October 5, 2026 2:25 PM

views 5

ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ প্ৰশংসা

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক প্ৰশংসা কৰি কয় যে এই চুক্তিয়ে বাণিজ্য চুক্তি সন্দৰ্ভত আলোচনা আৰু চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত মিউনিখ নেতৃবৃন্দৰ বৈঠকত দিয়া ভাষণত শ্ৰীমতী সীতাৰমনে কয় যে সকলো চুক্তিৰ ভেটি হিচাপে অভিহিত এই চুক্তিয়ে প্রায় ২ বিলিয়ন লোকক প্ৰতিনিধিত্ব কৰা অৰ্থনীতি আৰু বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় এক-চতুর্থাংশ সামৰি লৈছে। বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিয়ে প্রতিযোগি...

October 3, 2026 9:04 PM

views 9

ভাৰতে বর্তমান মুক্ত বাণিজ্য সম্পৰ্কৰ নেটৱৰ্ক নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব দিছেঃ পিয়ুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিয়ুষ গোৱেলে কয় যে ভাৰতে বর্তমান মুক্ত বাণিজ্য সম্পৰ্কৰ নেটৱৰ্ক নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব দিছে আৰু ইয়াৰ জৰিয়তে বিশ্ব অর্থনীতিৰ ৭৫ ৰ পৰা ৮০ শতাংশ সামৰি লব পৰা যাব। চিকাগোত অনুষ্ঠিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতীয় সমুদায়ৰ সংঘই আয়োজন কৰা এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়া বৰ্ষসমূহত ভাৰতে বাণিজ্য ক্ষেত্ৰত আলোচনাৰ জৰিয়তে বহুখিনি আগবাঢ়ি গৈছে আৰু অতি সোনকালে এই দিশত বহুকেইটা নতুন পদক্ষেপ গ্ৰহণ কৰাৰ থল আছে। তেওঁ লগতে কয় যে ক্রমবর্ধমান এই সুসম্পৰ্কই ভাৰতৰ পৰা ...

October 3, 2026 9:00 PM

views 7

আই পি ইউৰ ১৫৩ সংখ্যক সভা আৰু আনুষংগিক বৈঠকত অংশগ্ৰহণৰ বাবে ৰাজ্যসভাৰ ভাৰতীয় সংসদীয় প্ৰতিনিধিৰ দল তাঞ্জানিয়ালৈ ৰাওনা

ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশৰ নেতৃত্বত এটা ভাৰতীয় সংসদীয় প্ৰতিনিধিৰ দল অহা ৫ ৰ পৰা ৯ অক্টোবৰলৈ হ’বলগীয়া আন্তঃসংসদীয় সংঘ আই পি ইউৰ ১৫৩ সংখ্যক সভা আৰু আনুষংগিক বৈঠকত অংশগ্ৰহণৰ বাবে তাঞ্জানিয়ালৈ ৰাওনা হৈছে। প্ৰতিনিধি দলটোৱে সাম্প্রতিক বিশ্বৰ প্ৰাসংগিক বিষয়সমূহ সন্দৰ্ভত বিস্তৃত বৈঠক, আলোচনা আৰু কৰ্মশালাত অংশগ্ৰহণ কৰি এই বিষয়সমূহৰ সম্পৰ্কত ভাৰতৰ দৃষ্টিভংগী প্ৰকাশ কৰিব। শ্ৰী হৰিবংশে প্ৰশাসনীয় পৰিষদ, সাধাৰণ বিতৰ্ক, জৰুৰীকালীন বিষয় সম্পৰ্কীয় বিতৰ্ক আৰু আই পি ইউৰ অধ্যক্ষ পদৰ প্ৰাৰ্থীসকলৰ সৈতে মত-...

October 3, 2026 8:51 PM

views 8

হৰমুজ প্রণালীত আৱদ্ধ হৈ থকা ৫ জন ভাৰতীয়ক উদ্ধাৰৰ বাবে ভাৰতীয় দূতাবাসৰ ওমানৰ কৰ্তৃপক্ষৰ ফালৰ পৰা যোগাযোগ

হৰমুজ প্রণালীত কুৱেইটৰ পতাকা যুক্ত টেংকাৰ এম টি কাজিমা ৩-ত ক্ষেপনাস্ত্ৰৰ দ্বাৰা হোৱা এটা আক্ৰমণৰ সময়ত আৱদ্ধ হৈ থকা ৫ জন ভাৰতীয়ক উদ্ধাৰ কৰিবৰ বাবে ভাৰতীয় দূতাবাসে ওমানৰ কৰ্তৃপক্ষৰ ফালৰ পৰা ইতিমধ্যে যোগাযোগ কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰা মতে, আৱদ্ধ হৈ থকা পাচোজন ভাৰতীয়ক নিৰাপদে উদ্ধাৰ কৰা হয়। এই ক্ষেত্ৰত ওমান কর্তৃপক্ষই আগবঢ়োৱা সহযোগিতাৰ বাবে ভাৰতীয় দূতাবাসে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, বিদেশত কৰ্মৰত ভাৰতীয় নাবিকসকলৰ সুৰক...

