July 7, 2026 7:22 PM

views 8

২০২৫বৰ্ষত মাদক দ্রব্য সম্পর্কিত গোচৰত ৪,৯০১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে

ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্রকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যত মাদক দ্রব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ড০ শৰ্মাই কয়, যে আৰক্ষীয়ে মাদক দ্রব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধীয়ে আইন হাতত তুলি ল’লে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ ব...

July 7, 2026 6:46 PM

views 7

আজি নিশা ৯.৩০ বজাত বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ’ব

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা ৯.৩০ বজাত অনুষ্ঠিত হ'ব। আনহাতে কানাডাৰ ভেংকুভাৰত আজি হ'বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলৰ অন্তিমখন খেলত কলম্বিয়াই ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন মাজনিশা ১.৩০ বজাত অনুষ্ঠিত হ'ব।

July 7, 2026 6:46 PM

views 8

ইন্দোনেছিয়াৰ ৰাজধানী জাকার্টাত ৰাষ্ট্ৰপতি প্রাব’ৱ’ ছুবিয়াণ্টোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইন্দোনেছিয়াৰ ৰাজধানী জাকার্টাত ৰাষ্ট্ৰপতি প্রাব’ৱ’ ছুবিয়াণ্টোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। এই আলোচনাকালত তেওঁ বৈদেশিক সম্পর্ক পর্যালোচনা কৰাৰ লগতে দুয়োখন দেশৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্বক গতি প্ৰদান কৰা বিষয়তো আলোকপাত কৰে। দুয়ো দেশৰ নেতা দুগৰাকীয়ে পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে বুজাবুজিৰ চুক্তিৰ আদান-প্ৰদানৰো সাক্ষী হৈ ৰয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ২০১৮ চনত স্থাপন হোৱা ভাৰত আৰু ইন্দোনেছিয়াৰ মাজৰ ব্যা...

July 7, 2026 6:26 PM

views 9

কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক

ভাৰতে কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক আয়োজন কৰিছে। কেৰালাৰ কোচ্চিত আয়োজিত এই বৈঠকৰ বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে ব্ৰীকছ গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মন্ত্ৰীসকলে পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ লগতে মহিলা নেতৃত্বাধীন উন্নয়নৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰাব। ব্ৰীকছ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হ'ব। মন্ত্ৰী পৰ্যায়ৰ ...

July 7, 2026 6:19 PM

views 11

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচূত গুলীয়াগুলিৰ ঘটনা

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচূত কালি হোৱা গুলীয়াগুলিৰ ঘটনাস্থলীত আজি বিশ্বনাথ জিলাৰ আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কালি অৰুণাচলৰ ৩০ জন লোকে বনাঞ্চল ধ্বংস কৰি থকাৰ কাৰ্যক বাধা দিবলৈ যোৱা অসমৰ বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ এটা দলক লক্ষ্য কৰি দুৰ্বৃত্তই কমেও ১৫ জাঁই গুলীচালনা কৰিছিল। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। উল্লেখযোগ্য যে কেইবা দশক ধৰি অঞ্চলটোত ভূমি দখল আৰু বনাঞ্চল ধ্বংস কার্য চলি আহিছে।

July 7, 2026 6:01 PM

views 9

ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে

ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি বিধানসভাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যত মাদক দ্রব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ড০ শৰ্মাই কয়, যে আৰক্ষীয়ে মাদক দ্রব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধীয়ে আইন হাতত তুলি ল'লে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু সমালোচনাৰ সন্মুখীন হয়। এ...

July 7, 2026 5:28 PM

views 11

জৈৱ বৈচিত্র্য আইন, ২০০২ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি

জৈৱ বৈচিত্র্য আইন, ২০০২ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ পৰামৰ্শ অনুসৰি এই অধিসূচনা জাৰি কৰিছে। অনুমোদিত সংৰক্ষণ স্থলীসমূহ দেশৰ জৈৱ বৈচিত্ৰ, প্ৰশাসন পৰিকাঠামোৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান বুলি বিবেচনা কৰা হয়। এই সংগ্ৰহালয়টোৱে বিভিন্ন বছা বছা উদ্ভিদৰ প্ৰজাতি নমুনা, সৰীসৃপ, উভচৰ, মাছ, পখিলা, ভেকুলি আদিৰ বিচিত্র প্ৰজাতিৰ নমুনা সংৰক্ষণ কৰিব। উল...

July 6, 2026 8:11 PM

views 15

১৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ ২০২৪-২৫ৰ বঁটা বিতৰণি অনুষ্ঠান কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ’ব

১৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ ২০২৪-২৫ৰ বঁটা বিতৰণি অনুষ্ঠান কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত কাশ্মীৰ বিশ্ববিদ্যালয়ে প্রথম স্থান অধিকাৰ কৰিছে। সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিজয়ী বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষাৰ্থীসকলক বঁটা বিতৰণ কৰিব। শিক্ষাৰ্থীসকলৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু সংসদীয় পদ্ধতিসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিগত ২৯ বছৰ ধৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ মাজত সংসদীয় পৰিক্ৰমা মন...

July 6, 2026 8:08 PM

views 9

বেংগালুৰুত শিলৰ কুৱেৰিত এটা বৃহৎ গ্রেনাইড শিল বাগৰি পৰি ৭ জন শ্রমিকৰ মৃত্যু

কৰ্ণাটকৰ বেংগালুৰুত এটা শিলৰ কুৱেৰিত এটা বৃহৎ গ্রেনাইড শিল বাগৰি পৰি ৭ জন শ্রমিকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰাজ্যখনৰ মুখ্য সচিবলৈ জাননী জাৰি কৰিছে। সংবাদ মাধ্যমত প্রকাশিত এটা বাতৰি প্ৰকাশ পোৱাৰ পাছত আয়োগে ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰে আৰু দুসপ্তাহৰ ভিতৰত আয়োগে এটা বিস্তৃত প্রতিবেদন বিচাৰিছে। আয়োগে কয় যে যদিহে বাতৰিতো সঁচা, তেন্তে ই মানৱ অধিকাৰৰ উলংঘনৰ এটা গম্ভীৰ বিষয়। বেংগালুৰুত যোৱা সপ্তাহত এই দুৰ্ঘটনাটো ঘটিছিল।

July 6, 2026 8:06 PM

views 9

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৬খনকৈ দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ পৰিচয়পত্র গ্রহণ কৰে

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৬খনকৈ দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ পৰিচয়পত্র গ্রহণ কৰে। মুজাম্বিকৰ উচ্চায়ুক্ত আৰমান্দো পেদ্রো মুইয়ুয়ানে জুনিয়ৰ নিকাৰাগোৱাৰ ৰাষ্ট্রদূত নাদেস্কা ইমাৰা কাথবার্ট কালচন সুৰিনামৰ ৰাষ্ট্রদূত হানিচা জয়ৰাম আৰু গেবন গণৰাজ্যৰ ঔৰেলিন মাৰ্ছেল মিনচা আৰু মংগোলীয়াৰ ৰাষ্ট্রদূত ড° উলজিৎ লোহাচঞ্জেভ আৰু বাহামাৰ উচ্চায়ুক্ত পিটাৰ নিকোলাচে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক তেওঁলোকৰ পৰিচয় পত্ৰ প্ৰদান কৰে।