August 13, 2026 4:57 PM

views 19

২০২০ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছেঃ প্রমোদ বড়ো

২০২০ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি সাংসদ প্রমোদ বড়োৱে মন্তব্য কৰিছে। ৰাজ্যসভাত আজি বড়ো শান্তি চুক্তি ২০২০ৰ ৰূপায়ণৰ স্থিতিক লৈ উদ্বেগ প্রকাশ কৰি সাংসদগৰাকীয়ে কয়, যে চুক্তিখন বাস্তৱায়িত কৰা দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ সাংবিধানিক, প্রশাসনিক আৰু বিত্তীয় উন্নয়ন আৰু পুনৰ্বাসনৰ প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ এতিয়াও ৰূপায়ণ হ’বলৈ বাকী আছে বুলি মন্তব্য কৰে। প্ৰতিশ্ৰুতিসমূহ সময়মতে ৰূপায়ণ হ'লেহে চৰকাৰৰ আশ্বাস পূৰণ হ'ব বুলি তে...

July 25, 2025 8:23 PM

views 61

কোকৰাঝাৰৰ কেন্দ্ৰীয় প্রযুক্তি প্ৰতিষ্ঠানত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন

বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰৰ কেন্দ্ৰীয় প্রযুক্তি প্ৰতিষ্ঠানত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে। ৩০ লাখ টকা ব্যয় সাপেক্ষে এই প্রতিমূৰ্তিটো নিৰ্মাণ কৰা হ'ব। অনুষ্ঠানত অধ্যাপক দেৱেন্দ্ৰ জালিহালকে ধৰি কেন্দ্ৰীয় প্রতিষ্ঠানটোৰ অতিৰিক্ত ভাৰপ্ৰাপ্ত সঞ্চালক, শীৰ্ষ বিষয়া আৰু অন্যান্য অধ্যাপকসকল উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি শ্রী বড়োৱে ভৱিষ্যৎ প্ৰজন্মৰ বাবে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ শিক্ষা আৰু আদৰ্শক সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে...

July 14, 2025 10:41 AM

views 52

তামুলপুৰত জাতীয় সংগঠন সমূহৰ ইতিবাচক মনোভাবৰ প্ৰশংসা বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৰ

● বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে কালি সন্ধিয়া তামুলপুৰত অনুষ্ঠিত এখন সভাত অংশগ্রহণ কৰি জাতীয় সংগঠন সমূহৰ ইতিবাচক মনোভাবৰ প্ৰশংসা কৰে। গয়বাৰী ব্লক ইউ পি পি এলৰ উদ্যোগত অনুষ্ঠিত এই সভাত বি টি আৰৰ প্ৰধানগৰাকীয়ে অঞ্চলটোৰ শতাধিক জ্যেষ্ঠ নাগৰিকৰ সৈতে মত-বিনিময় কৰে। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ লগতে বহু কেইগৰাকী দলীয় নেতাকর্মী উপস্থিত থাকে। সভাৰ অন্তত সাংবাদিকৰে সৈতে হোৱা কথা-বতৰাত মুখ্য কাৰ্যবাহী বড়োৱে বি টি আৰৰ উন্নয়...

June 9, 2025 7:54 PM

views 70

কোকৰাঝাৰত হিতাধিকাৰী সন্মিলন তথা আর্থ সামাজিক সজাগতা কাৰ্যসূচীৰ আয়োজন

বিটিআৰ প্ৰশাসনে আজি কোকৰাঝাৰ জিলাৰ শিলবাৰী খেলপথাৰত এখন হিতাধিকাৰী সন্মিলন তথা আর্থ সামাজিক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সম্পৰ্কত হিতাধিকাৰীসকলক সজাগ কৰাৰ লগতে তৃণমূল পৰ্যায়ৰ পৰা সমাজত এনে আঁচনিসমূহৰ প্ৰভাৱ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, কেইবাগৰাকী কাৰ্যবাহী সদস্য, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সঞ্চালকৰ লগতে কেইবাগৰাকী শীর্ষ বিষয়াই অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰী বড়োৱে...

