২০২০ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি সাংসদ প্রমোদ বড়োৱে মন্তব্য কৰিছে।
ৰাজ্যসভাত আজি বড়ো শান্তি চুক্তি ২০২০ৰ ৰূপায়ণৰ স্থিতিক লৈ উদ্বেগ প্রকাশ কৰি সাংসদগৰাকীয়ে কয়, যে চুক্তিখন বাস্তৱায়িত কৰা দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ সাংবিধানিক, প্রশাসনিক আৰু বিত্তীয় উন্নয়ন আৰু পুনৰ্বাসনৰ প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ এতিয়াও ৰূপায়ণ হ’বলৈ বাকী আছে বুলি মন্তব্য কৰে।
প্ৰতিশ্ৰুতিসমূহ সময়মতে ৰূপায়ণ হ’লেহে চৰকাৰৰ আশ্বাস পূৰণ হ’ব বুলি তেওঁ মন্তব্য কৰে। শ্ৰীবড়োৱে চুক্তিখনৰ ব্যৱস্থাসমূহ ৰূপায়ণৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে অৱগত কৰিবলৈ চৰকাৰৰ প্ৰতি অনুৰোধ জনায়। তেওঁ লগতে চুক্তিখনৰ ৰূপায়ণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ আহ্বান জনায়।
২০২০ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ পাছৰে পৰা বিটিচি অঞ্চলত অভূতপূর্ব উন্নয়ন হৈছে আৰু দশক দশক ধৰি অশান্তজৰ্জৰ অঞ্চলটোলৈ শান্তি ঘূৰাই অনা, সুস্থিৰতা বৰ্তাই ৰখা আৰু গণতান্ত্রিক শাসন ব্যৱস্থা স্থাপনত চুক্তিখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলিও সাংসদগৰাকীয়ে দাবী কৰে।