June 10, 2026 2:36 PM

views 26

শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত কাইলৈ ভাৰত-আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত চলি থকা তিনিখন দেশৰ এ দলৰ ক্ৰিকেট শৃংখলাত কাইলৈ ভাৰত-আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অহা ২১ জুনত শৃংখলাটোৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। শৃংখলাটোৰ আটাইকেইখন খেলেই ডাম্বুলাত খেলোৱা হ'ব। ভাৰতৰ পুৰুষৰ-এ দলটোৱে প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্রীলংকা-এ দলক ৮ ৰানত পৰাস্ত কৰে। ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৬টা উইকেট হেৰুৱাই ২৭৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ঋতুৰাজ...

June 10, 2026 2:07 PM

views 27

প্রধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ ১০ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ ১০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি দেশজুৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ নগাঁও জিলাত কালি এই উপলক্ষে ১৬৬টা স্বাস্থ্য কেন্দ্র, আয়ুষ্মান আৰোগ্য মন্দিৰ, সামুহিক স্বাস্থ্যকেন্দ্ৰ, এফ আৰ ইউ, মহকুমা অসামৰিক চিকিৎসালয়, প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় আৰু তৃতীয় ত্রৈমাসিকৰ সন্তানসম্ভৱা মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। তদুপৰি প্রসূতিসকলক পুষ্টিকৰ খাদ্য প্ৰদানৰো ব্যৱস্থা কৰা হয়। জিলাখনত ৩,৫৯৬ গৰাকী প্রসূতিৰ কালি...

June 10, 2026 1:56 PM

views 24

ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁৱলৈ গৌৰৱ নিলাক্ষী শ‍ইকীয়াৰ

নগাঁৱৰ নিলাক্ষী শ‍ইকীয়াই অলপতে সম্পন্ন কাজিৰঙা ৰাইনো কাপ পেচাদাৰী বক্সিং লীগ প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। নিলাক্ষীয়ে নগাওঁ জিলাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় মহিলা বক্সিং ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰিছে।

June 10, 2026 1:28 PM

views 13

নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ তানচেন এলেকাত ভূমিস্খলনৰ বাবে বৰাক উপত্যকা-গুৱাহাটী সংযোগী পথত যান-বাহনৰ চলাচলত ব্যাহত

যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ তানচেন এলেকাত হোৱা ভূমিস্খলনৰ বাবে বৰাক উপত্যকা-গুৱাহাটী সংযোগী পথেৰে যান-বাহনৰ চলাচল ব্যাহত হৈছে। ভূমিস্খলনৰ ফলত যাত্রীবাহী আৰু সামগ্ৰী পৰিবাহী বাহনৰ চলাচল প্ৰভাৱিত হৈছে। কর্তৃপক্ষসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পথছোৱাৰে পৰিবহন সেৱা পুনৰ স্বাভাৱিক কৰি তোলাৰ বাবে পথৰ পৰা ধ্বংসস্তুপ আঁতৰোৱাৰ প্ৰচেষ্টা অব্যাহত আছে।

June 10, 2026 2:06 PM

views 24

অহা ৫ বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী পৰিৱৰ্তন সাধন হ’বঃ স্বাস্থ্যমন্ত্রী অশোক সিংহল

অহা ৫ বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী পৰিৱৰ্তন সাধন হ'ব বুলি স্বাস্থ্যমন্ত্রী অশোক সিংহলে প্রকাশ কৰিছে। বিভাগটোৰ পুনৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম-কাজ পৰ্যালোচনা কৰাৰ পাছত সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰিছে। তেওঁ কয়, যে পৰৱৰ্তী ৫ বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিস্তৰ ইতিবাচক পৰিৱৰ্তন হ'ব। শীঘ্ৰেই বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় মুকলি কৰাৰ পাছতে বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ও মুকলি কৰা হ'ব বুলি তেওঁ কয়। অৱশ্যে সৰ্বভাৰতীয় পৰিসংখ্যাতকৈ অসমত কৰ্কট ৰোগীৰ হাৰ বৃদ্ধি পোৱা বিষয়টো...