February 24, 2025 12:56 PM

views 68

কাজলগাঁৱত ছহিদ সুজিৎ নাৰ্জাৰীৰ সোঁৱৰণীত নতুনকৈ নিৰ্মাণ কৰা প্ৰেক্ষাগৃহ মুকলি প্রমোদ বড়োৰ

বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কালি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত ছহিদ সুজিৎ নাৰ্জাৰীৰ সোঁৱৰণীত নতুনকৈ নিৰ্মাণ কৰা এটা প্ৰেক্ষাগৃহ মুকলি কৰে। বি টি আৰ চুক্তি অনুসৰি প্ৰতিটো পৰিষদীয় সমষ্টিতে এনে ধৰণৰ সামূহিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। নৱ নিৰ্মিত কাজল গাঁৱৰ এই প্ৰেক্ষাগৃহটো মুকলি কৰি বি টি চি প্রধান প্রমোদ বড়োৱে কয়, যে জিলা সদৰৰ সৰ্বসাধাৰণ ৰাইজৰ সভা-সমিতি অনুষ্ঠিত কৰাৰ বাবে এই প্রেক্ষাগৃহটো উপযুক্ত হ'ব। তেওঁ কয়, যে বি টি আৰৰ প্ৰতিটো সমষ্টিতে নিৰ্মাণ হ'বলগীয়া ছহিদ সুজিৎ না...

January 4, 2025 6:28 PM

views 62

অতি পুৰণি শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰৰ উন্নীতকৰণৰ বাবে বি টি চি পৰিষদৰ আৰ্থিক অনুদান

বাক্সা জিলাৰ জালাহত আজি বি টি আৰৰ প্ৰধান প্রমোদ বড়োৱে অঞ্চলটোৰ অতি পুৰণি শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰৰ উন্নীতকৰণৰ বাবে বি টি চি পৰিষদৰ আৰ্থিক অনুদানেৰে মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বি টি আৰৰ প্ৰধান প্রমোদ বড়োৱে কয় যে মছলপুৰ শালবাৰীৰ মধ্যস্থানত অৱস্থিত জালাহৰ উন্নতিৰ বাবে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। একেদৰে, জালাহত ৰাজহুৱা শ্মশান নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগতে জালাহ টাউনত নলা নিৰ্মাণ কৰি থকা হৈছে।

September 15, 2024 7:44 PM

views 49

কোকৰাঝাৰৰ মাগুৰমাৰিত ৰাভা জনগোষ্ঠীৰ অতিথিশালা নিৰ্মাণৰ আধাৰশিলা স্থাপন

বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত মাগুৰমাৰিত ৰাভা জনগোষ্ঠীৰ এটা অতিথিশালা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানটিত কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীও অংশগ্ৰহণ কৰে ।

June 28, 2024 6:19 PM

views 61

নৰ্থ-ইষ্টার্ন ডেভলপমেণ্ট কৰ্পৰেচনৰ সৈতে প্ৰমোদ বড়োৰ গুৰুত্বপূৰ্ণ বৈঠক

তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে নৰ্থ-ইষ্টার্ন ডেভলপমেণ্ট কৰ্পৰেচনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বি টি আৰ প্ৰধানগৰাকীৰ লগতে তামুলপুৰৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, স্থানীয় বিধায়ক জলেন দৈমাৰী, কেইবাগৰাকীও কাৰ্যবাহী সদস্য, পাৰিষদ তথা জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া এই বৈঠকত উপস্থিত থাকে। উল্লেখযোগ্য যে আজিৰ এই বৈঠকত কাঠফুলা, সৰিয়হ, ষ্ট্ৰবেৰীকে ধৰি বিভিন্ন ধৰণৰ শস্যৰ কৃষি কাৰ্যৰ লগতে মৌ পালন তথা গাহৰি পালনকে আদি কৰি বিভিন্ন...

April 1, 2024 6:50 PM

views 89

লোকসভা নির্বাচন সন্দৰ্ভত বি টি আৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্রমোদ বড়োৰ সংবাদমেল

তামুলপুৰৰ সৌৰাগুৰিস্থিত বি টি আৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্রমোদ বড়োৱে সমাগত লোকসভা নির্বাচন সন্দৰ্ভত নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰে। বিৰোধী দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে, তেওঁলোকৰ শাসনকালত অসম তথা বি টি আৰৰ উন্নয়ন হোৱাৰ পৰিৱৰ্তে হত্যা, হিংসা আৰু বৃহৎ দুৰ্নীতিৰ ঘটনা সংঘটিত হৈছিল। সংবাদমেলত তেওঁ দৰং, ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত এন ডি এ প্ৰাৰ্থীৰ জয় নিশ্চিত হোৱাৰ কথাও উল্লেখ কৰে। ইফালে বাক্সা জিলাৰ শালবাৰীত আজি বি টি আৰৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে এন ডি এৰ ১...