তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে নৰ্থ-ইষ্টার্ন ডেভলপমেণ্ট কৰ্পৰেচনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বি টি আৰ প্ৰধানগৰাকীৰ লগতে তামুলপুৰৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, স্থানীয় বিধায়ক জলেন দৈমাৰী, কেইবাগৰাকীও কাৰ্যবাহী সদস্য, পাৰিষদ তথা জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া এই বৈঠকত উপস্থিত থাকে। উল্লেখযোগ্য যে আজিৰ এই বৈঠকত কাঠফুলা, সৰিয়হ, ষ্ট্ৰবেৰীকে ধৰি বিভিন্ন ধৰণৰ শস্যৰ কৃষি কাৰ্যৰ লগতে মৌ পালন তথা গাহৰি পালনকে আদি কৰি বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়।
Assamese | June 28, 2024 6:19 PM | Assam | BTR | Pramod Boro
নৰ্থ-ইষ্টার্ন ডেভলপমেণ্ট কৰ্পৰেচনৰ সৈতে প্ৰমোদ বড়োৰ গুৰুত্বপূৰ্ণ বৈঠক