June 10, 2026 1:51 PM

views 21

চাহ বাগিচা অঞ্চলত আজিৰে পৰা অহা বছৰ ৩১ মাৰ্চলৈ বিনামূলীয়া পৰিবহন সুৰক্ষা বাহন সুবিধা আঁচনি মুকলি

চাহ বাগিচা অঞ্চলৰ প্ৰতিগৰাকী শিশু তথা শিক্ষাৰ্থীৰ বিদ্যালয়ত উপস্থিতি নিৰাপদ আৰু নিয়মীয়া কৰাৰ উদ্দেশ্যে আজিৰে পৰা অহা বছৰ ৩১ মাৰ্চলৈ বিনামূলীয়া পৰিবহন সুৰক্ষা বাহন সুবিধা আঁচনি মুকলি কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰি কয়, যে এই আঁচনিয়ে হাজাৰ হাজাৰ শিক্ষাৰ্থী বিদ্যালয়মুখী যাত্ৰা অধিক সুৰক্ষিত, সহজ আৰু সুলভ কৰি তুলিব। ৰাজ্যত ইতিমধ্যে ৰূপায়ণ হৈ থকা পদক্ষেপসমূহৰ লগতে এই ব্যৱস্থাই চাহ বাগিছা অঞ্চলৰ সন্তানসকলৰ শিক্ষা জীৱন অধিক সুদৃঢ় কৰিব। ৰাজ্যৰ ...

June 10, 2026 1:13 PM

views 21

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত আজি পুনৰ ৫ জন লোকৰ সাক্ষ্য গ্রহণ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি পুনৰ ৫ জন লোকৰ সাক্ষ্য গ্রহণৰ ব্যৱস্থা কৰিছে। সাক্ষীসকল ইতিমধ্যে আহি আদালত চৌহদত উপস্থিত হৈছে। সময়ৰ অভাৱৰ বাবে কালি সাক্ষ্য প্ৰদান কৰিব নোৱৰা বেবী বৰাই আজি ফাষ্টট্ৰেক আদালতত পুৱাৰ ভাগত সাক্ষ্য দিয়ে। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে বিৰিঞ্চি বৰা, প্রভাকৰ ফুকন, অনুজ কুমাৰ বৈশ্য আৰু ৰাজা অসমে আজি সাক্ষ্য প্ৰদান কৰিব। ফাষ্টট্ৰেক আদালতে কালি দুগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। আদালতে ৫ গৰাকী সাক্ষীৰ সাক্ষ্যৰ বাবে নির্দিষ্ট ...

June 10, 2026 10:34 AM

views 28

একেৰাহে সৰ্বাধিক সময়ৰ বাবে ভাৰতত শাসনৰ দায়িত্বত থকা নির্বাচিত প্রধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ কৃতিত্ব অর্জন

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। ২০১৪ চনৰ ২৬ মে'ত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি এই বিশেষ কৃতিত্ব অর্জন কৰিছে। শ্রীমোদীয়ে এই কৃতিত্ব অৰ্জনৰ ক্ষেত্ৰত পূৰ্বৰ প্রধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯৫২ চনৰ ১৩ মে'ত নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু ১৯৬৪ চনৰ ২৭ মে'ত মৃত্যু পর্যন্ত তেওঁ দ...

June 9, 2026 8:13 PM

views 20

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ উদ্যোগত চিলজান উত্তৰ-পূৱ বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা খিলঞ্জীয়া অধিৱাসী লোকৰ মাজত মাটিৰ পট্টা বিতৰণ

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি চিলজান উত্তৰ-পূৱ বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা খিলঞ্জীয়া অধিৱাসী লোকৰ মাজত মাটিৰ পট্টা বিতৰণ কৰা হয়। সুদীর্ঘ কাল বনাঞ্চলখনত বসতি কৰি অহা লোকসকলৰ মাজত বন অধিকাৰ আইন-২০০৬ ৰ অধীনত মাটিৰ পট্টা বিতৰণ কৰাৰ লগতে গাওঁখনক মথুৰাম টেৰাং নামেৰে স্বীকৃতি প্ৰদান কৰা হয়। বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক সূৰ্য্য ৰংফাৰে ৯০ গৰাকী ব্যক্তিক আজি এই মাটিৰ পট্টা বিতৰণ কৰে।

June 9, 2026 8:08 PM

views 16

যোৱা ১২ বছৰত ভাৰতৰ বিদেশ নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে

যোৱা ১২ বছৰত ভাৰতৰ বিদেশ নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কৈছে যে ব্ৰেণ্ড ইণ্ডিয়া আৰু গোলকীয় স্তৰত ভাৰতৰ স্থিতি যথেষ্ট শক্তিশালী হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কৈছে যে ভাৰত সংকটৰ এই সময়ত, গ্লোবেল ছাউথ হিচাপে পৰিচিত অর্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা ৰাষ্ট্ৰসমূহৰ কণ্ঠ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত ইউ পি আইৰ দৰ...