যশস্বী সাহিত্যিক, কেইবাখনো ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যু বার্ষিকী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। এই উপলক্ষে সাহিত্যিকগৰাকীৰ সপোনৰ প্ৰকল্প আৰোহণত বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
চলচ্চিত্ৰৰ উপৰি অনাতাঁৰ আৰু ভ্রাম্যমান নাট ৰচনা কৰি যশস্যা অৰ্জন কৰা সাহিত্যিকগৰাকী পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ১৯৭৬ চনত সাহিত্য একাডেমী, ১৯৯০ চনত অসম উপত্যকা সাহিত্য বঁটা, ১৯৯৮ চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা আৰু ২০০১ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত সাহিত্যিকগৰাকী ২০০৩ চনৰ আজিৰ এই দিনটোতে দেহাৱসান ঘটিছিল।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই স্বনামধন্য সাহিত্যিকগৰাকীৰ পুণ্যতিথি উপলক্ষে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। এই উপলক্ষে দিয়া এটা বার্তাত মুখ্যমন্ত্রীয়ে কয়, যে মেধা আৰু প্ৰজ্ঞাৰ সাধনাৰে অব্যয় সাহিত্য আৰু চলচ্চিত্ৰ নিৰ্মাণৰ দ্বাৰা আত্মনাম লিপিবদ্ধ কৰা সাহিত্যিকগৰাকী অসমৰ এটা চিৰ জ্যোতিস্মান সত্তা। তেওঁৰ সাহিত্যৰাজিয়ে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে।