September 30, 2026 7:25 PM

views 6

চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰিছে

চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰি দিছে। শেহতীয়াকৈ শিক্ষা বিভাগৰ নামত সামাজিক মাধ্যম আৰু কেতবোৰ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ পাছতেই বিদ্যালয় শিক্ষা বিভাগে এটা জাননীযোগে সংবাদ মাধ্যমত প্ৰকাশিত এনে বাতৰি সত্য নহয় বুলি উল্লেখ কৰিছে। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে অভিভাৱক আৰু নাগৰিকসকলে বিদ্যালয়সমূহলৈ গৈ গঠনমূলক...

September 30, 2026 6:15 PM

views 30

শিলচৰ পৌৰনিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত

অহা ৩ অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰনিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰ শিলচৰ ভ্ৰমণ কৰিব। তেওঁ বিয়লি ৪ বজাত শিলচৰ পুলিচ পেৰেড গ্রাউণ্ডত এখন নির্বাচনী সভাত অংশ ল'ব। ড০ শৰ্মাই দলীয় কর্মী সমর্থক সকলকো সম্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাত অসম সচিবালয়ৰ কাম-কাজ পৰিচালনা সম্পৰ্কীয় পর্যালোচনা বৈঠকত অংশ ল'ব। ইয়াৰ পাছত তেওঁ ৰাইজৰ সৈতে মত-বিনিময় কৰিব। ইপিনে মন্ত্ৰী অতুল বৰা...

September 29, 2026 5:18 PM

views 23

ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ আজি স্মৃতি দিৱস

ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ আজি স্মৃতি দিৱস। অসম বুৰঞ্জীৰ ওপৰত ভিত্তি কৰি দেৱেন্দ্ৰ নাথ আচাৰ্যই কেইবাখনো উপন্যাস ৰচনা কৰিছিল। তেওঁৰ অন্য যুগ, অন্য পুৰুষ, কালপুৰুষ, জংগম আদি উল্লেখযোগ্য উপন্যাস। ১৯৭৯ চনত কালপুৰুষ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদৰ বঁটা আৰু ১৯৮৪ চনত জংগম উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকগৰাকীৰ ১৯৮১ চনৰ আজিৰ দিনটোতেই মাথো ৪৪ বছৰ বয়সত মৃত্যু হয়। কৃষিমন্ত্রী পীযুষ হাজৰিকাই সাহিত্যিকগৰাকীৰ স্মৃতি দিৱসত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে...

September 29, 2026 5:16 PM

views 26

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপি, অগপৰ শীৰ্ষ নেতৃত্বই শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শর্মাই আজি মৰিগাঁৱৰ গান্ধী ময়দানত দলীয় প্রার্থী দেৱাশিস শৰ্মাৰ হৈ প্ৰচাৰ চলায়। সভাত ড০ শৰ্মাই চৰকাৰে কল্যাণমূলক আঁচনিৰ জৰিয়তে জনসাধাৰণক নিজৰ সম্ভাৱনাৰ পূৰ্ণ ৰূপায়ণত সহায় কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ৰাইডঙীয়াত প্ৰচাৰ সভাত ভাগ লয়। কংগ্ৰেছ দলৰ নেতাসকলেও দ...

September 29, 2026 5:09 PM

views 7

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ ডিফুত সজাগতামূলক পদযাত্ৰাত অংশগ্ৰহণ

নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি কার্বি আংলং জিলাৰ ডিফুত সজাগতামূলক পদযাত্ৰাত অংশগ্ৰহণ কৰে। তেওঁ ঐতিহ্যমণ্ডিত ডিফু ক্লাবত নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অধীনত আয়োজিত এই কাৰ্যসূচীত অংশ লয়। ৰাজ্যপালগৰাকীয়ে কয়, যে বিকশিত ভাৰতক পূৰ্ণাংগ ৰূপ দিয়াৰ লগতে ৰাজ্যৰ ১০ খন জিলাত ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ এই অভিযানৰ অধীনত পদযাত্ৰাৰ আয়োজন কৰা হৈছে। তেওঁ নিচামুক্ত সমাজ গঢ়াৰ বাবে সকলোকে অংশীদাৰ হ'বলৈ আহ্বান জনায়। এই পদযাত্ৰাত অসম বিধানসভাৰ উপাধ্যক্ষ ডা০ হাব...

September 29, 2026 4:57 PM

views 9

ভাৰত-চীনৰ সম্পৰ্ক বিগত বছৰৰ তুলনাত উন্নত হৈছেঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

ভাৰতৰ সৈতে চীনৰ সম্পৰ্ক বিগত বছৰৰ তুলনাত উন্নত হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে মত প্ৰকাশ কৰিছে। নিউৱৰ্কত এছীয় সমাজে আয়োজন কৰা এটা অনুষ্ঠানত দিয়া ভাষণত ড০ জয়শংকৰে কয় যে সীমান্ত সম্পৰ্কীয় বিষয় নিষ্পত্তি হোৱাৰ লগে লগে পাৰস্পৰিক সম্পৰ্ক উন্নত হবলৈ ধৰে। তেওঁ কয় যে দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি আৰু দীৰ্ঘদিনীয়া বিবাদে অচলাৱস্থা কোনো ৰাষ্ট্ৰৰ হিতৰ হকে কাম নকৰে। ভাৰত আমেৰিকাৰ সম্পৰ্ক আৰু বাণিজ্য চুক্তি সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে দুয়ো দেশে এই চুক্তি সন্দৰ্ভত ...

