September 4, 2026 5:04 PM

views 20

চাইনা মাষ্টাৰ্ছ বেডমিণ্টনত ভাৰতীয় যুটি সাত্বিক ছাইৰাজ ৰণকিৰেড্ডি আৰু চিৰাগ ছেট্টী ডেনমাৰ্কৰ যুটি কিম আক্ট্রোপ আৰু এণ্ডাৰ্ছ স্কাৰূপ ৰাছমোচেনৰ বিৰুদ্ধে অৱতীৰ্ণ

চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতীয় যুটি সাত্বিক ছাইৰাজ ৰণকিৰেড্ডি আৰু চিৰাগ ছেট্টীয়ে আজি বিয়লি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ডেনমাৰ্কৰ যুটি কিম আক্ট্রোপ আৰু এণ্ডাৰ্ছ স্কাৰূপ ৰাছমোচেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৪ বাজি ১০ মিনিটত আৰম্ভ হ'ব। ভাৰতীয় যুটিটোৱে যোৱানিশাৰ এখন খেলত ফ্ৰান্সৰ টোমা জুনিয়ৰ পপ’ভ আৰু ক্ৰিষ্ট' পপ’ভক ২১-১৭, ২২–২৪, ২১-৯ গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইপিনে, পুৰুষৰ ছিংগল্‌ছত কিদাম্বি শ্রীকান্তে আজি চেনজেনত অনুষ্ঠিত কোৱাৰ্টাৰ ...

September 4, 2026 4:34 PM

views 19

সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি-নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন

সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি-নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দিয়া এটা বাৰ্তাত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু শিকনিসমূহে দেশৰ সংস্কৃতি আৰু দার্শনিক ঐতিহ্যত এটা নতুন মাত্ৰা প্ৰদান কৰিছে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীকৃষ্ণৰ আদৰ্শক আঁকোৱালি লৈ বিকশিত ভাৰত আৰু সামগ্রিক বিকাশৰ বাবে অবিৰামভাৱে কাম কৰি যোৱাৰ বাব...

September 4, 2026 4:37 PM

views 14

নতুন দিল্লীত আজিৰে পৰা ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত

নতুন দিল্লীত আজিৰে পৰা ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত ব্ৰিকছৰ সদস্য-ৰাষ্ট্ৰসমূহৰ লগতে সহযোগী দেশসমূহৰ পৰাও মুখ্য ন্যায়াধীশ, সৰ্বোচ্চ ন্যায়ালয়ৰ অধ্যক্ষ আৰু ন্যায়িক খণ্ডৰ জ্যেষ্ঠ প্রতিনিধিসকলে অংশগ্রহণ কৰিছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ আতিথ্যৰে আয়োজিত এই সন্মিলনৰ আজিৰ প্ৰথমটো দিনত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে ৰাছিয়া, চীন, ইজিপ্ত, ইণ্ডোনেছিয়া, সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ, বেলাৰুচ, কাজাখস্তান, দক্ষিণ আফ্রিকা, ইৰান আৰু উজবেকিস্তানৰ ন্যায়...

September 4, 2026 4:16 PM

views 17

জি এছ এল ভি-এফ-১৭ৰ সফল উৎক্ষেপনৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক অভিনন্দন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ই অ’ এছ-০৫ নামৰ কৃত্ৰিম উপগ্ৰহটো কঢ়িয়াই নিয়া জি এছ এল ভি - এফ- ১৭ৰ সফল উৎক্ষেপনৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত শ্রীমোদীয়ে এই সফল উৎক্ষেপনৰ জৰিয়তে ভাৰতৰ মহাকাশ খণ্ডৰ উৎকৃষ্টতা, উদ্ভাৱনী শক্তি আৰু ক্ৰমবৰ্ধমান সামর্থ্যৰ প্ৰতিফলন ঘটা বুলি মত প্ৰকাশ কৰে। ইছৰো আৰু ভাৰতীয় উদ্যোগৰ মাজত ক্রমান্বয়ে বৃদ্ধি পাই অহা সহযোগিতাই দেশখনৰ মহাকাশ আঁচনিসমূহলৈ নতুন শক্তিৰ যোগান ধৰা বুলিও উল্লেখ কৰি এই সফলতাক ত...

