August 13, 2026 5:10 PM

views 23

ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণৰ দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূর্ণগতিত ৰূপায়ণ

ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণৰ দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূর্ণগতিত ৰূপায়ণ কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই এই অভিযানৰ অংশ হিচাপে অসমবাসীক নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয়, যে ত্ৰিৰংগ পতাকা দেশবাসীৰ বাবে সন্মান, গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক। এই পতাকাই জনসাধাৰণক দেশৰ প্ৰতি দায়বদ্ধ হ’বলৈ উৎসাহিত কৰা বুলি তেঁও কয়। গোৱালপাৰা জিলা প্ৰশাসনে হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে আজি চাইকেল সমদল উলিয়ায়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ...

August 13, 2026 5:04 PM

views 23

ডিমাচা ভাষাক অন্যতম চৰকাৰী ভাষাৰূপে স্বীকৃতি দিয়া বাবে ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ বিশেষ অনুষ্ঠানৰ আয়োজন

ডিমা হাচাও জিলাত ডিমাচা ভাষাক অন্যতম চৰকাৰী ভাষাৰূপে স্বীকৃতি দিয়া বাবে কালি ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত পৰিষদৰ কাৰ্যবাহী সদস্য, বিভিন্ন বিষয়ববীয়া আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলে চৰকাৰৰ এই সিদ্ধান্তৰ শলাগ লোৱাৰ লগতে ডিমা হাচাওৰ ঐতিহ্যময় সাংস্কৃতিক আৰু নৃতাত্ত্বিক বৈচিত্র্যক আগবঢ়াই নিয়াৰ বাবে এই সিদ্ধান্তই বিশেষভাৱে সহায় কৰিব বুলি প্ৰকাশ কৰে। চৰকাৰী আৰু ৰাজহুৱা কাম-কাজত ডিমাচা ভাষাৰ বহুল প্রয়োগে পৰৱৰ্তী সময়ত নিশ্চয় সুফল কঢ়িয়াই আনিব বুলি ...

August 13, 2026 5:04 PM

views 26

যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ বাবে সাংসদসকলৰ সৈতে কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ মত-বিনিময়

  যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ বাবে সাংসদসকলৰ সৈতে যোগাযোগ স্থাপন কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রকাশ নাড্ডাই কালি ঝাৰখণ্ড আৰু ওড়িশাৰ সাংসদসকলৰ সৈতে মত বিনিময় কৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে আয়োজিত এই কার্যসূচীত দিয়া ভাষণত শ্রী নাড্ডাই যক্ষ্মা মুক্ত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত স্থায়ী ৰাজনৈতিক আৰু প্ৰশাসনিক সংযোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ উদ্ভাৱনীমূলক ৰোগী চিনাক্তকৰণ কৌশল, আগতীয়াকৈ ৰোগ নিৰ্ণয়, ৰোগীকেন্দ্ৰিক যত্ন আৰু সামূ...

August 13, 2026 4:57 PM

views 24

৯ আগষ্টৰ পৰা দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ

যোৱা ৯ আগষ্টৰ পৰা দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাতে এই অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। ২০২২ চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্রহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক ত্ৰিৰংগ পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা অভিযানে বিশেষ ...

August 13, 2026 4:57 PM

views 20

২০২০ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছেঃ প্রমোদ বড়ো

২০২০ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি সাংসদ প্রমোদ বড়োৱে মন্তব্য কৰিছে। ৰাজ্যসভাত আজি বড়ো শান্তি চুক্তি ২০২০ৰ ৰূপায়ণৰ স্থিতিক লৈ উদ্বেগ প্রকাশ কৰি সাংসদগৰাকীয়ে কয়, যে চুক্তিখন বাস্তৱায়িত কৰা দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ সাংবিধানিক, প্রশাসনিক আৰু বিত্তীয় উন্নয়ন আৰু পুনৰ্বাসনৰ প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ এতিয়াও ৰূপায়ণ হ’বলৈ বাকী আছে বুলি মন্তব্য কৰে। প্ৰতিশ্ৰুতিসমূহ সময়মতে ৰূপায়ণ হ'লেহে চৰকাৰৰ আশ্বাস পূৰণ হ'ব বুলি তে...

