September 2, 2026 7:07 PM

views 12

আই ই চি অভিযানৰ অংশ হিচাপে বজালী জিলাত এইছ আই ভি এইডছ আৰু যৌন সংক্ৰমিত ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা আই ই চি অভিযানৰ অংশ হিচাপে বজালী জিলাতো আজি এইছ আই ভি এইডছ আৰু যৌন সংক্ৰমিত ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বজালী জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বাঘমাৰাৰ নৰ্থ কামৰূপ মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত তাহিৰ আলম মুখ্য অতিথি হিচাপে উপস্থিত থাকে। কাৰ্যসূচীৰ অংশ হিচাপে এইছ আই ভি সংক্ৰমণৰ কাৰণ, প্ৰতিৰোধৰ উপায়, সময় মতে পৰীক্ষা-নিৰীক্ষাত গুৰুত্ব আৰু চিকিৎসাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰা হয়৷

September 2, 2026 7:09 PM

views 13

ৰহা অঞ্চলৰ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ৰহা টোলগেটত অঞ্চলটোত স্থানীয় বাসিন্দাসকলৰ টোল কৰ ৰেহাই দিয়াৰ ব্যৱস্থা

ৰহা অঞ্চলৰ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ৰহা টোলগেটত অঞ্চলটোত স্থানীয় বাসিন্দাসকলৰ টোল কৰ ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এক ৰাজহুৱা জাননী যোগে এই কথা ঘোষণা কৰে। আয়ুক্তগৰাকীয়ে উল্লেখ কৰে যে, সোণাপুৰ টোলগেটৰ আৰ্হিত ৰহাৱাসীকো টোল কৰৰ পৰা সকাহ দিয়াৰ বাবে টোলগেট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছে। সেই অনুসৰি ৰহাৰ ৰণথলীত থকা টেলগেটৰ ৭ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা বাসিন্দাসকলৰ ব্যক্তিগত বাহনৰ টোলকৰ ৰেহাই দিয়া হ'ব। এই সুবিধা লাভ কৰিবৰ বাবে এই অঞ্চলৰ বাসিন্দাসকল...

September 2, 2026 6:28 PM

views 19

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা অসম ৰাজ্যিক নির্বাচন আয়োগৰ

অসম ৰাজ্যিক নির্বাচন আয়োগে আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে। অহা ৩ অক্টোবৰত শিলচৰ পৌৰ নিগমৰ ৪২টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। প্রয়োজন হ'লে ৫ অক্টোবৰত পুনৰ ভোটদান অনুষ্ঠিত হ'ব বুলি নিৰ্বাচন আয়োগে সদৰী কৰে। শিলচৰ পৌৰ সভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত এইটোৱেই প্ৰথম নির্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ২০১৫ চনত শিলচৰ পৌৰ সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ১১ ছেপ্তেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ কৰাৰ অন্তিম দিন হিচাপে নির্বাচন আয়োগে প্ৰকাশ কৰে। ১৪ ছেপ্তেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষা আৰু সেইদিনাই...

September 2, 2026 6:25 PM

views 11

মঙলদৈ যুৱ সংঘত বিশ্ব নাৰিকল দিৱস উদযাপন

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰীলয়ৰ অধীনৰ ভাৰতীয় নাৰিকল উন্নয়ন পৰিষদ, অসম কৃষি বিশ্ববিদ্যালয় আৰু কাঁহিকুছিৰ নাৰিকল গৱেষণা কেন্দ্ৰৰ উদ্যোগত তথা কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ সহযোগত আৰু মঙলদৈ যুৱ সংঘত বিশ্ব নাৰিকল দিৱস উদযাপন কৰা হয়। অনিশ্চয়তাৰ সময়ত নাৰিকল–খাদ্য, শক্তি আৰু জীৱিকা সংৰক্ষণ শীৰ্ষক বিষয়বস্তুৰে উদযাপন কৰা এই কৰ্যসূচীত নাৰিকল উন্নয়ন পৰিষদৰ গুৱাহাটীৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ সঞ্চালককে ধৰি ভালেকেইগৰাকী কৃষি বিজ্ঞানী উপস্থিত থাকে। সভাত নাৰিকলৰ চাহিদা, ইয়াৰ উপকাৰিতা আৰু বিজ্ঞানসন্মতভাৱে নাৰি...

September 2, 2026 6:19 PM

views 15

বিগত ৫ বছৰত অসম আৰক্ষীত ২১ হাজাৰ নিযুক্তি প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী ৫ বছৰতো এই ধাৰাবাহিকতা অক্ষুন্ন থাকিবঃ মুখ্যমন্ত্ৰী

অসম আৰক্ষীত অনাগত সময়ত ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয়, যে বিগত ৫ বছৰত অসম আৰক্ষীত ২১ হাজাৰ নিযুক্তি প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী ৫ বছৰতো এই ধাৰাবাহিকতা অক্ষুন্ন থাকিব। ড° শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত, প্ৰমাণপত্ৰ লাভ কৰিবল...

September 2, 2026 6:05 PM

views 28

অসম অৰুণাচল সীমান্তৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ধেমাজিত দল সংগঠনৰ প্রতিবাদী কাৰ্যসূচী অব্যাহত

অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত যোৱা ১০ আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ধেমাজিত দল সংগঠনে প্রতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। জিলাখনৰ ৭ টা জাতীয় সংগঠনৰ যৌথ মঞ্চ- ধেমাজী ঐক্যমঞ্চই স্থানীয় ৰাইজৰ সহযোগত আজি কাছাৰী ময়দানৰ সন্মুখত ৰাজহুৱা মুণ্ডন আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে এই ঘটনাৰে জড়িত দুর্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ, অসম অৰুণাচলৰ সীমা সমস্যাৰ সমাধান, অসমৰ মাটিত স্থাপন কৰা অৰুণাচলৰ নিৰাপত্তাৰক্ষীৰ শিবিৰ স্থানান্তৰকৰণ, আন্তৰাজ্যিক সীমা অঞ্চলত বাস কৰা অসমৰ প্ৰ...

September 2, 2026 6:04 PM

views 13

ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা

ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে সময়ে সময়ে কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত বাক্সা আৰু বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা মানাহ আৰু বেকী নৈৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ বাক্সা জিলাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে মৰা পাগলাদিয়া, কালদিয়া, পহুমাৰা আৰু পাগলাদিয়া নৈৰ জলস্তৰ বৃদ্ধি পাই আছে। অৱশ্যে বেকী নৈৰ জলস্তৰ এতিয়াও সুস্থিৰ হৈ আছে। বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভা...

September 2, 2026 5:58 PM

views 19

ভাৰতৰ অনাহত সিঙে লণ্ডন স্কোৱাচ ক্লাচিক প্ৰতিযোগিতাত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে

ভাৰতৰ অনাহত সিঙে লণ্ডন স্কোৱাচ ক্লাচিক প্ৰতিযোগিতাত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বৰ্তমানৰ বিশ্ব জুনিয়ৰ চেম্পিয়ন অনাহতে মহিলাৰ ছিংগলচৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ইজিপ্তৰ মৰিয়ম মেটৱালিক ১১-৩, ১১-২ ফলাফলত অনায়সে পৰাস্ত কৰে। ইপিনে পুৰুষৰ ছিংগলচৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ভাৰতৰ ৰমিত টেণ্ডনে কাটাৰৰ আব্দুলা অল টমিমিক ১১-৬, ১১-১৭ ফলাফলত পৰাস্ত কৰে। অৱশ্যে ভাৰতৰ আন এগৰাকী খেলুৱৈ বীৰ চোটৰাণী ছুইজাৰলেণ্ডৰ য়ানিক ৱিহেল্মীৰ হাতত ৯-১১, ৯-১১ ফলাফলত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়৷

September 2, 2026 5:48 PM

views 12

প্ৰকৃতিৰ সৈতে সমন্বয় তথা প্ৰকৃতি আৰু মানুহৰ মাজৰ সহাৱস্থান, পৰিৱেশ সংৰক্ষণৰ ভেটি হোৱা উচিতঃ ভূপেন্দ্ৰ যাদৱ

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে প্ৰকৃতিৰ সৈতে সমন্বয় তথা প্ৰকৃতি আৰু মানুহৰ মাজৰ সহাৱস্থান, পৰিৱেশ সংৰক্ষণৰ ভেটি হোৱা উচিত। নতুন দিল্লীত ‘বাঘৰ প্ৰাকৃতিক বাসস্থান : সংৰক্ষণ, জৈৱ অৰ্থনীতি আৰু জীৱিকা তথা আয়ৰ স্তম্ভ হিচাপে পৰিৱেশ পর্যটন' শীর্ষক ২ দিনীয়া আন্তঃৰাষ্ট্ৰীয় কর্মশালা উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। শ্ৰী যাদৱে প্ৰজেক্ট টাইগাৰৰ অধীনত ভাৰতৰ সংৰক্ষণ যাত্ৰাত আলোকপাত কৰি কয় যে বাঘৰ অস্তিত্ব বনাঞ্চল, ঘাঁহনি, নদী, চিকাৰ প্ৰজাতি,...

September 2, 2026 5:36 PM

views 20

ইউৰোপৰ অৰ্থনীতিৰ আয়ুক্ত ভল্‌দিছ ডম্বভছস্কিচক সাক্ষাৎ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি আমেৰিকাৰ এশ্বভিন্নত অনুষ্ঠিত জি-২০ৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৰ্ভনৰসকলৰ বৈঠকত অংশ লোৱাৰ সময়তে ইউৰোপৰ অৰ্থনীতিৰ আয়ুক্ত ভল্‌দিছ ডম্বভছস্কিচক সাক্ষাৎ কৰে। বিত্ত মন্ত্ৰালয়ৰ উদ্ধৃতি অনুসৰি দুয়োগৰাকী নেতাই ভাৰত-ইউৰোপীয় অর্থনৈতিক আৰু বিত্তীয় অংশীদাৰিত্ব শক্তিশালী কৰা আৰু বাণিজ্য তথা প্ৰযুক্তি পৰিষদৰ কাম-কাজকে ধৰি বিভিন্ন বিষয় লৈ আলোচনাত মিলিত হয়। তেওঁলোকে ভাৰত-ইউৰোপীয় মুক্ত বাণিজ্য চুক্তি আৰু বিনিয়োগ সুৰক্ষা চুক্তি সন্দৰ্ভতো আলোচনা কৰে। ইয়াৰ লগতে জ...