June 9, 2026 8:02 PM

views 14

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে আজি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে আজি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে আৰু অহা ২১ জুনত পুনৰ হ'বলগীয়া চিকিৎ‍সা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা, নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ গোপনীয়তা বৰ্তাই ৰাখি প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ পৰা সকলো প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত পৰীক্ষণ সামগ্...

June 9, 2026 8:02 PM

views 19

নীটৰ প্রশ্নকাকত ফাদিল গোচৰত অভিযুক্ত মনীষ ৱাঘমাৰেৰ জামিন আবেদন অগ্রাহ্য দিল্লীৰ আদালতৰ

দিল্লীৰ এখন আদালতে আজি চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্রশ্নকাকত ফাদিল গোচৰত অভিযুক্ত মনীষ ৱাঘমাৰেৰ জামিন আবেদন অগ্রাহ্য কৰে। চি বি আয়ে বর্তমান তদন্ত কৰি থকা গোচৰটোৰ দুয়ো পক্ষৰ যুক্তিতর্ক শুনাৰ পাছত ৰাউজ এভিনিউ আদালতে অভিযুক্তজনৰ জামিন আবেদন প্রত্যাখ্যান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

June 9, 2026 7:47 PM

views 16

বিত্ত মন্ত্রী নির্মলা সীতাৰমনে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ’ চৰকাৰে খণ্ডন কৰিছে

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ভিডিঅ'টো ভুৱা আৰু কৃত্রিম বুদ্ধিমত্তা প্রযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বুলি প্ৰকাশ কৰিছে। গোটটোৱে লগতে বিত্তমন্ত্ৰীগৰাকীয়ে তেনে কোনো আঁচনিৰ প্ৰতি সমৰ্থন আগবঢ়োৱা নাই বুলি স্পষ্ট কৰি দিছে। অনলাইন ব্যৱস্থাৰে জনসাধাৰণক প্ৰৱঞ্চনা কৰাৰ উদ্দেশ্যে এনে ধৰণৰ ভুৱা ভিডিঅ' প্ৰচাৰ কৰা হয় বুলি ...

June 9, 2026 7:49 PM

views 13

প্রধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ ১০ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে প্ৰতিটো নতুন মাতৃ গৰ্ভত জীৱনৰ আৰম্ভণি ঘটে আৰু এগৰাকী মাতৃৰ গৰ্ভাৱস্থাৰ প্ৰতিটো পৰ্যায়ত সুৰক্ষিত, সুস্থ আৰু সন্মানজনক পৰিচৰ্যাৰ অধিকাৰ আছে বুলি মন্তব্য কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে যোৱা দশকত নিয়মীয়া স্বাস্থ্য পৰীক্ষা, বিশেষজ্ঞৰ পৰামৰ্শ আৰু উন্নত মাতৃৰ স্বাস্থ্যসেৱাৰ জৰিয়তে এই উদ্যম গণ আন্দোলনলৈ পৰিগণিত হৈছে। তেওঁ কয় যে এয়া কেৱল এখন আঁচনিয়েই নহয়, বৰং প...

June 9, 2026 7:50 PM

views 14

জম্মু-কাশ্মীৰত প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত ৩০জনতকৈও অধিক লোকৰ মৃত্যু

পাকিস্তান অধ্যুষিত জম্মু-কাশ্মীৰত আজি প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত ৩০জনতকৈও অধিক লোকৰ মৃত্যু হোৱাৰ লগতে প্রায় ২০০ গৰাকী আহত হৈছে। জানিব পৰা মতে কৰ্তৃপক্ষই জইণ্ট আৱামী একচন কমিটী, জে এ এ চিৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাছতেই এই ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে জে এ এ চি এটা আগশাৰীৰ অসামৰিক সামাজিক মিত্ৰজোঁট, যিয়ে পাকিস্তান অধ্যুষিত কাশ্মীৰত আর্থিক আৰু ৰাজনৈতিক ওজৰ-আপত্তিক কেন্দ্ৰ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে উচটনি দিছে। তীব্র উত্তেজনাৰ মাজতে ৰাৱালকোট আৰু মুজাফ...

June 9, 2026 7:34 PM

views 31

ডুবাইত সোমবাৰে সংঘটিত পথ দুৰ্ঘটনাত নিহত ৭জন লোকৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু তেলেংগেনাৰ ৩গৰাকীকৈ শ্রমিক আছে

ডুবাইত সোমবাৰে সংঘটিত পথ দুৰ্ঘটনাত নিহত ৭জন লোকৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু তেলেংগেনাৰ তিনিগৰাকীকৈ শ্রমিক আছে। দুৰ্ঘটনাত নিহত আনজন লোক শ্ৰীলংকাৰ নাগৰিক। দুৰ্ঘটনাত আহত আঠজন ভাৰতীয়ৰ ভিতৰত পাঁচজনক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে। তিনিজন এতিয়াও চিকিৎসাধীন হৈ আছে।

June 9, 2026 7:05 PM

views 21

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত ১৯ জুনৰ ভিতৰত কেচ ডায়েৰী দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত ১৯ জুনৰ ভিতৰত কেচ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কেচ ডায়েৰীৰ লগতে নিম্ন আদালতৰ গোচৰটো সম্পৰ্কীয় নথি-পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্...

June 9, 2026 7:23 PM

views 31

উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোর্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে

ৰবৰ ব’ৰ্ডে উত্তৰ-পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। গুৱাহাটীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰী আৰু ৰবৰ ব’ৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্তগেছনে এই কথা সদৰি কৰে। শ্ৰীমতী চৌধুৰীয়ে কয় যে, বহল পৰিসৰত ৰবৰ খেতিৰ সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নয়ন, দক্ষতা বিকাশ আৰু মূল্য সংযোজিত উদ্যোগৰ প্ৰসাৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে,দূৰ্গম আৰু জনজাতীয় অধ্যোষিত এলেকা সমূহত তৃণমূল পৰ্যায়ৰ ৰবৰ...

June 9, 2026 6:55 PM

views 32

ডিব্ৰুগড় জিলাৰ ১৫ খন গাওঁ পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মা মুক্ত বুলি ঘোষণা

ডিব্ৰুগড় জিলাৰ ১৫ খন গাওঁ পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মা মুক্ত বুলি ঘোষণা কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এটা বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্রম কৈৰী অনুষ্ঠানত উপস্থিত থাকি বঁটা বিজয়ী গাওঁ পঞ্চায়তকেইখনৰ সভাপতি আৰু সচিবসকলক মহাত্মা গান্ধীৰ মূৰ্তি আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে। ইয়াৰে নাহৰকটিয়া উন্নয়ন খণ্ডৰ আমগুৰি গাঁও পঞ্চায়তে বিগত ৩ বছৰৰ ধাৰাবাহিকতা অব্যাহত ৰাখি এইবাৰো যক্ষ্মামুক্ত পঞ্চায়তৰ স্বীকৃতি বৰ্তাই ৰখাৰ বাবে সোণালী ৰঙৰ ব...

June 9, 2026 6:55 PM

views 15

বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত বৰপেটাত উপস্থিত অশ্বিনী ৰায় চৰকাৰ

বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাজত সামাজিক ন্যায় আৰু সৱলিকৰণ, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ জিলাখনত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সম্ভাব্য বান পৰিস্থিতি পর্যালোচনা কৰাৰ লগতে আগতীয়আকৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববী।য়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো সেৱা জনায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে অনাগত দিনত বৰপেটাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। ইয়াৰ বাবে তেওঁ...