প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে বিভিন্ন প্ৰান্তত শিল্পীগৰাকীলৈ শ্রদ্ধা নিবেদন

গোৱালপৰীয়া লোকগীতৰ প্ৰথিতযশা শিল্পী, পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে আজি বিভিন্ন প্ৰান্তত শিল্পীগৰাকীক শ্রদ্ধা নিবেদন কৰা হৈছে।

ধুবুৰী জিলাৰ গৌৰীপুৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন উপলক্ষে স্মৃতিচাৰণ, সাংস্কৃতিক অনুষ্ঠান আৰু লোকসংগীতৰ কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ধুবুৰী জিলা অসম সাহিত্য সভাইও দিনজোৰা কাৰ্যসূচীৰে শিল্পীগৰাকীৰ জন্মবার্ষিকীৰ আয়োজন কৰিছে। জিলাখনৰ বিলাসীপাৰা আৰু চাপৰতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে শ্রদ্ধা নিবেদন কৰিছে৷ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে প্ৰতিমা বৰুৱা পাণ্ডেই গোৱালপৰীয়া লোকগীতৰ সুৰত অসমৰ মাটি, মানুহ আৰু জীৱনৰ সজীৱ ছবি আঁকি থৈ গৈছে বুলি মন্তব্য কৰে।

শিল্পীগৰাকীৰ কণ্ঠত মাটিৰ গোন্ধ, ব্ৰহ্মপুত্ৰৰ সোঁত আৰু জনজীৱনৰ সুখ-দুখৰ অজস্ৰ অনুভৱ পোৱা যায় বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, যে হস্তীৰ কন্যা হিচাপে খ্যাত শিল্পীগৰাকীয়ে লোকগীতক কেৱল গীত হিচাপে নহয়, বৰঞ্চ অসমৰ লোকজীৱন আৰু সংস্কৃতিৰ অমূল্য সম্পদ হিচাপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। তেওঁৰ সুৰে প্ৰজন্মৰ পাছত প্ৰজন্মক আজিও সমৃদ্ধ কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।