August 13, 2026 4:57 PM

views 23

গুৱাহাটীৰ ফাঁচী বজাৰৰ এছ এছ ৰোড, এম এছ ৰোড আৰু এইচ বি ৰোডক ব্যৱসায় নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা

ৰাজ্য চৰকাৰে যান-জঁট ৰোধ কৰাৰ লগতে পথচাৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ ফাঁচী বজাৰৰ এছ এছ ৰোড, এম এছ ৰোড আৰু এইচ বি ৰোডক ব্যৱসায় নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰিছে আৰু পথকেইটাত যান-বাহন ৰখোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ অধ্যক্ষতাত কালি জনতা ভৱনত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকত গুৱাহাটীৰ ব্যস্ত ব্যৱসায়ী অঞ্চলসমূহৰ অন্যতম ফাঁচী বজাৰত যান-জঁট দূৰ কৰাৰ বিভিন্ন ব্যৱস্থা সম্পর্কে আলোচনা কৰা হয়। বিভাগীয় বিষয়া আৰু ...

August 13, 2026 4:47 PM

views 33

যশস্বী সাহিত্যিক, কেইবাখনো ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক ড° ভৱেন্দ্ৰ নাথ শ‍ইকীয়াৰ মৃত্যু বার্ষিকী উপলক্ষে শ্ৰদ্ধা নিবেদন

যশস্বী সাহিত্যিক, কেইবাখনো ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক ড° ভৱেন্দ্ৰ নাথ শ‍ইকীয়াৰ মৃত্যু বার্ষিকী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। এই উপলক্ষে সাহিত্যিকগৰাকীৰ সপোনৰ প্ৰকল্প আৰোহণত বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। চলচ্চিত্ৰৰ উপৰি অনাতাঁৰ আৰু ভ্রাম্যমান নাট ৰচনা কৰি যশস্যা অৰ্জন কৰা সাহিত্যিকগৰাকী পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ১৯৭৬ চনত সাহিত্য একাডেমী, ১৯৯০ চনত অসম উপত্যকা সাহিত্য বঁটা, ১৯৯৮ চনত শ্ৰীমন্ত শং...

August 13, 2026 4:44 PM

views 39

গুৱাহাটী উচ্চ ন্যায়ালয়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। জামিন আবেদন দুখন শুনানিৰ বাবে ন্যায়াধীশ অঞ্জন মণি কলিতাৰ বিচাৰপীঠত তালিকাভুক্ত হৈছে। ইপিনে ফাষ্টট্ৰেক আদালতত গোচৰৰ ধাৰা আৰোপৰ নির্দেশক প্রত্যাহ্বান জনাই অভিযুক্ত শ্যামকানু মহন্তই দাখিল কৰা এখন আবেদনৰো উচ্চ ন্যায়ালয়ে আজি শুনানি গ্রহণ কৰিব। উল্লেখযোগ্য যে ছিংগাপুৰত গীত পৰিৱেশন কৰিবলৈ গৈ অবাঞ্চনীয় পৰিস্থিতিত মৃত্যু হোৱা জুবিন গাৰ্গৰ দেহাৱসানৰ অহা ১৯ ছেপ্তে...

August 13, 2026 4:42 PM

views 20

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড এফ চি, কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ

১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত হ'বলগীয়া গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড এফ চি, কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৪ বজাত আৰম্ভ হ'ব। বড়োলেণ্ড এফ চিয়ে আজিৰ খেলখনত কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিক বৃহৎ ব্যৱধানত পৰাস্ত কৰিব পাৰিলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব পাৰিব। অৱশ্যে প্ৰথম দুখন খেলত পৰাভূত হৈ নকআউটৰ সমীকৰণৰ পৰা বাহিৰ হোৱা কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিৰ বাবে আজিৰ খেলখন গুৰুত্বহীন।

August 13, 2026 4:13 PM

views 20

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড এফ চি, কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ

১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত হ'বলগীয়া গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড এফ চি, কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৪ বজাত আৰম্ভ হ'ব। বড়োলেণ্ড এফ চিয়ে আজিৰ খেলখনত কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিক বৃহৎ ব্যৱধানত পৰাস্ত কৰিব পাৰিলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব পাৰিব। অৱশ্যে প্ৰথম দুখন খেলত পৰাভূত হৈ নকআউটৰ সমীকৰণৰ পৰা বাহিৰ হোৱা কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিৰ বাবে আজিৰ খেলখন গুৰুত্বহীন।