September 29, 2026 4:51 PM

views 8

ভাৰতে বিশ্বৰ বিমান পৰিবহনৰ প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে বিশ্বৰ তৃতীয় সর্ববৃহৎ‍ বিমান পৰিবহন বজাৰ হিচাপে পৰিগণিত হোৱাৰ দিশত কাম কৰি আছেঃ কে ৰামমোহন নাইডু

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্রী কে ৰামমোহন নাইডুৱে কয় যে ভাৰতে বিশ্বৰ বিমান পৰিবহনৰ প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে বিশ্বৰ তৃতীয় সর্ববৃহৎ‍ বিমান পৰিবহন বজাৰ হিচাপে পৰিগণিত হোৱাৰ দিশত কাম কৰি আছে। আজি নতুন দিল্লীত অনুষ্ঠিত ৰূটছ এছিয়া ২০২৭ শীৰ্ষক অনুষ্ঠান উপলক্ষে এখন সংবাদমেলত শ্রীনাইডুৱে এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে বিমান যাত্ৰীৰ সংখ্যা বৰ্তমানৰ ২৪ কোটিৰ পৰা প্ৰায় ৬ গুণ বৃদ্ধি কৰি ২০৪৭ চনত ১৩০ কোটি কৰাৰ বাবে লক্ষ্য লৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত কাৰ্যক্ষম বিমান ব...

September 29, 2026 4:43 PM

views 13

শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ চৰ্চা

শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ চৰ্চালৈ আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কী বাত অনুষ্ঠানৰ ১৩৮ সংখ্যক খণ্ডত এই বনাঞ্চল আৰু ইয়ালৈ হাতীৰ পুনৰাগমনৰ বিষয়ে উল্লেখ কৰাৰ পাছত প্ৰকৃতিপ্ৰেমীসকলৰ মাজত বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰে। উল্লেখযোগ্য যে বনাঞ্চলখনত মানুহৰ সক্ৰিয়তা বৃদ্ধি পোৱাৰ ফলস্বৰূপে ইয়াৰ পৰা হাতীবোৰ ক্ৰমান্বয়ে আঁতৰি গৈছিল বুলি উল্লেখ কৰি ৩ বছৰ পূৰ্বে বনভূমিখন দখলমুক্ত কৰাৰ পাছত হাতীৰ জাকবোৰ উভতি আহিছে বুলি প্ৰধানমন্ত্রীয়ে শেহ...

September 29, 2026 3:39 PM

views 10

এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে পদক জয়ৰ ধাৰা অব্যাহত

জাপানৰ আইচি নাগ’য়াত চলি থকা এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে পদক জয়ৰ ধাৰা অব্যাহত ৰাখিছে। পুৰুষৰ জেভলিনত কালি য়ছবীৰ সিঙে ৮৫.৭২ মিটাৰেৰে ৰূপৰ আৰু ৰোহিত যাদৱে ৮৪.৩৫ মিটাৰ দলিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। পুৰুষৰ লং জাম্পত শ্ৰীশংকৰ মুৰুলীয়ে ৰূপৰ পদক অৰ্জন কৰে। ভাৰতীয় এথলীট গুলবীৰ সিঙে পুৰুষৰ ১৫০০ মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰি চলিত প্রতিযোগিতাত তেওঁ দ্বিতীয়টো ৰূপৰ পদক অৰ্জন কৰিছে। এথলীটগৰাকীয়ে পূৰ্বতে পুৰুষৰ ১০ হাজাৰ মিটাৰ দূৰত্বৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল । ইপিনে, মহিলাৰ ২৫ মিটাৰ পিষ্টলৰ ব...

September 26, 2026 9:26 PM

views 22

মিজোৰামৰ প্ৰভাৱশালী ছাত্র সংগঠন এম জেদ পিৰ আই এল পি ব্যৱস্থা শক্তিশালীভাবে বলৱৎকৰণ তথা নীতিসমূহৰ সুৰক্ষাৰ বাবে দাবী

মিজোৰামৰ প্ৰভাৱশালী ছাত্র সংগঠন এম জেদ পিয়ে ৰাজ্যখনৰ সীমা সুৰক্ষা, আন্তঃৰাজ্যিক পাৰপত্ৰ অর্থাৎ আই এল পি ব্যৱস্থা শক্তিশালীভাবে বলৱৎকৰণ তথা বিবাহ আৰু সম্পত্তি উত্তৰাধিকাৰ সম্পৰ্কীয় নীতিসমূহৰ সুৰক্ষাৰ বাবে দাবী জনাইছে। আইজলত আজি অনুষ্ঠিত সাধাৰণ সভাত সংগঠনটোৱে ৰাজ্যখনৰ চৰকাৰক মিজোৰামৰ প্ৰকৃত সীমাসমূহৰ সুৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ ল'বলৈ দাবী জনাই প্ৰস্তাৱ উত্থাপিত কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদক লালমিচাংগা চাংটেই সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই সভাই ২০২৬ চনৰ মিজো বিবাহ আৰু সম্পত্তিৰ...