ভাৰতৰ অৰ্থনৈতিক বিকাশে বর্তমান বিশ্বজুৰি স্বীকৃতি লাভ কৰিছেঃ অশ্বিনী বৈষ্ণৱ

ভাৰতৰ অৰ্থনৈতিক বিকাশে বর্তমান বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে আৰু ৬ ৰ পৰা ৮ শতাংশ অর্থনৈতিক বৃদ্ধি পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত অনুষ্ঠিত উত্তৰ প্রদেশ-জাপান বিনিয়োগ সন্মিলন ২০২৬ ত অংশগ্ৰহণ কৰি এইদৰে কয়।

মন্ত্ৰী শ্ৰীবৈষ্ণৱে কয়, যে দেশৰ অৰ্থনৈতিক বিকাশৰ কাহিনী মূলতঃ ৪ টা স্তম্ভৰ দ্বাৰা পৰিচালিত হৈছে আৰু সেয়া হ’ল- সামাজিক, ডিজিটেল আৰু ভৌতিক আন্তঃগাথনিত বিনিয়োগ, সৰ্বাঙ্গীন বৃদ্ধি আৰু উৎপাদনৰ ক্ষেত্ৰত শক্তিশালী মনোনিবেশ।

এই সন্মিলনত ভাষণ দি শ্রীবৈষ্ণৱে কয় যে বিনিয়োগ এখন দেশৰ সমৃদ্ধিৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংগ আৰু দেশে প্ৰতি বছৰে ১৩০ বিলিয়ন মার্কিন ডলাৰ বিনিয়োগ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।