আই পি ইউৰ ১৫৩ সংখ্যক সভা আৰু আনুষংগিক বৈঠকত অংশগ্ৰহণৰ বাবে ৰাজ্যসভাৰ ভাৰতীয় সংসদীয় প্ৰতিনিধিৰ দল তাঞ্জানিয়ালৈ ৰাওনা

ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশৰ নেতৃত্বত এটা ভাৰতীয় সংসদীয় প্ৰতিনিধিৰ দল অহা ৫ ৰ পৰা ৯ অক্টোবৰলৈ হ’বলগীয়া আন্তঃসংসদীয় সংঘ আই পি ইউৰ ১৫৩ সংখ্যক সভা আৰু আনুষংগিক বৈঠকত অংশগ্ৰহণৰ বাবে তাঞ্জানিয়ালৈ ৰাওনা হৈছে।

প্ৰতিনিধি দলটোৱে সাম্প্রতিক বিশ্বৰ প্ৰাসংগিক বিষয়সমূহ সন্দৰ্ভত বিস্তৃত বৈঠক, আলোচনা আৰু কৰ্মশালাত অংশগ্ৰহণ কৰি এই বিষয়সমূহৰ সম্পৰ্কত ভাৰতৰ দৃষ্টিভংগী প্ৰকাশ কৰিব। শ্ৰী হৰিবংশে প্ৰশাসনীয় পৰিষদ, সাধাৰণ বিতৰ্ক, জৰুৰীকালীন বিষয় সম্পৰ্কীয় বিতৰ্ক আৰু আই পি ইউৰ অধ্যক্ষ পদৰ প্ৰাৰ্থীসকলৰ সৈতে মত-বিনিময় কার্যসূচীত অংশগ্রহণ কৰিব।

ভাৰতীয় প্ৰতিনিধি দলৰ সদস্যসকলে গণতন্ত্ৰ আৰু মানৱ অধিকাৰ, শান্তি আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা, বহনক্ষম উন্নয়ন, মহিলাৰ অংশগ্রহণ, বিজ্ঞান আৰু প্ৰযুক্তি সম্পৰ্কীয় আলোচনাত অংশগ্রহণ কৰিব।

ইয়াৰ উপৰি সন্ত্ৰাসবাদ প্ৰতিৰোধ, মানসিক স্বাস্থ্য,অত্যাৱশ্যকীয় খনিজ পদাৰ্থ, কৃত্রিম বুদ্ধিমত্তা আৰু কৰ্মৰ ভৱিষ্যত, সামুদ্রিক সুৰক্ষা, জলবায়ু পৰিৱৰ্তন তথা পাহাৰ আৰু সাগৰীয় পৰিৱেশ তন্ত্ৰৰ সুৰক্ষা আদি বিষয়সমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।