কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি

বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ মিহিমুখত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখন ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে।

এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে বন বিভাগ আৰু পৰ্যটন বিভাগে বর্ধিত পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাথনিৰ উন্নয়ন, বৰ্তমানৰ সুবিধাসমূহৰ আধুনিকীকৰণ আৰু নতুন আকর্ষণ সংযোজনৰ দিশত যৌথভাৱে কাম কৰি যাব।

প্ৰাৰম্ভিক বুকিং আৰু পৰ্যটকৰ সহায় লৈ চাই এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অভিলেখ সংখ্যক পৰ্যটনৰ আগমন ঘটিব বুলি তেওঁ আশা প্ৰকাশ কৰে। পৰ্যটনৰ বিকাশ যাতে স্থানীয় লোকৰ বাবে অধিক অর্থনৈতিক সুযোগলৈ ৰূপান্তৰিত হয়, সেই বিষয়ে গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অধিক সংখ্যক স্থানীয় লোকে যাতে পর্যটনকেন্দ্রীক কাম-কাজৰ জৰিয়তে স্বাৱলম্বি হ’ব পাৰে আৰু জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰে তাৰ বাবে প্ৰয়াস চলাই আছে। তেওঁ লগতে বন আৰু পৰ্যটন বিভাগে কাজিৰঙাৰ সমীপৱৰ্তী অন্যান্য আকর্ষণীয় স্থানসমূহক সামৰি নতুন পর্যটন চার্কিট গঢ়ি তোলাৰ বাবে কাম কৰি আছে বুলি প্ৰকাশ কৰে।

বন্যপ্ৰাণী সংৰক্ষণে কাজিৰঙাৰ পৰ্যটনৰ মূল ভেটি বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিখ্যাত এটা খৰ্গযুক্ত গঁড়ে দেশ-বিদেশৰ পৰ্যটকৰ মূল আকৰ্ষণ।

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ বাবে গঁড় হত্যাৰ ঘটনা প্রায় নোহোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই সংৰক্ষণ প্ৰচেষ্টাই কাজিৰঙাক বিশ্ব পৰ্যটনৰ মানচিত্ৰত অনন্য মাত্ৰা প্ৰদান কৰিছে।

আজিৰ উদ্বোধনী অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে। উদ্যানখনত আজিৰে পৰা জীপ চাফাৰী সেৱা আৰম্ভ হৈছে।

যাৱতীয় প্ৰস্তুতিৰ সম্পূৰ্ণ হোৱাৰ পিছত অহা ১০-২০ দিনৰ ভিতৰত হাতী চাফাৰী সেৱাও পুনৰ আৰম্ভ কৰা হব বুলি কোৱা হৈছে।

কাজিৰঙাৰ দুৱাৰ মুকলি কাৰ্যসূচীৰ পাছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৰণ্য মানৱ খ্যাত যাদৱ পায়েঙৰ স্বাস্থ্যৰ বুজ লয়।

তেওঁ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকসকলৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ সৈতে পায়েঙৰ চিকিৎসাৰ বিষয়ে আলোচনা কৰে। তেওঁ লগতে পদ্মশ্ৰী সন্মানেৰে সন্মানিত পায়েঙৰ আশু আৰোগ্য কামনা কৰে।