September 2, 2026 9:17 PM

views 19

চীনত অনুষ্ঠিত চীন মাষ্টাৰ্ছ ছেভেন ফিফটি প্রতিযোগিতাৰ একক শাখাত ভাৰতৰ কাদম্বি শ্রীকান্ত আৰু তনৱী শৰ্মা দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

চীনত অনুষ্ঠিত চীন মাষ্টাৰ্ছ ছেভেন ফিফটি প্রতিযোগিতাৰ একক শাখাত ভাৰতৰ কাদম্বি শ্রীকান্ত আৰু তনৱী শৰ্মা দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ২০২১ চনৰ বিশ্ব ছেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী কাদম্বী শ্রীকান্তে উদ্বোধনী খেলখনত চীনা টাইপেয়ীৰ চি ইউ জেনক ২১-১৬, ২১-১৫ পোনপটীয়া ছেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। পুৰুষৰ দ্বৈত শাখাত সত্তিকসাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ ছেটীৰ যুটীটোৱে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। মিক্সড ডাবলছৰ যুটী ধ্ৰুৱ কপিলা আৰু তনিশা ক্ৰাষ্টোৰ যুটীটোও দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে।

September 2, 2026 9:02 PM

views 13

মধ্য প্ৰদেশৰ শিৱপুৰীত দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি মধ্য প্ৰদেশৰ শিৱপুৰীত দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰে। তেওঁ শিৱপুৰীত আধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা মুখ্য ডাকঘৰটো উদ্বোধন কৰে। এতিয়াৰে পৰা স্থানীয় ৰাইজে একেটা স্থানতে স্পীড পোষ্ট, সঞ্চয় বেংক, ডাক জীৱন বীমা, আধাৰ আৰু বিভিন্ন বিত্তীয় সেৱা লাভ কৰিব পাৰিব। ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে শিৱপুৰীৰ কাকৰৱায়াত দেশৰ সপ্তমটো ডাক প্রশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে ভূমিপূজন অনুষ্ঠানত অংশগ্রহণ কৰে। প্ৰায় ৯১ কোটি...

September 2, 2026 8:47 PM

views 17

আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় পুৰুষ দল ঘোষণা

আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় পুৰুষ দলটো ঘোষণা কৰা হৈছে। শ্রেয়াছ আয়াৰে নেতৃত্ব দিবলগীয়া দলটোত তিলক বার্মা উপ-অধিনায়ক হিচাপে থাকিব। দলটোৰ আনকেইগৰাকীমান খেলুৱৈ হৈছে যশপ্রীত বুমৰা, ৱাশ্বিংটন সুন্দৰ আৰু হৰ্ষিত ৰাণা। অহা ১৩, ১৫ আৰু ১৭ ছেপ্তেম্বৰত নতুন দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত এই শৃংখলা অনুষ্ঠিত হ'ব।

September 2, 2026 8:45 PM

views 20

ডিব্ৰুগড় জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতৰ  ৫ জন অপৰাধীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত

ডিব্ৰুগড় জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে হত্যাৰ পৃথক পৃথক অভিযোগত অভিযুক্ত ৫ জন অপৰাধীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে এজনক ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড ৰায় দিছে। ৰায়দান কৰা গোচৰসমূহৰ ভিতৰত ডিব্ৰুগড় থানা চৌহদত সংঘটিত এটা নৃশংস হত্যাকাণ্ডৰ গোচৰক বিশেষ গুৰুত্ব সহকাৰে লোৱা হয়৷

September 2, 2026 8:42 PM

views 17

ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্তেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব

ভাৰতৰত্ন সন্মানেৰে সন্মানিত ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্তেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহীৰূহ ড° ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। বিগত বৰ্ষৰ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী ...

September 2, 2026 8:16 PM

views 13

গুৱাহাটী মহানগৰৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অৰুণোদয় সাৰথি কর্মশালা তথা প্ৰশিক্ষণৰ বিশেষ কার্যসূচী অনুষ্ঠিত

গুৱাহাটী মহানগৰৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি অৰুণোদয় সাৰথি কর্মশালা তথা প্ৰশিক্ষণৰ বিশেষ কার্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কৰ্মশালাৰ অৰুণোদয় সাৰথিসকলৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গৰ সৈতে মত-বিনিময় কৰে। অৰুণোদয় আঁচনি অসমৰ তৃণমূল পৰ্যায়ত মহিলাসবলীকৰণৰ এক শক্তিশালী মাধ্যম বুলি বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই আঁচনিৰ ধন প্ৰদান ব্যৱস্থা আৰু অধিক সহজ লভ্য কৰি তুলিবলৈ এই অৰুণোদয়...