October 3, 2026 6:45 PM

views 13

এছিয়ান গেমছত পুৰুষৰ মল্লযুদ্ধৰ ৫৭ কিলোগ্রাম ওজন শাখাত ভাৰতৰ অমন শ্বেহৰাৱটৰ সোণৰ পদক

জাপানৰ নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ অমন শ্বেহৰাৱটে আজি পুৰুষৰ মল্লযুদ্ধৰ ৫৭ কিলোগ্রাম ওজন শাখাত উত্তৰ কোৰিয়াৰ বিশ্ব চেম্পিয়ন চং ছং হানক ১১-৭ ফলাফলত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। হাংজৌ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰা ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে ফাইনেলত অসীম বুদ্ধিৰ পৰিচয় দিয়ে আৰু হানৰ সকলো প্ৰচেষ্টা ব্যর্থ কৰে। ইপিনে দীপক পুনিয়াই আজি পুৰুষৰ মল্লযুদ্ধৰ ৯৭ কিলোগ্রাম ওজন শাখাৰ ফ্রিষ্টাইল শিতানত মংগোলীয়াৰ গানখুয়াগ গানবাটাৰক পৰাভূত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াকে লৈ ভাৰতে এইবাৰ এছিয়া...

October 3, 2026 6:18 PM

views 6

আকাশবাণীৰ ‘মন কি বাত’ অনুষ্ঠানৰ ১২ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাহেকীয়া অনুষ্ঠান মন কি বাতে আজি ১২ বছৰ সম্পূৰ্ণ কৰিছে। ২০১৪ চনৰ আজিৰ দিনটোতে, বিজয়া দশমী উপলক্ষে মন কী বাতৰ প্ৰথম খণ্ড প্ৰচাৰ কৰা হৈছিল। শেহতীয়াভাৱে মন কী বাতৰ ১৩৮ সংখ্যক খণ্ড প্ৰচাৰ কৰা হৈছে। এই ১২ বছৰত মন কী বাতে দেশৰ বিকাশৰ যাত্ৰাত নাগৰিকসকলক সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লগতে সমগ্ৰ দেশত চলি থকা ইতিবাচক পৰিৱৰ্তনক গুৰুত্ব দিয়াৰ ক্ষেত্ৰত এখন অনন্য মঞ্চ প্ৰদান কৰি আহিছে। এই অনুষ্ঠানৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত শিক্ষা, স্বাস্থ্যসেৱা, পৰিবেশ সংৰক্ষণ,...

October 3, 2026 6:09 PM

views 6

অর্থনৈতিক সৱলীকৰণ আৰু সামাজিক সৱলীকৰণৰ বিষয় দুটা পৃথক বা সুকীয়া সুকীয়াকৈ চাব পৰা নাযায়ঃ উপ ৰাষ্ট্ৰপতি

অর্থনৈতিক স্থিতিস্থাপকতাক সামাজিক স্থিতিস্থাপকতাৰ পৰা পৃথক কৰিব নোৱাৰি। নতুন দিল্লীত আজি পঞ্চম কৌতিল্য অর্থনৈতিক সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এইদৰে প্ৰকাশ কৰে । তেওঁ কয়, যে গণতন্ত্ৰ আৰু উন্নয়ন একেলগে প্ৰগতিৰ দিশত অগ্ৰসৰ হ'ব পাৰে। সহমত অন্তৰ্ভুক্তিকৰণ আৰু সঁহাৰিজনক নীতি নিৰ্ধাৰণে বহনক্ষম উন্নয়নৰ ভেটি গঢ়ে বুলি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে নগৰিক, উদ্যোগ আৰু অঞ্চলসমূহৰ উন্নয়নে প্রকৃত স্থিতিস্থাপকতা নিশ্চিত কৰিব পাৰে। ২০৪৭ চনৰ ভিতৰত বি...

October 3, 2026 5:07 PM

views 11

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি

বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ মিহিমুখত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখন ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে বন বিভাগ আৰু পৰ্যটন বিভাগে বর্ধিত পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাথনিৰ উন্নয়ন, বৰ্তমানৰ সুবিধাসমূহৰ আধুনিকীকৰণ আৰু নতুন আকর্ষণ সংযোজনৰ দিশত যৌথভাৱে কাম কৰি যাব। প্ৰাৰম্ভিক বুকিং আৰু পৰ্যটকৰ সহায় লৈ চাই এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অভিলেখ সংখ্যক পৰ্যটনৰ আগমন ঘটিব বুলি তেওঁ আশা প্ৰকাশ কৰ...

October 3, 2026 5:00 PM

views 12

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণিৰ বাবে এদিন বাকী

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এদিন বাকী থকা অৱস্থাত শাসক-বিৰোধী উভয়ে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জুৰিয়া আৰু লাহৰিঘাটত প্ৰচাৰ সভাত অংশ লয়। কংগ্ৰেছ দলৰ নেতাসকলেও দলীয় প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ ঠায়ে ঠায়ে প্ৰচাৰ চলাই আছে। জিলা প্রশাসনে নির্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে ভালেমান পদক্ষেপ লৈছে। সমষ্টিটোৰ স্পৰ্শকাতৰ অঞ্চলসমূহত আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয...

October 3, 2026 4:56 PM

views 32

১৭ অক্টোবৰ দুৰ্গা পুজাৰ সপ্তমীৰ দিনটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত বন্ধৰ দিন হিচাপে ঘোষণা অসম চৰকাৰৰ

ৰাজ্য চৰকাৰে অহা ১৭ অক্টোবৰ দুৰ্গা পুজাৰ সপ্তমীৰ দিনটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। যোৱা ২৪ ছেপ্তেম্বৰত গ্ৰহণ কৰা মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি ১৭ অক্টোবৰৰ দিনটো অতিৰিক্ত ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই অনুসৰি ১৭ অক্টোবৰৰ দিনা ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়, ৰাজহ আৰু দণ্ডাধীশৰ আদালত বন্ধ থাকিব।