত অবৈধভাৱে প্ৰৱেশ কৰি কৰা এই আক্রমণ অমানৱীয় আৰু অপৰাধী কাৰ্যকলাপ বুলি মন্তব্য কৰে। বিগত কেইমাহমান ধৰি পাকিস্তান আৰু আফগানিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগতে গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈ থকাৰ ফলত জনজীৱন বিপর্যস্ত হৈছে। ...