বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কালি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত ছহিদ সুজিৎ নাৰ্জাৰীৰ সোঁৱৰণীত নতুনকৈ নিৰ্মাণ কৰা এটা প্ৰেক্ষাগৃহ মুকলি কৰে। বি টি আৰ চুক্তি অনুসৰি প্ৰতিটো পৰিষদীয় সমষ্টিতে এনে ধৰণৰ সামূহিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। নৱ নিৰ্মিত কাজল গাঁৱৰ এই প্ৰেক্ষাগৃহটো মুকলি কৰি বি টি চি প্রধান প্রমোদ বড়োৱে কয়, যে জিলা সদৰৰ সৰ্বসাধাৰণ ৰাইজৰ সভা-সমিতি অনুষ্ঠিত কৰাৰ বাবে এই প্রেক্ষাগৃহটো উপযুক্ত হ‘ব। তেওঁ কয়, যে বি টি আৰৰ প্ৰতিটো সমষ্টিতে নিৰ্মাণ হ‘বলগীয়া ছহিদ সুজিৎ নাৰ্জাৰী সোঁৱৰণী সামূহিক প্ৰেক্ষাগৃহ আৰু অন্যান্য জনগোষ্ঠীসমূহৰ বাবে নিৰ্মাণ কৰিবলগীয়া প্ৰেক্ষাগৃহ তথা অন্যান্য অনুষ্ঠানসমূহে বি টি আৰ বাসীক যথেষ্ট উপকৃত কৰিব। প্ৰেক্ষাগৃহ মুকলি অনুষ্ঠানত কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰী, ছিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বি টি চিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, পাৰিষদ মাধৱ ছেত্ৰীৰ লগতে বহু সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে ।
Assamese | February 24, 2025 12:56 PM | Pramod Boro
কাজলগাঁৱত ছহিদ সুজিৎ নাৰ্জাৰীৰ সোঁৱৰণীত নতুনকৈ নিৰ্মাণ কৰা প্ৰেক্ষাগৃহ মুকলি প্রমোদ বড়োৰ