বাক্সা জিলাৰ জালাহত আজি বি টি আৰৰ প্ৰধান প্রমোদ বড়োৱে অঞ্চলটোৰ অতি পুৰণি শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰৰ উন্নীতকৰণৰ বাবে বি টি চি পৰিষদৰ আৰ্থিক অনুদানেৰে মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বি টি আৰৰ প্ৰধান প্রমোদ বড়োৱে কয় যে মছলপুৰ শালবাৰীৰ মধ্যস্থানত অৱস্থিত জালাহৰ উন্নতিৰ বাবে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। একেদৰে, জালাহত ৰাজহুৱা শ্মশান নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগতে জালাহ টাউনত নলা নিৰ্মাণ কৰি থকা হৈছে।
Assamese | January 4, 2025 6:28 PM | Pramod Boro
অতি পুৰণি শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰৰ উন্নীতকৰণৰ বাবে বি টি চি পৰিষদৰ আৰ্থিক অনুদান