August 19, 2026 6:23 PM

views 31

অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন

অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰসমূহত আজি পুৱাৰে পৰা নাম-প্ৰসংগ অনুষ্ঠিত হৈছে। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও ৩৫ খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপৰীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম-প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম-প্ৰসংগৰ আয়োজন ক...

August 19, 2026 6:19 PM

views 25

অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড তথা সমগ্ৰ শিক্ষাৰ বিষয়াসকলৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সমগ্ৰ শিক্ষা অসমৰ মুখ্য কাৰ্যালয়ত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড তথা সমগ্ৰ শিক্ষাৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত সমবেত শিক্ষাবৰ্ষৰ বাবে সময়মতে পাঠ্যপুথি প্রকাশ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন লিমিটেডৰ অধ্যক্ষ দেবানন্দ হাজৰিকা, উপাধ্যক্ষ তুলসী বৰঠাকুৰৰ লগতে আন কেইবাগৰাকী বিষয়া উপস্থিত থাকে।

August 19, 2026 6:37 PM

views 14

ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ দেশখনলৈ ৰাওনা

ছিংগাপুৰৰত কাইলৈ হ'বলগীয়া ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ দেশখনলৈ ৰাওনা হৈছে। এই মেজমেল দুয়োদেশৰ মাজৰ ছটা গুৰুত্বপূৰ্ণ বিষয় নির্মাণখণ্ড, যোগাযোগ, ডিজিটেলাইজেছন, স্বাস্থ্য সেৱা আৰু ঔষধ, দক্ষতা বিকাশ আৰু বহনক্ষমতা এই ৬টা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আয়োজন কৰা হৈছে। বিত্তমন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, এই কাৰ্যাসূচীত ৬টা বিষয়ৰ ওপৰত আধাৰিত উন্নয়ন আৰু ভৱিষ্যতে ভাৰত-ছিংগাপুৰৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ জৰিয়তে সা-সুবিধা প্ৰসাৰ...

August 13, 2026 5:42 PM

views 23

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনির্দিষ্টকাললৈ স্থগিত

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনির্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। যোৱা ২০ জুলাইত আৰম্ভ হোৱা সংসদৰ এই ২৫ দিনীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মুঠ ১৯ দিন বৈঠক অনুষ্ঠিত হয়। অধিৱেশনৰ সময়ছোৱাত বিভিন্ন আইনী আৰু ৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। এইবাৰৰ অধিবেশনত লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক ২০২৬, ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক ২০২৬, ন্যায়াধীকৰণ সংশোধনী বিধেয়ক ২০২৬, কৰাৰোপন আৰু অন্য আইন সংশোধনী বিধেয়ক ২০২৬, ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম সংশোধনী ব...

August 13, 2026 5:33 PM

views 28

খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ অঞ্চলৰ জনসাধাৰণ আৰু বিজেপিৰ সদস্যসকলৰ ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত

ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ অঞ্চলৰ জনসাধাৰণ আৰু বিজেপিৰ সদস্যসকলে আজি সমাগত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা আৰু বিধায়ক চক্ৰধৰ গগৈও অংশ লয়। মন্ত্ৰী বিমল বৰাই স্বাধীনতাৰ ৮০ বছৰীয়া গৌৰৱময় ক্ষণত তিৰংগা পতাকাৰ মর্যাদা অক্ষুণ্ণ ৰখাৰ লগতে দেশমাতৃৰ প্ৰতি আমাৰ কৰ্তব্য আৰু দায়িত্ববোধ অধিক দৃঢ় কৰাৰ সংকল্পৰে সকলোকে নিজ নিজ ঘৰত জাতীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনায়। ইফালে আজি যোৰহাট জিলা প্ৰ...

August 13, 2026 5:33 PM

views 23

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ দাসৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ চুমনী গাঁও পৰিদৰ্শন

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ দাসে আজি শেহতীয়া বানত ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ চুমনী গাঁও পৰিদৰ্শন কৰে। শ্ৰী দাসে চুমনী গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বুজ লয়। অধ্যক্ষগৰাকীৰ সৈতে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰাৰ বিধায়ক সুৰুজ দিহিঙীয়া উপস্থিত থাকে। তেওঁলোকে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰ-দুৱাৰকে ধৰি অন্যান্য দিশসমূহ পৰ্যৱেক্ষণ কৰে। শ্ৰী দাসে বান প্রভাৱিত লোকসকলক চৰকাৰ তথা প্ৰশাসনে প্রয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়াব বু...

August 13, 2026 5:23 PM

views 17

শোণিতপুৰ জিলাৰ চাৰি দুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বি চি টি ৰোডৰ প্ৰায় ৩৬ কিলোমিটাৰ অংশত পুনৰ যানবাহনৰ চলাচল আৰম্ভ

শোণিতপুৰ জিলাৰ চাৰি দুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বি চি টি ৰোডৰ প্ৰায় ৩৬ কিলোমিটাৰ অংশত পুনৰ যানবাহনৰ চলাচল আৰম্ভ হৈছে। পথছোৱাত নিৰাপদ যাতায়াতৰ পৰিৱেশ পুনৰ ঘূৰি অহাৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধীকৰণে পূৰ্বৰ নিষেধাজ্ঞা তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে যোৱা ১২ আগষ্টত প্ৰাধীকৰণে এই পথছোৱাত যানবাহনৰ চলাচল সাময়িকভাৱে বন্ধ কৰি দিছিল। অৱশ্যে পথছোৱা বৰ্তমান পুনৰ মুকলি কৰা হৈছে যদিও বৰ্তমানলৈকে এই পথছোৱাৰে গাড়ী-মটৰ চলাচলৰ ক্ষেত্ৰত কিছু নিশেধাজ্ঞা আৰোপ ...

August 13, 2026 5:16 PM

views 140

৮০ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত এদিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপক প্রস্তুতি

৮০ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত এদিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপক প্রস্তুতি চলিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকল পেৰেডৰ অনুশীলন প্ৰায় সম্পূৰ্ণ কৰিছে। উল্লেখযোগ্য যে বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১৫ আগষ্টৰ পুৱা ৯ বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ...

August 13, 2026 5:15 PM

views 18

চি বি এছ ই-ৰ চলিত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰিপূৰক পৰীক্ষাৰ ফলাফল ঘোষণা

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ- চি বি এছ ইয়ে চলিত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰিপূৰক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে ডিজি ল’কাৰ ৰিজালটিই প'ৰ্টেলৰ জৰিয়তে results.digilocker.gov.in.-ত ফলাফলসমূহ চাব পাৰিব।

August 13, 2026 5:13 PM

views 19

সংসদৰ উভয় সদনৰ বৈদেশিক বৰঙণি নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৬ৰ অধিক পৰীক্ষা-নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণত অনুমোদন

সংসদৰ উভয় সদনে কালি বৈদেশিক বৰঙণি নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৬ৰ অধিক পৰীক্ষা- নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ কৰাৰ বাবে অনুমোদন দিছে। এই বিধেয়কখনৰ উদ্দেশ্য হৈছে বৈদেশিক বৰঙণি নিয়ন্ত্রণ আইন ২০১০ৰ সংশোধন কৰা। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই বিধেয়কখন অধিক আলোচনাৰ বাবে উভয় সদনৰ সদস্যৰে গঠিত যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে। এই কমিটিখনত লোকসভাৰ পৰা অধ্যক্ষই মনোনীত কৰা ২১ জন সদস্য, ৰাজ্যসভাৰ পৰা সভাপতিয়ে মনোনীত কৰা ১০ জন সদস্য থাকিব। এই স...