এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে পদক জয়ৰ ধাৰা অব্যাহত

জাপানৰ আইচি নাগ’য়াত চলি থকা এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে পদক জয়ৰ ধাৰা অব্যাহত ৰাখিছে। পুৰুষৰ জেভলিনত কালি য়ছবীৰ সিঙে ৮৫.৭২ মিটাৰেৰে ৰূপৰ আৰু ৰোহিত যাদৱে ৮৪.৩৫ মিটাৰ দলিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

পুৰুষৰ লং জাম্পত শ্ৰীশংকৰ মুৰুলীয়ে ৰূপৰ পদক অৰ্জন কৰে। ভাৰতীয় এথলীট গুলবীৰ সিঙে পুৰুষৰ ১৫০০ মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰি চলিত প্রতিযোগিতাত তেওঁ দ্বিতীয়টো ৰূপৰ পদক অৰ্জন কৰিছে। এথলীটগৰাকীয়ে পূৰ্বতে পুৰুষৰ ১০ হাজাৰ মিটাৰ দূৰত্বৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল । ইপিনে, মহিলাৰ ২৫ মিটাৰ পিষ্টলৰ ব্যক্তিগত শাখাত ভাৰতৰ ইশা সিঙে ৰূপৰ পদক অৰ্জন কৰিছে।

২১ বছৰীয়া শ্বুটাৰ গৰাকীয়ে ৩৮ পইণ্টেৰে দ্বিতীয় স্থান দখল কৰে। পাৰুল চৌধাৰীয়ে মহিলাৰ ষ্টিপল ছেজৰ পাঁচ হাজাৰ মিটাৰত নিজৰ দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে তেওঁ মহিলাৰ তিনি হাজাৰ মিটাৰত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

মহিলাৰ ৪০০ মিটাৰ হাৰ্ডলছত বিখা ৰামৰাজে ব্ৰঞ্জৰ পদক অৰ্জন কৰি নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে। তেওঁ ব্যক্তিগত উন্নত প্ৰদৰ্শনেৰে ৫৪ মিনিটত ৭-৫ ছেকেণ্ডত দৌৰ সম্পন্ন কৰে। ভাৰতীয় এথলীট পিংকী বলহাৰাই মহিলাৰ ৭৮ কিলোগ্ৰাম অনুৰ্থ কুৰাশ্ব ইভেণ্টত দক্ষিণ কোৰিয়াৰ লীম গাৰামক ৩-০ৰ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।

ইপিনে, ভাৰতীয় পুৰুষ ক্রিকেট দলটো কোৱাৰ্টাৰ ফাইনেল নেখেলাকৈয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। নেপাল আৰু শ্ৰীলংকাৰ মাজত হ’বলগীয়া কোৱাৰ্টাৰ ফাইনেলত বিজয়ী দলটোৰ বিৰুদ্ধে ভাৰত ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব। আফগানিস্তানৰ বিৰুদ্ধে খেলখন প্রতিকুল বতৰৰ বাবে বাতিল হোৱাত দলটোৱে পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে।

ভাৰতে সম্প্ৰতি ৪টা সোণ, ২০ টা ৰূপ আৰু ২১ টা ব্ৰঞ্জসহ ৪৫ টা পদকেৰে তালিকাৰ দ্বাদশ স্থানত আছে। সম্প্রতি পদক তালিকাত ২২১টা পদকেৰে চীন প্রথম, ১৬৪টা পদকেৰে জাপান দ্বিতীয় আৰু ৯০টা পদকেৰে দক্ষিণ কোৰিয়া তৃতীয় স্থানত আছে। অহা ৪ অক্টোবৰত প্ৰতিযোগিতাৰ সামৰণি পৰিব।